57th International Film Festival of India 2026
20 – 28 Nov 2026

যেতিয়া শব্দই প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া সংগীতে কথা কয়: ৫৭ সংখ্যক আইএফএফআইত লতা মংগেশকাৰ, আশা ভোঁছলে আৰু এছ জানকীৰ কণ্ঠক স্মৰণ কৰিলে কণ্ঠশিল্পী কে এছ চিত্ৰাই

স্মৃতি আৰু হৃদয়স্পৰ্শী অভিজ্ঞতাৰ মাজেৰে প্ৰজন্মৰ পিছত প্ৰজন্মক মোহিত কৰা তিনিগৰাকী কিংবদন্তি কণ্ঠশিল্পীৰ গীত তথা কণ্ঠৰ মাধুৰ্যৰ লগতে নিজৰ সংগীত যাত্ৰাৰ কথাও স্মৰণ কৰিলে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে।

পোষ্ট কৰা হৈছে: 25 NOV 2026 6:22PMby PIB Guwahatiৰিলিজ আই ডি : 2341712Views: 4

কিছুমান কণ্ঠই কেৱল এটা কোঠা সংগীতেৰে মুখৰিত কৰাই নহয়,  সেই কণ্ঠ আমাৰ শৈশৱৰ সৈতে একাত্ম হৈ পৰে, জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষণত সংগী হয় আৰু এটা গীতৰ সামৰণি পৰাৰ পাছতো সেয়া দীৰ্ঘদিনলৈ আমাৰ মনত ৰৈ যায়। বিশিষ্ট কণ্ঠশিল্পী কে এছ চিত্ৰাৰ বাবে আশা ভোঁছলে, এছ জানকী আৰু লতা মংগেশকাৰৰ কণ্ঠও তেনেকুৱাই। ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ত অনুষ্ঠিত ‘লতা মংগেশকাৰ টক: দ্য ভইচ দেট ইকোজ ফৰএভাৰ ইন দ্য মেম’ৰী অৱ আশা ভোঁছলে এণ্ড এছ জানকী’ শীৰ্ষক বিশেষ আলোচনাচক্ৰত চিত্ৰাই কিংবদন্তি কণ্ঠশিল্পীসকলৰ সংগীত আৰু স্মৃতিৰ এক ব্যক্তিগত তথা আবেগিক যাত্ৰাৰে দৰ্শকক লৈ যায়। অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা সুহাসিনী মণিৰত্নমে অনুষ্ঠানটো পৰিচালনা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/1.JPG(1)_20261125184045_3bcdae.jpeg

উষ্ম আৰু আন্তৰিক পৰিৱেশৰ মাজেৰে আলোচনাৰ আৰম্ভণি ঘটে। চিত্ৰাই স্বীকাৰ কৰে যে তেওঁ কিছু পৰিমাণে উদ্বিগ্ন অনুভৱ কৰিছিল যদিও সুহাসিনীয়ে তেওঁক স্বাভাৱিক কৰি তুলিব বুলি আত্মবিশ্বাসী আছিল। দুয়োগৰাকীৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কও আলোচনাৰ মাজলৈ আহে। সুহাসিনীয়ে স্মৰণ কৰে যে চিত্ৰাৰ কণ্ঠত বাণীবদ্ধ হোৱা বিভিন্ন চলচ্চিত্ৰৰ গীত তেওঁৰ নিজৰ জীৱনযাত্ৰাৰো এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল। ইয়াৰ পাছত আনুষ্ঠানিক আলোচনাতকৈ স্মৃতিৰ আদান-প্ৰদান আৰু সংগীতৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনাৰ মাজতে সঘনাই গীতৰ কলিও ভাঁহি আহিছিল।

নিজৰ সংগীত জীৱনৰ আৰম্ভণিৰ দিনবোৰ স্মৰণ কৰি চিত্ৰাই কয় যে তেওঁ সৰুৰে পৰা সংগীতময় পৰিৱেশ থকা এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে শাস্ত্ৰীয় সংগীতৰ শিক্ষাও গ্ৰহণ কৰিছিল। তেওঁ জানিছিল যে গান গোৱাটোৱেই তেওঁৰ আটাইতকৈ ভালদৰে কৰিব পৰা কাম, যদিও এই প্ৰতিভাই তেওঁক ইমান দূৰলৈ লৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিল। চলচ্চিত্ৰৰ সংগীত জগতত তেওঁৰ প্ৰৱেশ প্ৰায় আকস্মিকভাৱেই ঘটিছিল। তেওঁ স্মৰণ কৰে যে বিভিন্ন বিনোদনমূলক ক্লাবত তেওঁ চলচ্চিত্ৰৰ গীত পৰিৱেশন কৰিছিল আৰু প্ৰায়ে পি সুশীলাৰ জনপ্ৰিয় গীতেৰে গান আৰম্ভ কৰিছিল।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/2.JPG_20261125184124_2770a0.jpeg

