প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ দিশক লৈ দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 24 MAR 2020 8:57PM by PIB Guwahati

নমস্কাৰ!

মোৰ প্ৰিয় দেশবাসী,

ক’ৰোনা বিশ্ব মহামাৰীৰ সন্দৰ্ভত আলোচনা কৰিবলৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছো৷

২২ মাৰ্চত আমি জনতা কাৰ্ফিউৰ সংকল্প লৈছিলো৷ এক দেশ হিচাপে ইয়াক সফল কৰি তোলাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই সম্পূৰ্ণ দায়বদ্ধতা আৰু সচেতনতাৰে বৰঙণি আগবঢ়ালে৷

শিশুৰ পৰা বৃদ্ধলৈ, ডাঙৰৰ পৰা সৰুলৈ, দৰিদ্ৰ-মধ্যবিত্তৰ পৰা উচ্চ শ্ৰেণীলৈ, প্ৰত্যেকেই এই সংকটকালত ঐক্যবদ্ধ হৈছে৷

প্ৰতিগৰাকী ভাৰতীয়ই জনতা-কাৰ্ফিউ সফল কৰি তুলিলে৷

এদিনৰ জনতা কাৰ্ফিউৰ জৰিয়তে ভাৰতে প্ৰমাণ কৰিলে যে দেশৰ সংকট কালত, মানৱ জাতিৰ সংকট কালত কেনেকৈ প্ৰতিগৰাকী ভাৰতীয়ই ইয়াক মোকাবিলা কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰে৷

জনতা কাৰ্ফিউ সফল কৰি তোলাৰ বাবে আপোনালোক সকলোৱেই ধন্যবাদৰ পাত্ৰ৷

বন্ধুসকল,

আপোনালোক সকলোৱেই ক’ৰোনা বিশ্ব মহামাৰীৰ সন্দৰ্ভত শুনাৰ লগতে বাতৰিবোৰ চাইছে৷

আপোনালোকে এইটো গম পাইছে, বিশ্বৰ আটাইতকৈ উন্নত দেশবোৰে এই মহামাৰীত কিদৰে সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছে৷

এইটো নহয় যে এই দেশসমূহে কোনো উপযুক্ত পদক্ষেপ লোৱা নাছিল বা তেওঁলোকৰ সম্পদৰ অভাৱ আছিল৷

সকলো প্ৰস্তুতি চলোৰাৰ পাছতো ক’ৰোনা ভাইৰাছ ইমান দ্ৰুতগতিত সংক্ৰমণ হ’ল যে এই দেশসমূহে সংকটৰ মোকাবিলা কৰাটো কঠিন হৈ পৰিল৷

এইবোৰ দেশৰ দেখা পৰিস্থিতিক লৈ বিগত দুমাহ জুৰি হোৱা বিশ্লেষণ আৰু বিশেষজ্ঞৰ মতামতে প্ৰমাণ কৰিছে যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে মোকাবিলা কৰাৰ ফলপ্ৰসু ব্যৱস্থাটোৱেই হৈছে-সামাজিক দুৰত্ব বজাই ৰখা৷

অৰ্থা আনৰ পৰা শাৰিৰীক দুৰত্ব বজাই ৰখা আৰু নিজৰ ঘৰতে সোমাই থকা৷

ক’ৰোনা ভাইৰাছৰ পৰা বাছি থকাৰ আন কোনো উপায় নাই৷

যদি আমি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব বিচাৰো, তেন্তে আমি ইয়াৰ সংক্ৰমণৰ শৃংখলা ভাঙিব লাগিব৷

একাংশ লোকৰ মনত ধাৰণা হৈছে আছে যে কেৱল অসুস্থ লোকৰ পৰাহে সামাজিক দুৰত্ব বজাই ৰাখিব লাগে৷

এয়া সমুলি ভ্ৰান্ত ধাৰণা৷

প্ৰতিগৰাকী নাগৰিকৰ পৰা সামাজিক দুৰত্ব বজাই ৰখাটো জৰুৰী আৰু প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ মাজত৷

কাৰোবাৰ অসচেতনতাৰ বাবে, কাৰোবাৰ কাল্পনিক ধাৰণাই আপুনি, আপোনাৰ সন্তানক, আপোনাৰ পিতৃ-মাতৃ, আপোনাৰ পৰিয়াল, আপোনাৰ বন্ধু-বৰ্গ তথা সমগ্ৰ দেশবাসী এক মহাবিপদৰ সন্মুখীন হ’ব৷

