স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ কৌশল পৰ্যালোচনা কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

ক’ভিড-১৯য়ে সৃষ্টি কৰা ভিতি মষিমূৰ কৰাৰ বাবে উন্নত বৈজ্ঞানিক সমাধান সূত্ৰ আৱিষ্কাৰৰ ক্ষেত্ৰত আন্তঃ বিভাগীয় প্ৰয়াস অধিক ফলপ্ৰসূ হ’ব : ড০ হৰ্ষ বৰ্দ্ধন

ৰোগ প্ৰবন্ধনৰ সমান্তৰালকৈ ক’ভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা উদ্ভাৱন সম্পৰ্কীয় গৱেষণা অব্যাহত থকা উচিত- ড০ হৰ্ষ বৰ্দ্ধন

Posted On: 31 MAR 2020 1:09PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে কালি ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ(আইচিএমআৰ), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ প্ৰযুক্তি আৰু চিএছআইআৰৰ জ্যেষ্ঠ বিষয়া বৰ্গৰ সৈতে কভিড-১৯ৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ কৌশল সন্দৰ্ভত পৰ্যালোচনা কৰে। ৰোগ পৰীক্ষণৰ বাবে ব্যৱহৃত বিভিন্ন ৰি-এজেণ্ট, ৱেব-ছাইট ইণ্টিগ্ৰেশ্যন, ডাটা মেনেজমেণ্ট আৰু বিশ্লেষণ, ডেছবোৰ্ড, সম্পাদিত আৰু পৰিকল্পিত গৱেষণা সন্দৰ্ভত তেওঁলোকে বিস্তৃত আলোচনাত মিলিত হয়।

ইফালে  ড০ হৰ্ষ বৰ্দ্ধনে কয় যে পুৱা তেওঁ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে সংযোজিত হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত তথ্য অৱগত কৰাৰ লগতে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শেহতীয়া পৰিস্থিতি আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ সকলো ৰাজ্যকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দোহাৰে। প্ৰসংগক্ৰমে তেওঁ কভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধমূলক অভিযানৰ লগতে আক্ৰান্তক নিৰীক্ষণ, সাম্ভাৱ্য আক্ৰান্তক প্ৰভাৱশালীভাবে অনুসৰণ কৰাৰ বাবে বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ বাবে দেশৰ ৰাজ্যসমূহক ভূয়সী প্ৰশংসা কৰে।

এই আলোচনা কালত আইচিএমআৰ মহা-নিৰ্দেশকে তথ্য দাঙি ধৰি কয় যে এই মুহূৰ্তত প্ৰতি দিনে ১৩০০০টা পৰীক্ষা সম্পন্ন কৰিব সাৰ্মথ্য থকা ১২৯টা চৰকাৰী আৰু ৪৯টা ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰে কাৰ্যনিৰ্বাহ কৰি আছে। ইফালে নমুনা সংগ্ৰহৰ বাবে ব্যক্তিগত শৃংখলত প্ৰায় ১৬০০০টা সংগ্ৰহ-কেন্দ্ৰ আছে। যিকোনো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ পৰ্যাপ্ত সংখ্যক পৰীক্ষণ কিট সংগ্ৰহ কৰা হৈছে আৰু এইসমূহ ইতিমধ্যে ৰাজ্যসমূহৰ মাজত বিতৰণ কৰি দিয়া হৈছে। প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে ইতিমধ্যে ৰেপিড এণ্টিবডী কিট সংগ্ৰহৰ বাবে বিধি অনুযায়ী ফৰ্মাইচ দিয়া হৈছে। এই পৰ্যন্ত দেশৰ ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰকেইটাই সম্পন্ন কৰা ১,৩৩৪টা পৰীক্ষণকে ধৰি দেশত ৩৮,৪৪২টা পৰীক্ষণ সম্পন্ন কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে কভিড-১৯ক চম্ভালিব পৰাকৈ ব্যৱস্থাৰ উদ্ভাৱন কৰাৰ বাবে অব্যাহত থকা আৰু পৰিকল্পনা পৰ্যায়ত থকা গৱেষণা সন্দৰ্ভত আলোচনা কৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিবগৰাকীৰ সৈতে।

আলেচনাকালত সচিবগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে, ৰোগ বিশ্লেষণ, ঔষধ, ভেণ্টিলেশ্যন, প্ৰটেকশ্যন গিয়েৰ, বিজাণুনাশক আদিৰ ক্ষেত্ৰত প্ৰযুক্তি উদ্ভাৱন, গৱেষণা আৰু বিভিন্ন পৰ্যায়ত কাম কৰি থকা ৫০০ৰো অধিক ষ্টাৰ্ট আপ প্ৰতিষ্ঠান, বৌদ্ধিক নিকায়, গৱেষণা আৰু উন্নয়ণ সংস্থা ইতিমধ্যে চিনাক্ত কৰি উলিওৱা হৈছে। শেহতীয়া সপ্তাহটোত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক পুঁজিৰ আহ্বান জনাই আগবঢ়োৱা ২০০ৰো অধিক প্ৰস্তাৱ লাভ কৰা হৈছে আৰু কভিড-১৯ৰ সমাধানৰ ক্ষেত্ৰত থকা প্ৰাসংগিকতা, ব্যয় সাপেক্ষতা, কাম কৰাৰ গতিবেগ আৰু সমাধান সূত্ৰৰ মান আদি বিষয়সমূহ পৰ্যালোচনা কৰি প্ৰথম পৰ্যায়ৰ সহযোগিতা প্ৰদান কৰাৰ বাবে ইয়াৰে ২০টাৰো অধিক প্ৰতিষ্ঠানৰ নাম সক্ৰিয়তাৰে বিবেচনা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ডিএছটি-ৰ সচিব ড০ ৰেণু স্বৰুপে।

