কেবিনেট

ভাৰতীয় চিকিৎসা পদ্ধতিৰ ৰাষ্ট্ৰীয় আয়োগ বিধেয়ক, ২০১৯ৰ চৰকাৰী সংশোধনীৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 29 JAN 2020 2:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাজ্যসভাত মীমাংসা নোহোৱাকৈ থকা ভাৰতীয় চিকিসা পদ্ধতিৰ ৰাষ্ট্ৰীয় আয়োগ বিধেয়ক, ২০১৯(এনচিআইএম) চৰকাৰী সংশোধনীৰ প্ৰস্তাৱত অনুমোদন জনায়৷

এই প্ৰস্তাৱিত বিধেয়কখনে ভাৰতীয় চিকিসা শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰখনৰ প্ৰয়োজনীয় নিয়ন্ত্ৰণমুলক সংস্কাৰ সুনিশ্চিত কৰিব৷ প্ৰস্তাৱিত নিয়ন্ত্ৰণমুলক গাঁথনিয়ে সাধাৰণ ৰাইজৰ স্বাৰ্থৰ প্ৰতি অধিক দায়বদ্ধতাৰ লগতে স্বচ্ছতা বৃদ্ধি কৰিব৷ আয়োগে দেশৰ সকলো প্ৰান্তত সুলভ স্বাস্থ্য সেৱা উপলব্ধ হোৱাত প্ৰচেষ্টা গ্ৰহণ কৰিব৷

এই আয়োগখন ভাৰতীয় চিকিসা পদ্ধতিৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাগত মানদণ্ড, পৰ্যালোচনা, মুল্যায়ন আৰু প্ৰত্যায়ন সম্পৰ্কীয় কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা হৈছে৷ যথোপযুক্ত গুণগত চিকিসা কৰ্মীৰ যাতে অভাৱ নহয়, সেয়া সুনিশ্চিত কৰাৰ লগতে ভাৰতীয় চিকিসা পদ্ধতিত সকলো ধৰণৰ চিকিসা সেৱাৰ নৈতিকতা বজাই ৰাখে, সেয়াই এই এনচিআইএম গঠন কৰাৰ মুল বৈশিষ্ট্য৷

*****

VRRK/SC/DB



(Release ID: 1601066) Visitor Counter : 156