কেবিনেট
ভাৰত আৰু ছুইডেনৰ মাজত মেৰু বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
Posted On:
08 JAN 2020 3:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ছুইডেনৰ মাজক মেৰু বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই চুক্তিপত্ৰ ছুইডেনৰ ৰজাই ২ ডিচেম্বৰ ২০১৯ তাৰিখে ভাৰতলৈ অহা ভ্ৰমণৰ সময়ছোৱাত স্বাক্ষৰিত হৈছিল৷
ভাৰত আৰু ছুইডেন দুয়োখন দেশেই পৰিবেশ সুৰক্ষাৰ আণ্টাৰ্কটিক চুক্তিৰ প্ৰতি দায়ৱদ্ধ৷ ছুইডেন ‘আৰ্কটিক ষ্টেট’ৰ সদস্য হোৱাৰ লগতে ভাৰতে আৰ্কটিক পৰিষদৰ পৰ্যৱেক্ষকৰ ভূমিকা লাভ কৰিছে৷
উক্ত সহযোগিতাৰ দ্বাৰা ভাৰত আৰু ছুইডেনৰ মাজত মেৰু বিজ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞতা বিনিময় সূচল হ’ব৷
****
VRRK/SC/MANN
(Release ID: 1599110)
Visitor Counter : 182
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam