বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত সামগ্ৰী, উৎপাদন আৰু অত্যাৱশ্যকীয় পণ্য-দ্ৰব্যৰ বিতৰণ তথা সৰবৰাহৰ স্থিতি নিৰীক্ষণ কৰিবলৈ ডিপিআইআইটিয়ে স্থাপন কৰিছে নিয়ন্ত্ৰণ কক্ষ

Posted On: 26 MAR 2020 10:24AM by PIB Guwahati

২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ জাৰি কৰা লকডাউনৰ সময়ছোৱাত সৰ্বসাধাৰণৰ মাজত সামগ্ৰী, উৎপাদন আৰু অত্যাৱশ্যকীয় পণ্য-দ্ৰব্যৰ বিতৰণ আৰু সৰবৰাহ তথা বিভিন্ন ব্যৱসায়ীয়ে সন্মুখীন হোৱা জটিলতাৰ স্থিতি নিৰীক্ষণ কৰিবলৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনষ্ঠ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগে(ডিপিআইআইটি) এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷ এই সময়ছোৱাত সামগ্ৰী বিতৰণ কৰোতে অথবা অনা-নিয়া কৰোতে তৃণমূল পৰ্যায়ত যিকোনো সমস্যাৰ সন্মুখীন হ’লে উৎপাদনকাৰী, পৰিবহণকাৰী, বিতৰক, পাইকাৰী বিক্ৰেতা আৰু ই-কমাৰ্চ কোম্পানীসমূহে বিভাগৰ সৈতে নিম্নোক্ত টেলিফোন নম্বৰ অথবা ইমেইলত যোগাযোগ কৰিব পাৰে—

টেলিফোন: + ৯১-১১২৩০৬২৪৮৭

ইমেইল : controlroom-dpiit[at]gov[dot]in

টেলিফোন নম্বৰটো পুৱা ৮বজাৰ পৰা সন্ধিয়া ৬বজালৈ কাৰ্যকৰী হ’ব৷ বিভিন্ন ব্যৱসায়ীয়ে দাখিল কৰা সমস্যাসমূহ বিভাগে সংশ্লিষ্ট ৰাজ্য চৰকাৰ, জিলা আৰু আৰক্ষী কৰ্তৃপক্ষ তথা আন সংশ্লিষ্ট সংস্থাৰ সৈতে আলোচনা কৰিব৷

******

YB/MS



(Release ID: 1608311) Visitor Counter : 181