নিজে আটাইতকৈ বেছি প্ৰশংসা কৰা কণ্ঠশিল্পীসকলৰ বিষয়ে সোধাত চিত্ৰাই পি সুশীলা, এছ জানকী আৰু লতা মংগেশকাৰৰ নাম উল্লেখ কৰে। শৈশৱত তেওঁ এছ জানকীৰ কণ্ঠ অনুকৰণ কৰিবলৈও চেষ্টা কৰিছিল। অৱশ্যে হাঁহি হাঁহি তেওঁ স্বীকাৰ কৰে যে জানকীৰ স্বকীয় গায়নশৈলী অনুকৰণ কৰাটো প্ৰায় অসম্ভৱ। লতা মংগেশকাৰৰ বিষয়ে ক’বলৈ গৈ চিত্ৰাই তেওঁৰ গায়কীৰ আবেগিক গভীৰতাৰ কথা উল্লেখ কৰে। বিশেষকৈ লতাৰ ভক্তিমূলক গীতসমূহৰ কথা স্মৰণ কৰি তেওঁ দৰ্শকৰ সৈতে নিজৰ প্ৰিয় লতা মংগেশকাৰৰ এটা গীতৰ অনুভূতিও ভাগ-বাটোৱাৰা কৰে।

আশা ভোঁছলেক লৈ থকা চিত্ৰাৰ স্মৃতিচাৰণত  প্ৰকাশ পায় এক পৃথক ধৰণৰ শ্ৰদ্ধা আৰু প্ৰশংসা। আশা ভোঁছলেৰ অসাধাৰণ বহুমুখী প্ৰতিভা আৰু গজলকে ধৰি বিভিন্ন সংগীতশৈলীত পৰীক্ষা-নিৰীক্ষা কৰাৰ সাহসিকতাৰ কথা উল্লেখ কৰে চিত্ৰাই। অনুষ্ঠানৰ মাজতে তেওঁ আশা ভোঁছলেৰ এটা গজলৰ কিছু অংশও গুণগুণাই শুনায়। চিত্ৰাই স্মৰণ কৰে যে আশা ভোঁছলেই সদায় নিজৰ ভগ্নী লতা মংগেশকাৰৰ সৈতে তুলনাৰ পৰিৱৰ্তে সংগীতৰ জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিব বিচাৰিছিল। আশা ভোঁছলেৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ এটা স্মৰণীয় ঘটনাও তেওঁ দৰ্শকৰ আগত প্ৰকাশ কৰে। সেই সাক্ষাতত আশাই তেওঁক সুধিছিল যে তেওঁ কিয় ইমান উচ্চ স্বৰত গান গাইছে। এই চমু কথোপকথনে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ স্পষ্টবাদিতা আৰু স্বকীয় ব্যক্তিত্বৰ এক আভাস দিছিল।

