অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেশৰ পূৱ আৰু দক্ষিণ প্ৰান্তলৈ চিকিৎসা সামগ্ৰী কঢ়িয়াইছে কাৰ্গো বিমানে; জৰুৰীকালীন সামগ্ৰী যোগানৰ ক্ষেত্ৰত ব্যক্তিগত বিমান পৰিবহন সংস্থাৰো সহায়ৰ হাত

Posted On: 31 MAR 2020 10:50AM by PIB Guwahati

 

৩০ মাৰ্চ, ২০২০ তাৰিখে দেশৰ দক্ষিণ, পূৱ আৰু উত্তৰ-পূৱ প্ৰান্তলৈ চিকিৎসা সামগ্ৰীৰ কঢ়িওৱাৰ বাবে কাৰ্গো বিমান ব্যৱহাৰ কৰা হৈছে। বিমান চালনাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে -

লাইফলাইন ১ – এয়াৰ ইণ্ডিয়াৰ বিমান A320 মুম্বাই-নতুন দিল্লী-বেঙ্গালুৰু-মুম্বাই পথেৰে সম্পন্ন কৰিছে যাত্ৰা, এই যাত্ৰাত বিমানখনে ৬৫৯৩ কিলোগ্ৰাম এইচএলএলৰ কনছাইনমেণ্ট কঢ়িয়াই নিয়াৰ উপৰি নাগালেণ্ডৰ বাবে ভেণ্টিলেটৰ মাস্ক, কেৰেলা আৰু কৰ্ণাটকৰ বাবে পৃথক পৃথক কনছাইনমেণ্ট, মেঘালয়ৰ বাবে বাইপাপছৰ কনচাইনমেণ্ট আৰু কইণ্বাটোৰৰ বাবে ৰেচম মন্ত্ৰালয়ৰ কনছাইনমেণ্ট কঢ়িয়াইছে।

লাইফলাইন - ভাৰতীয় বায়ু সেনাৰ বিমানে হিণ্ডন – ডিমাপুৰ – ইম্ফল – গুৱাহাটী পথেৰে যাত্ৰা কৰিছে, এই যাত্ৰাত শ্বিলংৰ বাবে এইচএলএল আৰু আইচিএমআৰৰ কনছাইনমেণ্ট কঢ়িয়াইছে।

ইফালে ব্যক্তিগত বিমান পৰিবহন সংস্থা ক্ৰমে ইণ্ডিগ’, স্পাইচজেট আৰু ব্লুডাৰ্টেও জৰুৰীকালীন সেৱাৰ বাবে বাণিজ্যিক ভিত্তিত বিমান পৰিবহন সক্ৰিয় কৰি তুলিছে।

ইতিমধ্যে গুৰুত্বপূৰ্ণ অংশীদাৰসকলেৰে MoCA গোট গঠন কৰা হৈছে। কেন্দ্ৰ (Hub) আৰু উপকেন্দ্ৰ (spoke) লাইফলাইন সেৱাবোৰ আৰম্ভ কৰা হৈছে। দিল্লী, মুম্বাই, হায়দৰাবাদ, বাঙ্গালুৰু, কলকাতাত কাৰ্গো কেন্দ্ৰবোৰ সৃষ্টি কৰা হৈছে। কেন্দ্ৰসমূহে গুৱাহাটী, ডিব্ৰুগড়, আগৰতলা, আইজল, ইম্ফল, কইম্বাটোৰ, থিৰুৱনন্তপুৰমৰ উপকেন্দ্ৰলৈ সামগ্ৰীসমূহ প্ৰেৰণ কৰে।

 

ক্ৰমিক নং

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্স

ভাৰতীয় বায়ু সেনা

ইণ্ডিগ’

স্পাইচ জেট

কাৰ্যকৰী হৈ থকা বিমানৰ সংখ্যা

২৬..২০২০

০২

-

-

-

০২

০৪

২৭..২০২০

০৪

০৯

-

-

-

১৩

২৮..২০২০

০৪

০৮

-

০৬

-

১৮

২৯..২০২০

 

০৪ *

১০ *

০৬ *

--

-

২০

 

মুঠ বিমান সংখ্যা

১৪

২৭

০৬

০৬

০২

৫৫

* এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাৰ বিমানে লাডাখত সেৱা আগবঢ়াইছে যুটীয়াভাৱে।

২৬ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ২৯ মাৰ্চ, ২০২০ তাৰিখলৈ এইসমূহ বিমানে কঢ়িওৱা সামগ্ৰীৰ পৰিমাণ হৈছে ১০ টন। এই কাৰ্গোসমূহে মূলতঃ সামৰি লয় ক’ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন ৰিএজেণ্ট, এনজাইম, চিকিৎসা সঁজুলি, টেষ্টিং কিট আৰু পিপিই, মাস্ক, গ্লোভছ আৰু এইচএলএলৰ অন্যান্য সা-সামগ্ৰী আৰু এই কাৰ্গোসমূহ অভিগ্ৰহণ কৰে ৰাজ্য ৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে।

উল্লেখ্য যে মেডিকেল এয়াৰ কাৰ্গো বিশেষ ৱেবছাইট এটাও মুকলি কৰা হৈছে আৰু সম্পূৰ্ণ সাজু কৰি তোলা হৈছে। এই ৱেবছাইটটো অহা ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব। কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত ইয়াৰ লিংক উপলব্ধ হৈছে (www.civilaviation.gov.in).

সময়মতে সঠিক স্থানত প্ৰয়োজনীয় যোগান তথা সামগ্ৰীবোৰ যাতে প্ৰেৰণ কৰিব পাৰি তাৰ বাবে তথ্য বিনিময়, বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান আৰু ক্ষেত্ৰভিত্তিক কাৰ্য সম্পাদন দিনে নিশাই চলি আছে, যাতে ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজখন অধিক তীব্ৰতৰ আৰু ফলপ্ৰসূ কৰি তুলিব পৰা যায়।

*****

RJ/NG/RD



(Release ID: 1609590) Visitor Counter : 112