প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘দেশে জানিব বিচাৰে’ৰ পৰা সলনি হৈ ভাৰতবৰ্ষ এতিয়া হৈছে ‘দেশ প্ৰথম’ :প্ৰধানমন্ত্ৰী
যেতিয়া দেশৰ স্থান প্ৰথম হয়, তেতিয়া দেশে বৃহৎ সিদ্ধান্ত ল’ব পাৰেঃ ৰিপাব্লিক সন্মিলন ২০১৯ত মুখ্য ভাষণ প্ৰধানমন্ত্ৰীৰ

Posted On: 26 NOV 2019 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক সন্মিলনত মুখ্য ভাষণ আগবঢ়ায়৷ এই বৰ্ষৰ সন্মিলনৰ মূল বিষয়বস্তু হ’ল—এয়া ভাৰতৰ সময় আৰু দেশ প্ৰথম৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘দেশে জানিব বিচাৰে’ পৰা ভাৰতবৰ্ষ এতিয়া ‘দেশ প্ৰথম’লৈ সলনি হৈছে৷ দশক ধৰি সমাধান নোহোৱা বিষয়সমূহ এতিয়া সমাধান হ’ব ধৰিছে৷ এয়া ঘটিছে দুটা বিশেষ কাৰণৰ বাবে, সেয়া হ’ল—১৩০কোটি দেশবাসীয়ে ভাৱে যে এয়া ভাৰতৰ সময় আৰু ৰাষ্ট্ৰ প্ৰথম৷

কাশ্মীৰৰ পৰা ৩৭০নং অনুচ্ছেদ বিলুপ্ত কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ সৰ্ববৃহৎ কাৰণটো সমাপ্ত কৰি দিছে৷ তেওঁ লগতে উল্লেখ কৰে যে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া সংবিধানৰ ৩৭০নং অনুচ্ছেদ এটা অস্থায়ী ব্যৱস্থা আছিল, কিন্তু একাংশ পৰিয়ালৰ বাবে ইয়াক স্থায়ী বুলি গণ্য কৰা হৈছিল৷

তেওঁ গুৰুত্ব সহকাৰে কয় যে যেতিয়া ৰাষ্ট্ৰৰ স্থান প্ৰথম হয়, তেতিয়া দেশে বৃহৎ সিদ্ধান্ত ল’ব পাৰে আৰু সঠিক দিশত আগবাঢ়িব পাৰে৷ তেওঁ লগতে কয় যে একাংশ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, যাতে আধাৰ কাৰ্ডে আইনী স্বীকৃতি লাভ নকৰে৷ আধাৰ কাৰ্ড বন্ধ কৰিবলৈ তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰিছিল৷ কিন্তু আধাৰে তেওঁলোকৰ স্বৰূপ প্ৰদৰ্শনত সহায় কৰিলে৷ ইয়ে প্ৰায় ১.৫ লাখ কোটি টকা ভুল পথত যোৱাৰ পৰা উদ্ধাৰ কৰিলে৷ প্ৰতি বছৰে এই বৃহৎ পৰিমাণৰ ধন ভুল মানুহৰ হাতলৈ গৈ আছিল, কিন্তু কোনেও ইয়াক বন্ধ কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল৷ আমি এই বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন অপচয় ৰোধ কৰিবলৈ আগবাঢ়ি আহো, কাৰণ আমাৰ বাবে ভাৰতবৰ্ষ প্ৰথম৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত পূৰ্বে কেতিয়াও জিএছটি বলৱৎ হোৱা নাছিল৷ আজি সাধাৰণ নাগৰিকৰ সৈতে জড়িত ৯৯শতাংশ সামগ্ৰীত পূৰ্বৰ তুলনাত প্ৰায় আধা কৰ আৰোপ কৰা হৈছে৷ এটা সময়ত ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, জুইচাৰ্ছ, ভেকুৱাম ক্লীনাৰ্ছ, মোবাইল ফোন, ৱাশ্বিং মেছিন, হাত ঘড়ী আদি সামগ্ৰীত ৩১শতাংশতকৈ অধিক কৰ আৰোপ কৰা হৈছিল৷ আজি এই সামগ্ৰীসমূহৰ কৰ ১০ৰ পৰা ১২শতাংশলৈ হ্ৰাস পাইছে৷

দিল্লীত অবৈধ ক’লনীসমূহক স্বীকৃতি দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে দশক দশক ধৰি এই ক’লনীত বাস কৰা পৰিয়ালসমূহে অনিশ্চয়তাত জীৱন কটাবলগীয়া হ’ল৷ নাগৰিকে কষ্ট উপাৰ্জিত ধনেৰে ইয়াত ঘৰ ক্ৰয় কৰে, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে মালিকীস্বত্ব লাভ নকৰে৷ এই সমস্যাটো দীৰ্ঘদিনৰ পৰা এইদৰে চলি আছিল৷ আমাৰ চৰকাৰে ইয়াক অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে আৰু এতিয়া ৫০লাখৰো অধিক আৱাসীয়ে তেওঁলোকৰ ঘৰখনকলৈ নিশ্চয়তা, আশা, বিশ্বাস লাভ কৰিলে৷ ইয়ে নিশ্চয়কৈ মধ্যবিত্ত শ্ৰেণীক উপকৃত কৰিব আৰু তেওঁলোকৰ সপোনৰ ঘৰখন নিৰ্মাণত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতবৰ্ষত যি গতি আৰু ব্যাপকতাৰে কাম আগবাঢ়ি আছে, সেয়া অভূতপূৰ্ব৷ ৬০ মাহত প্ৰায় ৬০ কোটি ভাৰতীয়ই শৌচালয়ৰ সুবিধা লাভ কৰিছে৷ এইধৰণৰ পৰিকল্পনা আৰু আঁচনি ৰূপায়ন কৰিব পৰা যায়, যেতিয়া ৰাষ্ট্ৰক প্ৰথম হিচাপে গণ্য কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ‘ৰাষ্ট্ৰ প্ৰথম’ ধাৰণাৰদ্বাৰা অনুপ্ৰাণিত হৈয়ে প্ৰায় ৩৭ কোটি দৰিদ্ৰ লোকক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ৱাটাৰ লাইফ মিছনৰ পৰিকল্পনাও ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰ পৰাই সৃষ্টি হৈছে৷ গ্ৰামাঞ্চলৰ লোকে যাতে বিশুদ্ধ খোৱা পানী লাভ কৰে, তাৰ প্ৰতি দৃষ্টি ৰাখি অনাগত দিনত এই অভিযানৰ অধীনত প্ৰায় ৩.৫ লাখ কোটি ব্যয় কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশবাসীৰ আয় বৃদ্ধিৰ লক্ষ্য সন্মুখত লৈ ভাৰতবৰ্ষই দেশৰ অৰ্থনীতিক ৫ট্ৰিলিয়নলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ তেওঁ বিশ্বাস কৰে যে ৰাষ্ট্ৰ প্ৰথমৰ এই উদ্যমেৰে কাম কৰি গ’লে, আমি সঠিক ফলাফল লাভ কৰিম আৰু দেশে প্ৰতিটো লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব৷

***

VRRK/AK/MS



(Release ID: 1595840) Visitor Counter : 133