এই অসাৱধানতা অব্যাহত থাকিলে ভাৰতে কিমান লোকচান ভৰিব লাগিব তাক কোনেও অনুমান কৰিব নোৱাৰিব৷

বন্ধুসকল,

বিগত দুটা দিনত দেশৰ একাধিক স্থানত লডাউন কৰা হৈছে৷

ৰাজ্য চৰকাৰসমূহে অতি শৃংখলাবদ্ধতাৰে এই প্ৰচেষ্টা গ্ৰহণ কৰা উচিত৷

স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞ আৰু অন্যান্য দেশৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত দেশে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷

ভালদৰে শুনিব আজি মাজনিশাৰে পৰা সমগ্ৰ দেশ সম্পূৰ্ণৰূপে লকডাউন কৰা হ’ব৷

আমাৰ দেশ, প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে কোনো লোকে তেওঁলোকৰ ঘৰৰ পৰা ওলাব নোৱাৰাকৈ মাজনিশাৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰতিখন জিলা, প্ৰতিটো পৌৰসভা, প্ৰতিখন গাওঁ, প্ৰতিটো অঞ্চল লকডাউন কৰা হৈছে৷

এয়া সান্ধ্য আইনৰ দৰে৷

এয়া জনতা কাৰ্ফিউতকৈ ওপৰত আৰু কঠোৰ৷

মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰু্দ্ধে যুঁজিবলৈ এয়া প্ৰয়োজনীয় পদক্ষেপ৷

এই লকডাউনৰ বাবে দেশে নিশ্চিতভাৱে অৰ্থনৈতিকভাৱে ক্ষতিৰ সন্মুখীন হ’ব৷

তথাপিও, মোৰ প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন বচাবলৈ ভাৰত চৰকাৰ, প্ৰতিখন ৰাজ্য চৰকাৰ, প্ৰতিটো স্থানীয় নিকায়ে সৰ্বাধিক গুৰুত্ব দিছে৷

সেয়েহে, এয়া মোৰ আপোনালোক সকলোৰে প্ৰতি অনুৰোধ এই যে আপোনালোক দেশৰ য’তেই আছে, তাতে থাকক৷

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই লডাউন ২১দিন ধৰি থাকিব৷

পৰৱৰ্তী ২১ দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ শৃংখলা ভংগ কৰাৰ বাবে অতি কমেও ২১টা দিন অতি গুৰুত্বপূৰ্ণ৷

যদি এই ২১দিনত পৰিস্থিতি চম্ভালিব পৰা নহয়, তেন্তে দেশ আৰু আপোনাৰ পৰিয়াল ২১ বছৰ পিছুৱাই যাব৷

যদি এই ২১দিনত পৰিস্থিতি চম্ভালিব পৰা নহয়, একাংশ পৰিয়াল চিৰদিনৰ বাবে নিঃশেষ হৈ যাব৷

সেইবাবে বাহিৰলৈ যোৱাটো কি এই ২১ দিনত পাহৰি যাওক৷ ঘৰতে থাকক, ভালদৰে থাকক৷

বন্ধুসকল,

আজিৰ সিদ্ধান্তই, দেশজোৰা কডাউনে আপোনাৰ ঘৰৰ দুৱাৰমুখত এডাল লক্ষ্ণণ ৰেখা আঁকি দিলে৷

আপুনি মনত ৰাখিব যে ঘৰৰ বাহিৰত দিয়া এটা খোজে ৰোনাৰ দৰে মাৰাত্মক মহামাৰী আপোনাৰ ঘৰলৈ মাতি আনিব পাৰে৷ আপুনি মনত ৰাখিব লাগিব যে কেইবাবাৰো ৰোনাৰ দ্বাৰা সংক্ৰমিত ব্যক্তি আৰম্ভণিতে সুস্থ যেনেই লাগে, তেওঁ যে সংক্ৰমিত ইয়াৰ কোনো লক্ষণ দেখা নাযায়৷

সেইবাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক, নিজৰ ঘৰতে থাকক৷

সেইদৰে, একাংশই চিয়েল মিডিয়াত নতুন নতুন কৌশলেৰে, বহু অভিনৱ কৌশলেৰে এটা কথা কৈ আছে৷ এখন বেনাৰ মোৰ অধিক পছন্দ হৈছে৷ মই আপোলোকক দেখুৱাব বিচাৰিছো৷ ৰোনা অৰ্থা কই ৰোড পৰ না নিকলে৷

বন্ধুসকল,

বিশেষজ্ঞসকলে এইটোও কৈছে যে আজি যদি কোনো ব্যক্তিৰ দেহত ৰোনা ভাইৰাছ সংক্ৰমণ হয়, তেন্তে তেওঁৰ শৰীৰত ইয়াৰ লক্ষণ পৰিলক্ষিত হওতে কেইবাদিনো লাগি যায়৷

এই সময়ছোৱাত তেওঁ জ্ঞাত-অজ্ঞাতে সেইসকল ব্যক্তিক সংক্ৰমিত কৰে, যিসকল তেওঁৰ সংস্পৰ্শলৈ আহে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে এই মহামাৰীৰ দ্বাৰা সংক্ৰমিত ব্যক্তিয়ে কেৱল এসপ্তাহ-দহ দিনত শ-শ লোকৰ শৰীৰত এই ভাইৰাছ বিয়পাব পাৰে৷

অৰ্থা ই বনজুইৰ দৰে বিয়পে৷

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া আন এক পৰিসংখ্যা অতি তাপৰ্যপূৰ্ণ৷

বন্ধুসকল,

সমগ্ৰ বিশ্বত প্ৰথম ১ লাখ লোকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হওতে ৬৭ দিন লাগিছিল৷

ইয়াৰ পাছত পৰৱৰ্তী ১ লাখ লোক কেৱল ১১ দিনতে সংক্ৰমিত হ’ল৷

ভাৱক, প্ৰথম ১ লাখ ৬৭ দিন আৰু পাছত কেৱল ১১ দিন, মুঠ ২ লাখ লোক৷

আনকি এইটো দেখা গৈছে যে পূৰ্বৰ ২ লাখ লোকৰ পৰা আন তিনি লাখ লোকলৈ এই ৰোগ কেৱল চাৰি দিনতে বিয়পিছে৷

আপোনালোকে কল্পনা কৰকছোন কিমান দ্ৰুতগতিত এই ৰোগ বিয়পে৷

যেতিয়া ই বিয়পিব লৈ আৰম্ভ কৰে, ইয়াক বাধা দিয়াটো কঠিন হৈ পৰে৷

বন্ধুসকল,

সেই বাবেই চীন, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, স্পেইন, ইটালী আৰু জাপানৰ দৰে দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিস্থিতি ৰোধ কৰাটো ইমান অনিয়ন্ত্ৰিত হৈ পৰে৷

এইটো কথাও  মনত ৰাখিব যে ইটালীয়েই বা আমেৰিকাই হওক, এই দুখন দেশৰ স্বাস্থ্য সেৱা বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হয়৷ কিন্তু ৰোনাৰ বাবে এই দেশে ৰোনাৰ প্ৰকোপ কমাব পৰা নাই৷

প্ৰশ্ন হয় এই পৰিস্থিতিত আশাৰ কিৰণ ?

উপায় কি, বিকল্প কি?

বন্ধুসকল,

ৰোনা নিৰ্মুল কৰাৰ বাবে আশাৰ কিৰণ, সেই দেশৰ পৰা লাভ কৰা অভিজ্ঞতা, যি ৰোনা কিছু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰি৷ সপ্তাহ সপ্তাহ ধৰি এই দেশৰ নাগৰিকসকল ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই, নাগৰিকসকলে এশ শতাংশ চৰকাৰী নিৰ্দেশনা পালন কৰিলে আৰু সেইবাবে একাংশ দেশে এই মহামাৰীৰ পৰা হাত সৰাৰ দিশে অগ্ৰসৰ হৈছে৷

আমিও এইটো মানি চলিব লাগিব, আমাৰ সন্মখুত এইটোৱেই একমাত্ৰ পথ-

আমি ঘৰৰ পৰা বাহিৰলৈ নোলাও,

লাগিলে যিয়েই নহওক, ঘৰতে থাকিম৷

কৰোনাৰ পৰা তেতিয়াহে বাছি থাকিব, যেতিয়া ঘৰৰ লক্ষ্ণণ ৰেখা উলংঘা কৰা নহয়৷

আমি এই মহামাৰী ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব লাগিব, বিয়পি যোৱাৰ শৃংখলা ভংগ কৰিব লাগিব৷

বন্ধুসকল,

ভাৰত আজি সেইটো পৰ্যায়ত আছে, আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিছো যে এই ভয়ংকৰ বিপদৰ প্ৰভাৱ আমি কিমান কম কৰিব পাৰো৷ এয়াই আমাৰ সংকল্প৷ বাৰে-বাৰে ইয়াক শক্তিশালী কৰিম আৰু প্ৰতিটো খোজতে সংযম ৰক্ষা কৰিম৷

আপুনি মন ৰাখিব লাগিব-জান হ্যে টু জহা হ্যে৷

বন্ধুসকল,

এয়া ধৈৰ্য আৰু অনুশাসনৰ সময়৷ যেতিয়ালৈকে দেশত লকডাউনৰ পৰিস্থিতি আছে, তেতিয়ালৈকে আমি আমাৰ সংকল্প পালন কৰিব লাগিব, নিজৰ কথা ৰাখিব লাগিব৷

আপোনালোকৰ প্ৰতি মোৰ প্ৰাৰ্থনা যে ঘৰতে থাকি, সেইসকলৰ কথা ভাৱক, তেওঁলোকৰ মংগল কামনা কৰক, যিসকলে বিপদৰ মাজতো নিজৰ কৰ্তব্য পালন কৰিছে৷

সেইসকল চিকিসক, পেৰামেডিকেল ষ্টাফ, পেথ’লজিষ্টৰ কথা ভাৱক,

যি এই মহামাৰীৰ পৰা জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ দিনে-ৰাতিয়ে চিকিৎসালয়ত কাম কৰি আছে৷

চিকিৎসালয় প্ৰশাসনৰ লোক, এম্বুলেন্সৰ চালক, ৱাৰ্ড বয়, সেই চাফাই কৰ্মীৰ বিষয়ে ভাৱক, যি এই কঠিন পৰিস্থিতিত আনক সেৱা কৰি আছে৷

আপোনালোকে সেইসকলৰ বাবেও প্ৰাৰ্থনা কৰক, যিসকলে আপোনাৰ সমাজ, আপোনাৰ ঘৰ, আপোনাৰ পথ, ৰাজহুৱা স্থানক চেনিটাইজ কৰাৰ কামত লাগি আছে৷

যাৰ দ্বাৰা এই ভাইৰাছ কোনো চিন নাথাকে৷

আপোনালোকক এই তথ্য দিয়াৰ বাবে ২৪ ঘণ্টা কাম কৰি থকা সংবাদ মাধ্যমৰ লোকসকলৰ বিষয়েও ভাৱ, যি সংক্ৰমণৰ বিপদৰ কথা জানিও পথ আৰু চিকিসালয়ত ঘুৰি আছে৷

আপোনালোকে নিজৰ চৌপাশে থকা আৰক্ষীসকলৰ কথা ভাৱক, যিসকলে নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰাকৈ, আপোনালোকক ৰক্ষা কৰাৰ বাবে দিনে-ৰাতিয়ে কৰ্তব্য পালন কৰিছে আৰু বহুসময়ত একাংশ লোকক গালিও পাৰিব লগীয়া হৈছে৷

বন্ধুসকল,

ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে সমগ্ৰ দেশতে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে অতি সুসমন্বয়েৰে মসৃন ভাৱে কাম কৰি আছে। দেশৰ জনসাধাৰণে যাতে দৈনন্দিন জীৱনত অতি বেছি অসুবিধাৰ সমূখীন হ’ব নালাগে, সেয়া সুনিশ্চিত কৰিবলৈ আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। সকলোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান যাতে সুচাৰুৰূপে চলি থাকে সেয়া নিশ্চিত কৰাৰো ব্যৱস্থা কৰিছো আমি।

এই সংকটময় পৰিস্থিতিয়ে দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে জটিলতা বৃদ্ধি কৰিছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে সমাজৰ ব্যক্তিবিশেষ আৰু বিভিন্ন প্ৰতিষ্ঠান আদিয়ে দৰিদ্ৰ লোকসকলৰ সমস্যা আঁতৰ কৰিবৰ বাবে ধাৰাবাহিকভাৱে প্ৰয়াস কৰি আছে। বহু লোকে এইসকল দৰিদ্ৰ লোকক সহায় কৰিবৰ বাবে বিভিন্ন প্ৰস্তুতি ইতিমধ্যেই কৰিছে।

