তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

যোগাসনৰ অভ্যাস গঢ়ি তোলা হ’ল নতুন ইণ্ডিয়াৰ মন্ত্ৰ—প্ৰকাশ জাভেড়কাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আৰম্ভ কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান(এৱাইডিএমএছ) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আগবঢ়োৱা হ’ব এই সন্মান

Posted On: 08 JUN 2019 2:42PM by PIB Guwahati

যোগৰ ধনাত্মক দিশ সম্পৰ্কীয় বাৰ্তাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে আগবঢ়োৱা বৰঙণিৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বছৰৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান(এৱাইডিএমএছ) প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷ যোগাসনক ভাৰতৰ লগতে বিদেশত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ইতিবাচক ভূমিকাক প্ৰশংসা কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত এই কথা ঘোষণা কৰে।

     যোগাসনৰ প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটা আগবঢ়োৱা হব৷ নিম্নোক্তশাখাৰ অধীনত সংবাদগোষ্ঠীলৈ এই সন্মান প্ৰদান কৰা হবঃ

প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া(টেলিভিচন আৰু ৰেডিঅ’)ৰ সৈতে জড়িত সংবাদ গোষ্ঠীক

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান আগবঢ়োৱা হব৷

৩টা শাখাত মুঠ ৩৩ টা বঁটা প্ৰদান কৰা হব৷

 ‘বাতৰি কাকতত যোগাসনৰ শ্ৰেষ্ঠ সংবাদ পৰিৱেশনশাখাৰ অধীনত ২২ টা ভাৰতীয় ভাষা

আৰু ইংৰাজী ভাষাৰ বাবে ১১টা বঁটা প্ৰদান কৰা হব৷

 ‘টেলিভিছনত যোগাসনৰ শ্ৰেষ্ঠ সংবাদ পৰিৱেশনশাখাৰ অধীনত ২২ টা ভাৰতীয় ভাষা আৰু

ইংৰাজী ভাষাৰ বাবে ১১টা বঁটা প্ৰদান কৰা হব৷

 ‘ৰেডিঅত যোগাসনৰ শ্ৰেষ্ঠ সংবাদ পৰিৱেশনশাখাৰ অধীনত ২২ টা ভাৰতীয় ভাষা আৰু

ইংৰাজী ভাষাৰ বাবে ১১টা বঁটা প্ৰদান কৰা হব৷

বঁটাৰ সৈতে থাকিব এটা বিশেষ পদক, ফলক, ট্ৰফী আৰু এখন প্ৰসস্তিপত্ৰ৷

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মানৰ বাবে বাতৰি পৰিৱেশনৰ সময়সীমা হল ১০জুনৰ পৰা ২৫ জুন,২০১৯৷

যোগাসনৰ জনপ্ৰিয়কৰণত সংবাদমাধ্যমৰ ভূমিকা নিৰীক্ষণ কৰিব ৬জন জুৰীয়ে৷

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মানৰ বিজয়ীৰ নাম আৰু বঁটা প্ৰদানৰ নিৰ্দিষ্ট দিন পৰৱৰ্তী

পৰ্যায়ত ঘোষণা কৰা হব৷ সম্ভৱতঃ জুলাই মাহত বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হব৷

 

   সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, যোগাসনৰ অভ্যাসে স্বাস্থ্যৱান জীৱন, উন্নত জীৱন-যাপন আৰু ৰোগমুক্ত শৰীৰ নিশ্চিত কৰে৷ যোগ হল বিশ্বলৈ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ উপহাৰ আৰু ই নতুন ভাৰতৰ মন্ত্ৰ হৈ পৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোগাসনক ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰিছে আৰু প্ৰতিবছৰে ২১ জুনত বিশ্বৰ প্ৰায় ২০০ খন দেশে আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰি আহিছে৷

 

   কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাৰে আৰু আন

জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷

 

 

 



(Release ID: 1573966) Visitor Counter : 138