কেবিনেট

অতি গুৰুত্বপূর্ণ প্রাৰম্ভিক সামগ্রী/ঔষধজনিত সামগ্রী তথা সক্রিয় ঔষধ সামগ্রীৰ দেশীয় উৎপাদন বৃদ্ধিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 21 MAR 2020 4:20PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত আঁচনিসমূহত অনুমোদন জনাইছেঃ


i) অহা পাঁচ বছৰত হাজাৰ কোটি টকা ব্যয়েৰে তিনিটা বাল্ক ড্রাগ পার্কত অভিন্ন আন্তঃগাঁথনিমুলক সা-সুবিধা গঢ়ি তোলাৰ বাবে বাল্ক ড্রাগ পার্ক ক্ষেত্রত সাহ যোগোৱা৷

ii) অহা বছৰত ৬,৯৪০ কোটি টকা ব্যয়েৰে দেশত অতি গুৰুত্বপূর্ণ প্রাৰম্ভিক সামগ্রী বা ঔষধজনিত সামগ্রী তথা সক্রিয় ঔষধ সামগ্রীৰ ঘৰুৱা পাদন বৃদ্ধিৰ বাবে পাদনভিত্তিক সাহদান আঁচনি(পিএলআই)৷

সবিশেষঃ

ক৷ বাল্ক ড্ৰাগ পাৰ্ক বৃদ্ধি

  1. কেবিনেট বৈঠক এইটোও সিদ্ধান্ত লোৱা হয় যে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰ ভিত্তিত দেশত তিনিটা বৃহ বাল্ক ড্রাগ পার্ক নিৰ্মাণ কৰা হ’ব৷
  2. কেন্দ্রীয় চৰকাৰে এককালীন অনুদান হিচাপে ৰাজ্যসমূহক প্ৰতিখন বাল্ক ড্রাগ পার্ক নিৰ্মাণত সর্বাধিক হাজাৰ কোটি টকা প্ৰদান কৰিব৷
  3. এই পার্কসমূহত ছলভেণ্ট ৰিক’ভাৰি প্লাণ্ট, ডিষ্টিলেশ্যন প্লাণ্ট, পাৱাৰ এণ্ড ষ্টীম ইউনিট, কমন এফিলুয়েণ্ট ট্রিটমেণ্ট প্লান্টৰ দৰে অভিন্ন সা-সুবিধা থাকিব৷
  4. অহা পাঁচ বছৰত এই কর্মসূচীৰ বাবে হাজাৰ কোটি টকা অনুমোদন জনোৱা হৈছে।

পাদনভিত্তিক উসাহদান আঁচনি

  1. ২০১৯-২০ক ভিত্তিবর্ষ হিচাপে ধৰি অহা বছৰত বিক্রী বৃদ্ধি কৰা বাবে চিহ্নিত ৫৩টা গুৰুত্বপূর্ণ বাল্ক ড্রাগ পাদকৰ আর্থিক সাহ প্ৰদান কৰা হ’ব৷
  2. চিহ্নিত এই ৫৩টা বাল্ক ড্রাগ পাদকৰ ভিতৰত ২৬টা হ’ব ফার্মেণ্টেশ্যনভিত্তিক বাল্ক ড্রাগ তথা ২৭টা হ’ব কেমিকেল ছিন্থেচিচিভিত্তিক বাল্ক ড্রাগ৷
  3. ফার্মেণ্টেশ্যনভিত্তিক বাল্ক ড্রাগ পাদকৰ বাবে সাহৰ পৰিমাণ হ’ব ২০ শতাংশ আৰু সেই কেমিকেল ছিন্থেচিচভিত্তিক বাল্ক ড্রাগ পাদকৰ বাবে সাহ যোগানৰ হাৰ হ’ব ১০ শতাংশ।
  4. অহা আঠ বছৰত এই শিতানত ৬,৯৪০ কোটি টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছে৷

প্ৰভাৱঃ

বাল্ক ড্ৰাগ পাৰ্ক বৃদ্ধিঃ

কেবিনেটৰ এই সিদ্ধান্তৰ ফলত দেশত বাল্ক ড্রাগ পাদন খৰচ হ্ৰাস কৰাৰ লগতেয অন্য দেশৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰিব৷

