পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বাবে এলপিজি যোগানত কৰ্মৰত যোগান কৰ্মীসকললৈ ৫ লাখ টকাৰ অনুগ্ৰহ ৰাশিৰ ঘোষণা অ’এমচিৰ;
উক্ত প্ৰস্তাৱক আদৰণি শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
পোষ্ট কৰা হৈছে:
30 MAR 2020 5:25PM by PIB Guwahati
আইঅ’চিএল, বিপিচিএল আৰু এইচপিচিএল শীৰ্ষক তৈল উদ্যোগসমূহে ক’ভিড-১৯ৰ বাবে এলপিজি বিতৰণ শৃংখলাত কৰ্মৰত শ্ব’-ৰূম কৰ্মী, গুডামৰক্ষী, মেকানিক আৰু যোগান কৰ্মীসকললৈ প্ৰত্যেককে মৃত্যুজনিত পৰিঘটনাৰ বাবে ৫ লাখ টকাৰ এককালীন বিশেষ অনুগ্ৰহ ৰাশি ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷
লক্-ডাউনৰ সময়ছোৱাত এলপিজি এক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যোগান শৃংখলা অব্যাহত ৰাখিবলৈ বিভিন্ন লোকে কৰ্মৰত হৈ আছে৷
তৈল উদ্যোগসমূহৰ এই পদক্ষেপক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা বিভাগৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আদৰণি জনায়৷ টুইটাৰত তেওঁ এইদৰে লিখে, ‘‘ইণ্ডিয়ান অইল, বিপিচিএল আৰু এইচপিচিএলৰ মানৱীয় সিদ্ধান্তক আদৰণি জনাইছো৷ ইয়াৰ জৰিয়তে কৰ্মৰত লোকসকলে এই সংকটৰ সময়ত আগবঢ়োৱা সেৱাক পূৰ্ণ স্বীকৃতি দিয়া হৈছে৷আমাৰ কৰ্মীসকলৰ কল্যাণ অতিশয় আৱশ্যক, এই সাহায্যই ক’ৰনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজত কৰ্মচাৰীসকলৰ সুৰক্ষামূলক ব্যৱস্থাক সৱলীকৃত কৰিব৷’’
*****
YB/MANN
(ৰিলিজ আই ডি : 1609370)
অতিথি কক্ষ : 139