আনহাতে, এছ জানকীক লৈ চিত্ৰাৰ স্মৃতিত বিশেষ মৰম আৰু আন্তৰিকতাৰ প্ৰতিফলন ঘটে। এছ জানকীৰ সংগীত যাত্ৰাৰ আৰম্ভণিৰ দিনবোৰ স্মৰণ কৰি চিত্ৰাই কয় যে সেই সময়ত মঞ্চত বহু  শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁলোকৰ পৰিৱেশনৰ মাজৰ সময়খিনি পূৰণ কৰিবলৈ জানকীক প্ৰায়ে গীত গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। এই সুযোগসমূহৰ জৰিয়তে দৰ্শকে তেওঁৰ কণ্ঠ শুনাৰ সুবিধা লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ গঢ়াৰ পথ মুকলি হৈছিল। চিত্ৰাই জানকীৰ স্বকীয় কণ্ঠ, আবেগ প্ৰকাশৰ বিস্তৃত ক্ষমতা আৰু প্ৰতিটো গীতক জীৱন্ত কৰি তোলাৰ অসাধাৰণ দক্ষতাৰ কথাও উল্লেখ কৰে। সংগীতৰ বাহিৰেও জানকীক তেওঁ এগৰাকী মাতৃসদৃশ ব্যক্তি হিচাপে মনত পেলায়। জানকীৰ ঘৰলৈ যোৱাৰ দিনবোৰ স্মৰণ কৰি চিত্ৰাই মৰমেৰে কয় যে প্ৰবীণ কণ্ঠশিল্পীগৰাকীয়ে তেওঁক নিজৰ হাতেৰেই মৰমেৰে খাদ্য খুৱাইছিল। আনকি তেওঁৰ হাতেৰে  দিয়া  জ্বলা খাদ্যও মিঠা যেন অনুভৱ হৈছিল বুলি চিত্ৰাই আবেগিকভাৱে উল্লেখ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/3.JPG_20261125184153_9ce792.jpeg

সমগ্ৰ আলোচনাৰ সময়ছোৱাত সুহাসিনীয়ে বিভিন্ন গীতৰ প্ৰসংগ উত্থাপন কৰি চলচ্চিত্ৰৰ পৰ্দাত সেই গীতসমূহে কঢ়িয়াই অনা আৱেগৰ সৈতে স্মৃতিবোৰ সংযোগ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰেম, বিবাহ, শোক আৰু আনন্দৰ বিভিন্ন মুহূৰ্তত চলচ্চিত্ৰৰ গীতে মানুহৰ সংগ দিয়ে। বহু সময়ত যিবোৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, সেইবোৰো সংগীতে প্ৰকাশ কৰে। আনহাতে, চিত্ৰাই প্ৰকাশ কৰে যে মালয়ালম ভাষাৰ ‘স্বৰ্ণমুকিলে’ শীৰ্ষক গীতটো শুনিলে আজিও তেওঁৰ চকুলো ওলাই আহে।

অনুষ্ঠানৰ মাজতে অনুষ্ঠিত এটা আমোদজনক সংগীতভিত্তিক প্ৰশ্নোত্তৰ কাৰ্যসূচীয়ে দুপৰীয়াৰ অনুষ্ঠানটোত এক নতুন মাত্ৰা সংযোজন কৰে। পটভূমিৰ সংগীত নোহোৱাকৈ চলচ্চিত্ৰৰ কেইটামান দৃশ্য দেখুওৱাৰ পাছত চিত্ৰাই আটাইকেইটা দৃশ্যৰ সৈতে জড়িত গীত চিনাক্ত কৰি পৰিৱেশন কৰে। ইয়াৰ ভিতৰত সুহাসিনীৰ চলচ্চিত্ৰৰ গীতসমূহো আছিল। অনুষ্ঠানত গীত বাণীবদ্ধ কৰাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান, কঠিন গীত পৰিৱেশন আৰু বয়স বৃদ্ধিৰ লগে লগে নিজৰ কণ্ঠৰ সীমাবদ্ধতা বুজি পোৱাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰা হয়।

আলোচনাৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আহে যেতিয়া চিত্ৰাই ‘সিন্ধু ভৈৰৱী’ চলচ্চিত্ৰৰ ‘পাডাৰিয়েন’ গীতটো গাবলৈ আৰম্ভ কৰে। সেই সময়তে সুহাসিনীয়েও তেওঁৰ সৈতে যোগ দিয়ে আৰু গীতটোৰ সৈতে কণ্ঠ মিলাই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। দুয়োগৰাকীৰ এই যুগল মুহূৰ্তই তেওঁলোকৰ স্মৃতি আৰু সংগীতৰ আলোচনাক এক সুন্দৰ সামৰণি প্ৰদান কৰে। সংগীত আৰু স্মৃতিৰ এই অপূৰ্ব মিলনে পুনৰবাৰ প্ৰমাণ কৰে যে গীত কেৱল কেইটামান সুৰৰ সমষ্টি নহয়; বৰং ই মানুহৰ জীৱন, বন্ধুত্ব আৰু যাত্ৰাৰ একো একোটা জীৱন্ত খণ্ড, যিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ একেদৰেই মানুহৰ হৃদয়ত অনুৰণন ঘটাই থাকে।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Nikhitha/ Darshana/DM | IFFI 57 - 095


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2341712
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026