শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰধানমন্ত্ৰী সাহায্য নিধিলৈ এমাহৰ দৰমহা দান কৰিব কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী শ্ৰী সন্তোষ গংগৱাৰে
Posted On:
27 MAR 2020 1:22PM by PIB Guwahati
কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী সন্তোষ গংগৱাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী সাহায্য নিধিলৈ নিজৰ এমাহৰ দৰমহা দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই কথা ঘোষণা কৰি শ্ৰী গংগৱাৰে কয়, ‘‘আমি সকলোৱে বিভিন্ন প্ৰকাৰে ক’ভিড-১৯ৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ নিজৰ অৱদান আগবঢ়াই আছো৷ এই পৰিপ্ৰেক্ষিতত মই মোৰ এমাহৰ দৰমহা প্ৰধানমন্ত্ৰী সাহায্য নিধিলৈ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷’’
শ্ৰী গংগৱাৰে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে জনসাধাৰণলৈ, বিশেষকৈ দৰিদ্ৰ আৰু কৰ্মীসকললৈ সময়মতে সাহায্য যোগানৰ দিশত অগ্ৰসৰ হৈছে৷
***
RCJ/ SKP/MANN
(Release ID: 1608531)
Visitor Counter : 108
Read this release in:
English
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam