কেবিনেট

মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে ভাৰত আৰু ম্যানমাৰৰ মাজত হোৱা দ্বিপাক্ষিক সহযোগিতাৰ স্বাক্ষৰিত বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 27 NOV 2019 11:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ম্যানমাৰৰ মাজত মানৱ সৰবৰাহ ৰোধ, পুনৰুদ্ধাৰ, মানৱ সৰবৰাহৰ ভুক্তভোগীসকলৰ প্ৰত্যাৰ্পণ আৰু পুনৰ একত্ৰীকৰণৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

বুজাবুজিৰ চুক্তিপত্ৰৰ লক্ষ্যসমূহঃ

  • ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত মানৱ সৰবৰাহ সম্বন্ধীয় বিষয়সমূহত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি ব৷
  • মানৱ সৰবৰাহৰ ভুক্তভোগীসকলৰ সুৰক্ষা তথা সাহায্যৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি ব৷
  • সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত তদন্তৰ নিশ্চিতি বৃদ্ধি ব৷
  • সৰবৰাহ ৰোধ কৰাৰ বাবে প্ৰাসংগিক মন্ত্ৰালয় তথা সংস্থাসমূহৰ সৈতে শৰণাৰ্থী আৰু সীমা নিয়ন্ত্ৰণ সহযোগিতাৰ কৌশল প্ৰণয়ন বৃদ্ধি ব৷
  • মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে কৰ্ম গোট/টাস্ক ৰ্চ গঠন কৰা ব৷
  • সৰবৰাহকাৰী তথা ভুক্তভোগীসকলৰ তথ্য প্ৰস্তুত আৰু গোপনীয়তাৰে ভাৰত আৰু ম্যানমাৰৰ মাজত তথ্য বিনিময়৷
  • দুয়োখন দেশৰ প্ৰাসংগিক এজেন্সীসমূহৰ সামৰ্থ নিৰ্মাণ৷
  • পুনৰ উদ্ধাৰ, প্ৰত্যাৰ্পণ আৰু পুনৰ একত্ৰীকৰণৰ বাবে মানসম্পন্ন কাৰ্যকৰী নিয়মাৱলী প্ৰস্তুত আৰু প্ৰণয়ন৷

***

VRRK/SC/SH/MANN


(रिलीज़ आईडी: 1594139) आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam