মান্দৱী নদীত সূৰ্য অস্ত যোৱাৰ লগে লগে , পানাজীৰ বাট-পথ পোহৰেৰে উজলি উঠাৰ সময়তে ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (আই এফ এফ আই) এটা নতুন ছন্দ লাভ কৰে।দিনৰ ভাগটো চলচ্চিত্ৰ প্ৰদৰ্শন, বিশেষ পাঠদান, ৰঙা দলিচাত তাৰকাৰ উপস্থিতি আৰু চলচ্চিত্ৰ সম্পৰ্কীয় আলোচনাৰে ব্যস্ত হৈ থকাৰ বিপৰীতে সন্ধিয়াবোৰে কঢ়িয়াই আনে সুকীয়া আকৰ্ষণ।আই এফ এফ আইত সূৰ্যাস্তই মহোৎসৱৰ দিনটোৰ সামৰণি নুবুজায়; বৰং ই আন এটা উৎসৱৰ আৰম্ভণিৰ সংকেতহে দিয়ে।
_20261125185013_26f659.jpeg)
চলচ্চিত্ৰগৃহৰ পৰম্পৰাগত পৰিসীমা অতিক্ৰম কৰি আই এফ এফ আই ২০২৬-এ মিৰামাৰ সাগৰৰ উপকূল, মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱন আৰু ভাগাটৰ সাগৰৰ উপকূলৰ হেলিপেড এলেকাত মুকলি আকাশৰ তলত চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি চলচ্চিত্ৰ উপভোগৰ অভিজ্ঞতাক সাধাৰণ জনতাৰ অধিক কাষ চপাই আনিছে।সন্ধিয়া ৭ বজাৰ পৰা নিশা ১০ বজালৈ নিৰ্ধাৰিত এই প্ৰদৰ্শনীসমূহত বাছনি কৰা বিভিন্ন চলচ্চিত্ৰ দেখুওৱা হয়।গোৱাৰ মুকলি আকাশৰ তলত স্থানীয় বাসিন্দা, পৰ্যটক আৰু চলচ্চিত্ৰপ্ৰেমীসকলে একেলগে চলচ্চিত্ৰ উপভোগৰ আনন্দ ল’ব পাৰে। ইয়াৰ জৰিয়তে চলচ্চিত্ৰক অধিক সহজলভ্য আৰু সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক কৰি তোলাৰ প্ৰতি মহোৎসৱ কৰ্তৃপক্ষৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে।মান্দৱী নদীৰ পাৰৰ খোজকঢ়া পথতো উৎসৱৰ পৰিৱেশে বিশেষ মাত্ৰা লাভ কৰিছে। তাত অনুষ্ঠিত ‘ৰোমতামেল’ৰ সাংস্কৃতিক অনুষ্ঠানসমূহে গোৱাৰ সমৃদ্ধ কলা-সংস্কৃতিৰ পৰম্পৰাক বিশেষভাৱে তুলি ধৰিছে। ২৩নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ চাৰিটা সন্ধিয়াত অনুষ্ঠিত এই অনুষ্ঠানসমূহত সাতটা সাংস্কৃতিক দলে পৰিৱেশন আগবঢ়াইছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সমাৱেশটোত গোৱাৰ স্থানীয় সংস্কৃতিৰ এটা সুকীয়া স্বাদ সংযোজিত হৈছে।স্থানীয় থলুৱা সাংস্কৃতিক অভিব্যক্তি আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ পৰম্পৰাৰ এই সমন্বয়ে আই এফ এফ আইলৈ গোৱাই কঢ়িয়াই অনা স্বকীয় পৰিচয়ক প্ৰতিফলিত কৰিছে।উৎসৱৰ আনন্দত নতুন মাত্ৰা প্ৰদান কৰিছে ২৫ নৱেম্বৰত অনুষ্ঠিত আই এফ এফ আইৰ বৰ্ণিল শোভাযাত্ৰাই। ‘চলচ্চিত্ৰৰ আনন্দ উদযাপন’ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই শোভাযাত্ৰা পানাজীৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটী অৱ গোৱা (ই এছ জি)ৰ চৌহদৰ পৰা কলা একাডেমীলৈ আগবাঢ়ে।বৰ্ণিল প্ৰতীকী বাহন, সাংস্কৃতিক অনুষ্ঠান আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে শোভাযাত্ৰাটোৱে মহোৎসৱৰ পৰিসৰ নিৰ্ধাৰিত স্থানসমূহৰ বাহিৰলৈও সম্প্ৰসাৰিত কৰে। ইয়াৰ ফলত স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলেও চলচ্চিত্ৰৰ এই উৎসৱৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰে।
_20261125185053_f54ca6.jpeg)
অৱশ্যে চলচ্চিত্ৰ নিৰ্মাতা, প্ৰতিনিধি আৰু উদীয়মান শিল্পীসকলৰ বাবে মহোৎসৱৰ সন্ধিয়াবোৰ কেৱল মনোৰঞ্জনৰ মাজতে সীমাবদ্ধ নহয়।
নিৰ্ধাৰিত চলচ্চিত্ৰ প্ৰদৰ্শন আৰু আনুষ্ঠানিক মত বিনিময়ৰ বাহিৰেও এই সময়ছোৱাই অনানুষ্ঠানিক আলোচনা, সৃষ্টিশীল আদান-প্ৰদান আৰু অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ সৃষ্টি কৰে।
একোখন চলচ্চিত্ৰক লৈ হোৱা আলোচনাই বিভিন্ন সংস্কৃতিৰ দৃষ্টিভংগীৰ আদান-প্ৰদানৰ পথ মুকলি কৰিব পাৰে। একেদৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত হোৱা আকস্মিক সাক্ষাতেও ভৱিষ্যতৰ সহযোগিতাৰ ভেটি গঢ়ি তুলিব পাৰে।
উৎসৱৰ আলোকসজ্জাৰে উজলি থকা স্থানসমূহৰ আঁৰত স্বেচ্ছাসেৱক, কাৰিকৰী কৰ্মী, সংবাদ মাধ্যমৰ পেছাদাৰী লোক আৰু আয়োজকসকলৰ নিৰন্তৰ প্ৰচেষ্টা জড়িত হৈ আছে। চলচ্চিত্ৰ প্ৰদৰ্শনৰ সময়সূচী শেষ হোৱাৰ পাছতো তেওঁলোকে মহোৎসৱটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কাম কৰি থাকে।
তেওঁলোকৰ অৱদান আই এফ এফ আইৰ অভিজ্ঞতাৰ এক অবিচ্ছেদ্য অংশ, যদিও এই অৱদানৰ বহু কথাই সাধাৰণতে লোকচক্ষুৰ আঁৰত থাকি যায়।

সূৰ্যাস্তৰ পাছত পানাজী চহৰৰ ৰূপ নিজেই মনোমোহা হৈ পৰে। গছ-গছনিৰে শাৰী পাতি থকা চহৰখনৰ পথসমূহ সোণালী ৰঙৰ সৰু সৰু আলোকসজ্জাৰে সজাই তোলা হৈছে। আলোকসজ্জাৰে উজলি উঠা অট্টালিকা, বৰ্ণিল সজ্জা আৰু আই এফ এফ আইৰ পৰিচিত ময়ূৰৰ প্ৰতীকসমূহে বাট-পথবোৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।
চহৰখনৰ স্থাপত্য আৰু ৰাজহুৱা স্থানসমূহো যেন মহোৎসৱৰ সম্প্ৰসাৰিত অংশ হৈ পৰিছে। ইয়াৰ জৰিয়তে আই এফ এফ আইৰ সৈতে গোৱাৰ সম্পৰ্ক কেনেদৰে ক্ৰমে এটা স্বকীয় উৎসৱলৈ ৰূপান্তৰিত হৈছে, সেয়া প্ৰতিফলিত হৈছে। ইয়াত আয়োজক ৰাজ্যখনৰ নিজস্ব বৈশিষ্ট্যই চলচ্চিত্ৰৰ সাৰ্বজনীন আকৰ্ষণক অধিক সমৃদ্ধ কৰিছে।
আই এফ এফ আই ২০২৬ৰ ‘সীমাহীন কাহিনী’ শীৰ্ষক মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি মহোৎসৱৰ নিশাবোৰে চলচ্চিত্ৰই কেৱল ভৌগোলিক আৰু ভাষিক সীমাই নহয়, প্ৰেক্ষাগৃহৰ ভৌতিক সীমাও অতিক্ৰম কৰিব পৰা ক্ষমতাক প্ৰতিফলিত কৰিছে।

ই দৰ্শকসকলক মনত পেলাই দিয়ে যে এখন চলচ্চিত্ৰ মহোৎসৱৰ যাদু কেৱল পৰ্দাত উন্মোচিত হোৱা কাহিনীবোৰৰ মাজতে সীমাবদ্ধ নহয়; বৰং সেই কাহিনীয়ে সৃষ্টি কৰা আলোচনা আৰু গঢ়ি তোলা সম্পৰ্কসমূহতো ইয়াৰ সমানেই গুৰুত্ব নিহিত হৈ থাকে।
আই এফ এফ আইত চলচ্চিত্ৰৰ শেষৰ নামসমূহ পৰ্দাত ভাঁহি উঠিব পাৰে, পৰ্দা নামি আহিব পাৰে আৰু প্ৰেক্ষাগৃহৰ ভিতৰৰ পোহৰো নুমাই যাব পাৰে; কিন্তু চলচ্চিত্ৰৰ উদযাপন অব্যাহত হৈয়েই থাকে।গোৱাত যেন মহোৎসৱৰ এই ঘড়ীটো থমকি নৰয়।
_20261125185305_d5a2e2.jpeg)
_20261125185323_29a2f2.jpeg)
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Praveen/ Anushka/ Darshana/DM | IFFI 57 - 096