বন্ধুসকল,

দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰিও জীৱন ৰক্ষা কৰিব পৰা সামগ্ৰীৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

এই ন’ভেল ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে দেশত উন্নত চিকিৎসা সঁজুলি উপলব্ধ কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু দেশৰ শীৰ্ষস্থানীয় চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগতে বিশিষ্ট চিকিৎসকৰ পৰামৰ্শ অনুসৰি চৰকাৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি বহু গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰিছে।

ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকসকলৰ চিকিৎসা আৰু দেশত চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰে ১৫ হাজাৰ কোটি টকাৰ এক বিশেষ পেকেজো ঘোষণা কৰিছে।

এই পদক্ষেপে ক’ৰোনা পৰীক্ষা সা-সুবিধা, পাৰ্ছনেল প্ৰ’টেক্টিভ ইকুইপমেণ্ট (পিপিই), আইছ’লেশ্যন বেড, আইচিইউ বেড, ভেণ্টিলেটৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সঁজুলিৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব। তাৰ সমান্তৰালকৈ মেডিকেল আৰু পেৰামেডিকেল কৰ্মীৰ প্ৰশিক্ষণৰ দিশবোৰৰ প্ৰতিটো সকাহ দিব।

এই মুহুৰ্ত্তত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱেই যে চিকিৎসা, সেয়া সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক মই ইতিমধ্যেই অনুৰোধ কৰিছো।

মই সুখী যে এই জৰুৰীকালীন সময়ত দেশৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানবোৰেও দেশৰ নাগৰিকৰ সৈতে হাতে হাত ধৰি পূৰ্ণ সামৰ্থ্যৰে কাম কৰিছে।

ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ আৰু চিকিৎসালয়সমূহে দেশৰ এই সংকটকালত চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ বাবে অধীৰ আগ্ৰহেৰে আগুৱাই আহিছে।

কিন্তু, বন্ধুসকল, এনে সংকটপূৰ্ণ সময়ত যথেষ্ট সাৱধানে থাকক, কিয়নো আমাৰ জ্ঞাতে অজ্ঞাতে বহু উৰাবাতৰি প্ৰচাৰিত হৈছে। তেনেধৰণৰ অন্ধবিশ্বাস আৰু উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আৰু সেইবোৰৰ পৰা সাৱধানে থাকিবলৈ মই সকলোকে অনুৰোধ জনাইছো।

আপোনালোকৰ বাবে এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই মুহুৰ্ত্তত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চিকিৎসা খণ্ডটোৱে আগবঢ়োৱা সকলো পৰামৰ্শ আৰু নিৰ্দেশনা আপোনালোকে মানি চলা উচিত।

আপুনি যদিহে দেহত এই সংক্ৰামক ৰোগবিধৰ কোনো লক্ষণ দেখিবলৈ পাইছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰিবলৈ সকলো দেশবাসীকে মোৰ কাতৰ অনুৰোধI চিকিৎসা সংক্ৰান্তীয় কোনো পৰীক্ষামূলক পদক্ষেপে বৃহৎ শংকা কঢ়িয়াই আনিব পাৰে।

বন্ধুসকল, মই নিশ্চিত যে এই সংকটকালত কেন্দ্ৰ চৰকাৰ আৰু স্থানীয় নিকায়ে আগবঢ়োৱা সকলো নিৰ্দেশনা দেশবাসীয়ে সুন্দৰভাৱে পালন কৰিব।

২১ দিনীয়া লকডাউন যথেষ্ট দীঘলীয়া সময়, কিন্তু এয়া আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ  বাবে সমানে গুৰুত্বপূৰ্ণ।

মই নিশ্চিত যে এই সংকটপূৰ্ণ মুহুৰ্ত্তত প্ৰতিগৰাকী দেশবাসীয়ে কেৱল সফলতাৰে যুঁজেই আগনবঢ়াব, বৰঞ্চ  এই প্ৰত্যাহ্বানত বিজয়ী হৈ আহিব।

নিজৰ লগতে আপোনজনৰো যতন লওঁক।

জয় হিন্দ!



(Release ID: 1608014) Visitor Counter : 6195