ইফালে স্বাস্থ্য সুৰক্ষাৰ প্ৰত্যাহ্বান চম্ভালি লব পৰাকৈ চিকিত্সা সা-সৰঞ্জাম, ৰোগ বিশ্লেষক উপকৰণ, থেৰাপিউটিক, ঔষধ আৰু প্ৰতিষেধক আদি বিকশিত কৰাৰ লগতে চিকিত্সা সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে জৈৱ-প্ৰযুক্তি বিভাগে ইতিমধ্যে এটা কন্সৰটিয়াম স্থাপন কৰিছে বুলিও ড০ স্বৰুপে তথ্য দঙি ধৰে। ইফালে পুনেৰ এটা ষ্টাৰ্ট আপ প্ৰতিষ্ঠানে থলুৱা ভাবে প্ৰস্তুত কৰা মাস্কৰ উত্পাদনশীলতা বৃদ্ধিৰ দিহা কৰাৰ পিছত এতিয়া প্ৰতিষ্ঠানটোৱে প্ৰতি সপ্তাহত প্ৰায় একলাখ মাস্ক প্ৰস্তুত কৰি উলিয়াব পৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে থলুৱা ভাবে বিকশিত কৰা ভেণ্টিলেটৰ, পৰীক্ষণ কিট, ইমেজিং সা-সৰঞ্জাম আৰু আল্ট্ৰাছাউণ্ড আৰু হাই এণ্ড ৰেডিঅলজী উপকৰণ উত্পাদন কৰাৰ লক্ষ্যৰে বিশাখাপট্টনমত স্থাপন কৰা এটা উত্পাদন গোটে এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰাই উত্পাদন আৰম্ভ কৰিব। ইতিমধ্যে ভাৰতৰ ঔষধ মহানিৰ্দেশকে জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত বিকশিত আৰু অধিসূচিত কৰা ৰেপিড ৰেছপন্স ৰেগুলেটৰী ফ্ৰেমৱৰ্কৰ আধাৰত ৰোগ বিশ্লেষক ঔষধ আৰু প্ৰতিষেধক আদিৰ বাবে প্ৰয়োজনীয় অনুমোদন প্ৰক্ৰিয়া খৰতকীয়া কৰিব পৰা যাব। প্ৰতিষেধক বিকশিত কৰাৰ বাবে তিনিটা ভাৰতীয় প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াই আছে। ইফালে থেৰাপিউটিক আৰু ঔষধ বিকশিত কৰাৰ বাবেও গৱেষণা আৰম্ভ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

আলোচনা কালত চিএছআইআৰ-ৰ মহা নিৰ্দেশক ড০ শেখৰ মান্দেই তথ্য দাঙি ধৰি কয় যে, কভিড-১৯ৰ সমাধান সূত্ৰ আৱিষ্কাৰৰ বাবে চিএছআইআৰ-য়ে পাঁচদফীয়া ৰণ-কৌশল গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ ভিতৰত আছে—ডিজিটেল আৰু মলিকুলাৰ পদ্ধতি ব্যৱহাৰ কৰি নিৰীক্ষণৰ ব্যৱস্থা কৰা। এই ব্যৱস্থাত সমগ্ৰ দেশৰ ভাইৰাছ ষ্ট্ৰেইনৰ জিনম ছিকুৱেন্সিংৰ লগতে কম খৰছী, দ্ৰুত আৰু যথাৰ্থ ৰোগ বিশ্লেষণ প্ৰক্ৰিয়া, ঔষধৰ পুনৰ-গ্ৰহণীয়তা আৰু নতুন ঔষধৰ বিকাশ আদিকো সামৰি হস্তক্ষেপন কৌশল গ্ৰহণ কৰা, চিকিত্সালয়ৰ সহযোগিতা সা-সৰঞ্জাম আদিৰ বাবে গৱেষণা-উন্নয়ন তথা কভিড-১৯ প্ৰশমিত কৰাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ উন্নত যোগান-শৃংখল আৰু প্ৰবন্ধন ব্যৱস্থা বিকশিত কৰা। উল্লিখিত কৌশলসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ব্যক্তিগতখণ্ডৰ সহযোগিতা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে, ৰোগ প্ৰবন্ধনৰ সমান্তৰালকৈ  কভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা উদ্ভাৱন সম্পৰ্কীয় গৱেষণাও অব্যাহত থকা উচিত বুলি অভিমত ব্যক্ত কৰে। তেওঁ দেশৰ বিজ্ঞানীসকলক দেশৰ লগতে সমগ্ৰ পৃথিৱীৰ বাবেও সমাধানসূত্ৰ আৱিষ্কাৰ কৰিবলৈ আহোপুৰুষাৰ্থ কৰাৰ গোঁহাৰি জনায়।

আলোচনাত আইচিএমআৰ’-ৰ মহা নিৰ্দেশক ড০ বলৰাম ভাৰ্গৱ, ‘ডিবিটি’-ৰ সচিব ড০ ৰেণু স্বৰূপ, ‘চিএছআইআৰ’-ৰ মহা নিৰ্দেশক ড০ শেখৰ মান্দে, ‘ডিএছটি’-ৰ সচিব ড০ আশুতোষ শৰ্মা, ‘চিএছআইআৰ’-‘আইজিবি’-ৰ সঞ্চালক অনুৰাগ আগৰৱাল, ‘আইচিএমআৰ’, ‘এমএছ’-ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰমন আৰ গংগাখেডকাৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া আৰু বিজ্ঞানীসকল উপস্থিত থাকে।

*****

MV/KB



(Release ID: 1609630) Visitor Counter : 137