পোষ্ট কৰা হৈছে:
20 NOV 2026 10:45AM by PIB Guwahati
বৎচোৱানাৰ পৰা অনা KOMG 3 নামৰ আঢ়ৈ বছৰীয়া চিতা এজনীয়ে আজি বননিতে চাৰি সুস্থ পোৱালি প্ৰসৱ কৰে। এই ঘটনা প্ৰজেক্ট চিতা আৰু ভাৰতত জীৱন ধাৰণযোগ্য চিতাৰ সংখ্যা পুনৰুদ্ধাৰৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।
ছ’চিয়েল মিডিয়াৰ এটা প’ষ্টত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে KOMG 3 হৈছে বৎচোৱানাৰ পৰা অনা সন্তান প্ৰসৱ কৰা প্ৰথমজনী চিতা। তেওঁ কয় যে তাই প্ৰাকৃতিকভাৱে সন্তান প্ৰসৱৰ পূৰ্বে চাৰি মাহৰো অধিক সময় বননিত কটাইছিল। ২০২২-ত পুনৰ প্ৰৱৰ্তন কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ পিছত বননিত এয়া দ্বিতীয়টো প্ৰসৱৰ ঘটনা।
শ্ৰী যাদৱে আৰু কয় যে এই চাৰিটা পোৱালি জন্ম হোৱাৰ লগে-লগে ভাৰতত চিতাৰ সংখ্যা ৬২ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৪৩ টায়েই ভাৰতত জন্মগ্ৰহণ কৰিছে। তেওঁ এই ঘটনাক প্ৰজেক্ট চিতাৰ বাবে এটি উল্লেখযোগ্য মুহূৰ্ত আৰু জীৱন ধাৰণযোগ্য চিতাৰ সংখ্যা পুনৰুদ্ধাৰৰ দিশত ভাৰতৰ যাত্ৰাৰ এক গৌৰৱময় মাইলৰ খুঁটি বুলি অভিহিত কৰে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এনে প্ৰতিটো প্ৰসৱে আশাক গভীৰ কৰে। এনে ঘটনাই সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাক গভীৰ কৰি তোলে। তেওঁ একে সময়তে সংৰক্ষণৰ বাবে ধৈৰ্য্য, অধ্যৱসায় আৰু সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন বুলি পুনৰ দৃঢ়তাৰে কয়। তেওঁ প্ৰজেক্ট চিতাৰ সফলতাৰ বাবে অক্লান্তভাৱে কাম কৰা প্ৰকল্প পৰিচালক, পশু চিকিৎসক, ফ্ৰন্টলাইন বন কৰ্মচাৰী আৰু সকলোৰে নিষ্ঠা, দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ শলাগ লয়।
*****
VM/SK/SB