স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ স্বাস্থ্য কৰ্মীসকলৰ বাবে বীমা আঁচনি
प्रविष्टि तिथि:
29 MAR 2020 5:14PM by PIB Guwahati
ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা স্বাস্থ্য কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ঘোষণা কৰা বীমা আঁচনিক নিম্নোক্ত চৰ্তানুসৰি অনুমোদন জনোৱা হৈছেঃ
১. ইয়াৰ জৰিয়তে প্ৰায় ২২.১২ লাখ ৰাজহুৱা স্বাস্থ্য কৰ্মীক ৯০ দিনৰ বাবে ৫০ লাখ টকাৰ বীমাৰ সুবিধা দিয়া হ’ব৷ ইয়াত ক’ভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা স্বাস্থ্য কৰ্মীসকলো অন্তৰ্ভুক্ত থাকিব৷ ক’ভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছত হোৱা মৃত্যুজনিত পৰিঘটনাৰ বাবেও এই আঁচনি বাহাল থাকিব৷
২. অপ্ৰত্যাশিতজনিত পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰৰ চিকিৎসালয়, কেন্দ্ৰ/ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ স্বায়ত্বাধীন চিকিৎসালয়, এইমছ আৰু আইএনআই, কেন্দ্ৰ মন্ত্ৰালয়ৰ চিকিৎসালয়সমূহে অধিগ্ৰহণ কৰা ব্যক্তিগত চিকিৎসালৰ কৰ্মী/স্বেচ্ছাসেৱক/অৱসৰপ্ৰাপ্ত লোক/দৈনিক শ্ৰম কৰা লোক আদিয়ে ক’ভিড-১৯ সম্পৰ্কীয় দায়িত্ব বহন কৰিলে ইয়াৰ অধীনত অন্তৰ্ভুক্ত হ’ব৷
৩. এই বীমা আঁচনি হিতাধিকাৰীয়ে ইতিমধ্যে লাভ কৰি থকা আনবোৰ বীমা আঁচনিৰ অতিৰিক্ত হ’ব৷
*****
MV/MANN
(रिलीज़ आईडी: 1609139)
आगंतुक पटल : 296
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam