কেবিনেট

অন্যান্য পিছপৰা জাতিৰ উপ শ্ৰেণী সৃষ্টিৰ সমস্যাসমূহ পুনৰীক্ষণ কৰাৰ বাবে অনুচ্ছেদ ৩৪০ৰ অধীনত আয়োগৰ কাৰ্যকাল বৃদ্ধিত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 22 JAN 2020 3:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেনে অন্যান্য পিছপৰা জাতিৰ উপ-শ্ৰেণী সৃষ্টিৰ আয়োগৰ কাৰ্যকাল ৩১.০৭.২০২০ তাৰিখলৈ ছমাহৰ বাবে বৃদ্ধি কৰাত অনুমোদন প্ৰদান কৰিছে৷ কেবিনেটে বিদ্যমান নিয়ম আৰু চৰ্তাৱলীৰ বাহিৰেও নিম্নোক্ত নিয়ম আৰু চৰ্তাৱলী ‘‘আয়োগ’’ৰ ওপৰত ন্যস্ত কৰিছে-

‘‘বিচিৰ কেন্দ্ৰীয় তালিকাত বিভিন্ন তথ্য সন্নিৱিষ্টকৰণৰ অধ্যয়ন আৰু যিকোনো তথ্যৰ পুনৰাবৃত্তি, অস্পষ্টতা, বিসংগতি আৰু বানানৰ তথা প্ৰতিলিপিৰ ক্ৰুটি শুধৰণিৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷’’

প্ৰভাৱঃ

বিচিৰ বিদ্যমান তালিকাত এই সম্প্ৰদায়সমূহে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল৷ এই সংশোধনীৰ জৰিয়তে অবিচিৰ কেন্দ্ৰীয় তালিকাত সেই সম্প্ৰদায়সমূহে চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰিব৷

বিত্তীয় প্ৰভাৱঃ

আয়োগৰ বিত্তীয় ব্যয়সমূহ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ব্যয় কৰিব৷

লাভসমূহঃ

এছইবিচিৰ কেন্দ্ৰীয় তালিকাক অন্তৰ্ভুক্ত সম্প্ৰদায়সমূহৰ ব্যক্তিসকলে এই সংশোধনীৰ জৰিয়তে উপকৃত হব৷

 

**********

VRRK/SC/MANN



(Release ID: 1600770) Visitor Counter : 87