পাদনভিত্তিক উসাহদান আঁচনিঃ

  1. এই আঁচনিয়ে নিৰ্দিষ্ট অতি গুৰুত্বপূর্ণ প্রাৰম্ভিক সামগ্রী বা ঔষধজনিত সামগ্রী তথা সক্রিয় ঔষধ সামগ্রীৰ ঘৰুৱা পাদন বৃদ্ধিৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ঘৰুৱা সামগ্ৰী বহনক্ষম যোগান সুনিশ্চিত কৰি আন দেশৰ পৰা আমদানিৰ ক্ষেত্ৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব৷
  2. তদুপৰি, বাল্ক ড্রাগৰ বিক্রীৰ পৰিমাণ আনুমানিক ৪৬,৪০০ কোটি টকালৈ বৃদ্ধি কৰি হ’ব৷ ইয়াৰ ফলত অহা আঠ বছৰত ব্যাপক কর্মসংস্থাপন সৃষ্টি হ’ব৷

ৰূপায়ণঃ

বাল্ক ড্ৰাগ পাৰ্ক বৃদ্ধিঃ

সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে ৰূপায়ণকাৰী কর্তৃপক্ষ গঠনৰ জৰিয়তে এই প্ৰকল্প ৰূপায়ণ কৰিব, যাতে দেশত তিনিটা বৃহ বাল্ক ড্রাগ পার্ক গঢ়ি তোলাৰ লক্ষ্যত উপনীত হয়৷

পাদনভিত্তিক উসাহদান আঁচনিঃ

কেন্দ্রীয় ফার্মাচিউটিকেল বিভাগ উপাদনভিত্তিক সাহদান কর্মসূচী ৰূপায়ণৰ দায়িত্বত থাকিব৷ এই কর্মসূচী কেৱল চিহ্নিত সেই ৫৩টা অতি গুৰুত্বপূর্ণ প্রাৰম্ভিক সামগ্রী বা ঔষধজনিত সামগ্রী তথা সক্রিয় ঔষধ সামগ্রী পাদক সংস্থাসমূহ ক্ষেত্রতহে প্ৰযোজ্য হ’ব৷

লাভালাভ:

  1. ৩টা বাল্ক ড্রাগ পার্ক গঢ়ি তোলাৰ যি কর্মসূচী গ্ৰহণ কৰা হৈছে, তাৰ জৰিয়তে অভিন্ন আন্তঃগাঁথনিমুলক সা-সুবিধা গঢ়ি তোলা হ’ব৷
  2. দেশত এই ধৰণৰ বৃহ বাল্ক ড্রাগ পার্ক গঢ় লৈ উঠিলে পাদন ব্যয়ৰ লগতে আমদানিৰ ওপৰতো নির্ভৰশীলতা হ্ৰাস পাব৷

পটভূমিঃ

উল্লেখ্য যে ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগ আকাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ৷ সত্তেও সামগ্ৰী উপাদনত ব্যৱহূত কেতবোৰ কেঁচা সামগ্ৰী আন দেশৰ পৰা আমদানি কৰিব লাগে৷ কেতবোৰ সামগ্ৰীৰ বাবে ৮০ৰ পৰা ১০০%লৈকে আন দেশৰ ওপৰত নিৰ্ভৰশীল হয় ভাৰত৷

নাগৰিকৰ সুলভ স্বাস্থ্য সেৱাৰ বাবে ঔষধ যোগানৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো অতি প্ৰয়োজন৷ এই ক্ষেত্ৰত যিকোৱো বাধা আহিলেই ঔষধৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰে, যিটো দেশৰ সামগ্ৰিক অৰ্থনীতিৰ সৈতে জড়িত৷ বাল্ক ড্ৰাগ নিৰ্মাণত আত্ম-নিৰ্ভৰশীলতা অত্যাৱশ্যকীয়৷

***

VRRK/AK/DB



(Release ID: 1608286) Visitor Counter : 219