গ্ৰামোন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বৃদ্ধি কৰিলে এমজি-এনৰেগা কৰ্মীৰ বেতন, ২০ টকাকৈ গড়ে বৃদ্ধি

এমজি-এনৰেগা বেতন আৰু সামগ্ৰীৰ বকেয়া ধনৰ বাবে এই সপ্তাহত ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহলৈ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মুকলি কৰিছে ৪,৪৩১ কোটি টকা

Posted On: 31 MAR 2020 11:02AM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে এমজি-এনৰেগাৰ বেতনৰ নিৰিখ গড়ে ২০ টকাকৈ বৃদ্ধি কৰিছে৷

তাৰোপৰি গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বেতন আৰু সামগ্ৰীৰ বকেয়া ধনৰ বাবে উচ্চ অগ্ৰাধিকাৰবিশেষে পৰিশোধৰ দিশত অগ্ৰসৰ হৈছে৷ এই সপ্তাহত ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহলৈ চলিত বিত্তীয় বৰ্ষৰ বাবে ৪,৪৩১ কোটি টকা মুকলি কৰি দিছে আৰু বাকী ধনসমূহ ১৫ এপ্ৰিল ২০২০ তাৰিখৰ পূৰ্বে মুকলি কৰা হ’ব৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্য চৰকাৰলৈ ৭২১ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

****

APS/PK/MS/MANN




(Release ID: 1609544) Visitor Counter : 207