নৌ-পৰিবহন মন্ত্ৰালয়

বন্দৰত শ্বিপমেণ্টৰ আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত কণ্টেইনাৰ ৰাখি থোৱাৰ ক্ষেত্ৰত মাচুল আৰোপ নকৰিবলৈ পৰামৰ্শ শ্বিপিং লাইনলৈ

Posted On: 29 MAR 2020 2:09PM by PIB Guwahati

নৌবাহৰ মন্ত্ৰালয়ে শ্বিপিং লাইনসমূহক পৰামৰ্শ দিছে যে তেওঁলোকে যেন ২২ মাৰ্চৰ পৰা ১৪ এপ্ৰিল, ২০২০ তাৰিখৰ সময়ছোৱাত (দুয়োটা তাৰিখ অন্তৰ্ভুক্ত কৰি) আমদানি ৰপ্তানিৰ শ্বিপমেণ্টবোৰৰ ওপৰত কণ্টেইনাৰ ৰাখি থোৱাৰ বাবে কোনোধৰণৰ মাচুল আৰোপ নকৰে, সেয়া ইতিমধ্যেই আলোচনা মাধ্যমেৰে সাময়িক চৰ্তসাপেক্ষে একমত হোৱা অনুসৰি বিনামূলীয়াকৈ সময়ৰ ব্যৱস্থা কৰি দিয়াৰো পৰামৰ্শ দিয়া হৈছে। ভাৰতীয় সামূদ্ৰিক বন্দৰত সঠিক যোগান লাইন সক্ৰিয় কৰি ৰখাৰ বাবেই এই পৰামৰ্শ আগবঢ়োৱা হৈছে। এই সংশ্লিষ্ট সময়ছোৱাৰ ভিতৰত শ্বিপিং লাইনবোৰক কোনোধৰণৰ নতুন আৰু অতিৰিক্ত মাচুল আৰোপ নকৰাৰ পৰামৰ্শ দিয়া হৈছে। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ক’ভিড-১৯ ৰ প্ৰভাৱৰ দ্বাৰা সৃষ্টি হোৱা সাম্প্ৰতিক অৱৰোধৰ পৰা মুক্ত হোৱাৰ এক উপায়।

ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশতে ২৫ মাৰ্চ, ২০২০ তাৰিখৰ পৰা লকডাউন ঘোষণা কৰাৰ পিছত ডাউনষ্ট্ৰীম সেৱাসমূহত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছে, যাৰ ফলত বন্দৰবোৰৰ পৰা সামগ্ৰী লাভ কৰোতে কিছু পলম হৈছে। ইয়াৰ ফলতে, কিছুসংখ্যক কাৰ্গোৰ স্বত্ত্বাধিকাৰীয়ে হয়তো নিজৰ কাৰ্যাৱলী স্থগিত ৰাখিছে, অথবা সামগ্ৰী/কাৰ্গোসমূহৰ পৰিবহন কৰাত আৰু নিজ নিজ নথি-পত্ৰৰ কাম-কাজবোৰ সম্পূৰ্ণ কৰাত জটিলতাৰ সমূখীন হৈছে। ইয়াৰ ফলতে কোনো ভুল নকৰাকৈয়েই কণ্টেইনাৰবোৰ ৰাখি থ’বলগীয়া হৈছে। এই পৰামৰ্শ বাণিজ্য সুচল পৰিচালনা আৰু দেশত যোগান শৃংখলা অটুত ৰাখিবৰ বাবে সহায়ক হ’ব।

 

 

***

YKB/AP/RD



(Release ID: 1609179) Visitor Counter : 88