কেবিনেট
                
                
                
                
                
                
                    
                    
                        বৈধ মাপনবিদ্যাৰ ক্ষেত্ৰত ভাৰত আৰু কীৰ্গিস্তানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
                    
                    
                        
                    
                
                
                    प्रविष्टि तिथि:
                12 JUN 2019 8:08PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বৈধ মাপনবিদ্যাৰ ক্ষেত্ৰত ভাৰত আৰু কীৰ্গিস্তানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়৷ অহা ১৩-১৪ জুন, ২০১৯ত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হ’ব৷
লাভালাভঃ
	- বৈধ মাপনবিদ্যাৰ সৈতে জড়িত তথ্য আৰু নথি-পত্ৰৰ বিনিময় কৰা;
 
	- বৈধ মাপনবিদ্যাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী উন্নত কৰা;
 
	- বৈধ মাপনবিদ্যাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে বিষয়া, বিশেষজ্ঞ আৰু সেই বৃত্তিৰ সৈতে জড়িত লোকৰ বিনিময় কৰা;
 
	- প্ৰয়োজনমতে পাৰস্পৰিক লাভালাভৰ বাবে আলোচনা-চক্ৰ, কৰ্মশালা, সভা-সমিতি, প্ৰাসংগিক শিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ;
 
	- আগতীয়াকৈ পেকেজ কৰা সামগ্ৰীৰ বাবে প্ৰতিষ্ঠান আৰু আগতীয়াকৈ পেকেজ কৰা সামগ্ৰী ৰাজ্যিক মাপন ব্যৱস্থাৰ জৰিয়তে পৰ্যবেক্ষণ কৰা;
 
	- আগতীয়াকৈ পেকেজ কৰা সামগ্ৰীৰ ক্ষেত্ৰত থকা নিয়ম-কানুনৰ পুনৰীক্ষণ কৰা৷
 
	- উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত পাৰস্পৰিক নিষ্পত্তিৰ ক্ষেত্ৰত মাপন পৰ্যবেক্ষণৰ অভিজ্ঞতাৰ বিনিময় কৰা৷
 
****
AKT/AK/DB
                
                
                
                
                
                (रिलीज़ आईडी: 1574361)
                	आगंतुक पटल  : 171