প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰেডিঅ’ জকীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ঐকৱদ্ধতাৰ সৈতে যোগাত্মক আচৰণে ক’ভিড-১৯ক প্ৰত্যাহ্বান জনাবঃ প্ৰধানমন্ত্ৰী

আৰ জেসকল লক্ষাধিক ভাৰতীয় পৰিয়ালৰ ঘৰৰ সদস্যৰ দৰে- তেওঁলোকে অৱশ্যেই ধনাত্মক বাৰ্তা প্ৰচাৰ কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী

স্থানীয় নায়কক উদগনি দিয়াৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰৱচ্ছিন্নভাৱে তেওঁলোকৰ অৱদানৰ বিষয়ে প্ৰচাৰ কৰা আৱশ্যকঃ প্ৰধানমন্ত্ৰী

২০১৪ চনৰ পৰা ‘মন কী বাত’ সম্প্ৰচাৰ কৰি অহা বাবে প্ৰধানমন্ত্ৰী আৰজে পৰিয়ালৰ ভাতৃৰ দৰে হৈ পৰিছে; ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৰাষ্ট্ৰবাসীৰ কণ্ঠস্বৰ হোৱাৰ শপত গ্ৰহণ

Posted On: 27 MAR 2020 6:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ৰেডিঅ’ জকী (আৰজে)সকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ আৰজেসকলে ক’ভিড-১৯ৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে৷ তেওঁ কয় যে লক্-ডাউন স্বত্বেও আৰজেসকলে নিজৰ দায়িত্ব ঘৰত থাকিও পালন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আৰজেসকল লক্ষাধিক ভাৰতীয় পৰিয়ালৰ ঘৰৰ সদস্যৰ দৰে৷ জনসাধাৰণে তেওঁলোকক শুনাই নহয়, অনুসৰণো কৰে৷ আৰজেসকলৰ অন্ধবিশ্বাস দূৰ কৰাটো কেৱল দায়িত্বই নহয়, লগতে জনসাধাৰণক ইয়াৰ বাবে উৎসাহিত কৰাটোও তেওঁলোকৰ দায়িত্ব৷ প্ৰধানমন্ত্ৰীয়ে আৰজেসকলক জনসাধাৰণে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়েও প্ৰচাৰ কৰিবলৈ আহ্বান জনায় যাতে চৰকাৰে সেই সমস্যাসমূহ সক্ৰিয়তাৰে সমাধান কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে আৰজেসকলক ধনাত্মক বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ যিসকল ৰোগীয়ে ক’ৰনা ভাইৰাছৰ কৱলৰ পৰা মুক্তি পাইছে তেনে ধৰণৰ বাতৰি প্ৰচাৰৰ জৰিয়তে দেশবাসীক ঐক্যৱদ্ধ হোৱাত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে আৰজেসকলক স্থানীয় নায়কসমূহ যেনে আৰক্ষী বিষয়া, চিকিৎসক, নাৰ্ছ, ৱাৰ্ড বয় ইত্যাদিসকলকো নিৰৱচ্ছিন্নভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত উৎসাহিত কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ খবৰৰ প্ৰচাৰৰ জৰিয়তে চিকিৎসক, স্বাস্থকৰ্মী আৰু বিমানকৰ্মীসকলে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি ভাবি তেওঁলোকৰ সৈতে কৰা সামাজিক দুৰ্ব্যৱহাৰজাতীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰা হ’ব৷ তাৰোপৰি জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী কৰ্মীসকলকো সহযোগিতা প্ৰদান কৰিবলৈ জনসাধাৰণক সজাগ কৰিবলৈ তেওঁ আৰজেসকলক আহ্বান জনায়৷ তেওঁ কয় যে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ১৩০ কোটি ভাৰতীয়ই ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱীৰ ভূমিকা গ্ৰহণ কৰা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই কঠিন সময়ছোৱাত দৰিদ্ৰসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপৰ কথা ঘোষণা কৰিছে৷ এই পদক্ষেপসমূহৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱাটো আৱশ্যক বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে এই ক্ষেত্ৰত আৰজেসকলে এই পদক্ষেপসমূহৰ বিষয়ে ঘোষণা কৰিব পাৰে আৰু সামাজিক দূৰত্বৰ গুৰুত্ব সম্পৰ্কেও উল্লেখ কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ৰেডিঅ’ত ‘মন কী বাত’ সম্প্ৰচাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত আৰজেসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ মাজৰে এজন বুলি মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীৰ ‘জনতা কাৰ্ফিউ’ৰ আহ্বান আৰু সন্মুখৰ শাৰীৰ যোদ্ধাসকলৰ বাবে কৰা উদ্ভাৱনীমূলক চিন্তাক আৰজেসকলে প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা সম্প্ৰচাৰক অল ইণ্ডিয়া ৰেডিঅ’ই উৰাবাতৰি ৰোধ কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে৷ তেওঁ আৰজেসকলক উৰাবাতৰিসমূহ ৰোধ কৰাৰ বাবে কাম কৰিবলৈ অনুৰোধ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আৰজেসকলে সমাজত গঠনাত্মক আৰু ধনাত্মক বাৰ্তা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ তেওঁ কয় যে ঐক্যৱদ্ধতাৰ সৈতে ধনাত্মক আচৰণেই হ’ল ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ মূল চাবি-কাঠি৷

আজিৰ এই বাৰ্তালাপত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবেও অংশগ্ৰহণ কৰে৷

*****

VRRK/KP/MANN



(Release ID: 1608648) Visitor Counter : 139