প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সতীশ গুজৰালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 27 MAR 2020 12:52PM by PIB Guwahati

সতীশ গুজৰালৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে আজি কয়, “সতীশ গুজৰাল জী আছিল বহুমুখী প্ৰতিভাধৰ। বিভিন্ন প্ৰতিকূলতা নেওচিও তেওঁ যি অধ্যৱসায় আৰু সৃষ্টিশীলতাৰে নিজক প্ৰতিষ্ঠা কৰিছিল, তাৰ বাবেই তেওঁ বহুতৰে বাবে আদৰ্শ হৈ ৰ’ব। তেওঁৰ বৌদ্ধিক জিজ্ঞাসাই তেওঁক বহু দূৰ আগুৱাই লৈ গৈছিল, বহু প্ৰসাৰতা প্ৰদান কৰিছিল যদিও তেওঁ তেওঁৰ শিপাৰ সৈতে সদায়েই জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছো। ঔঁম শান্তি।”

 

*****

VRRK/KP/RD


(ৰিলিজ আই ডি : 1608545) অতিথি কক্ষ : 126