গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাশ্মীৰ উপত্যকাত লস্কৰৰ অন্তিমজন পৰিচিত সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী লতীফ ভাটক বধ কৰাৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষী, সেনাবাহিনী, চিআৰপিএফৰ সাহসী জোৱানসকল আৰু চোৰাংচোৱা সংস্থাসমূহক অভিনন্দন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

কালিকুলগামত তেওঁৰ অন্যতম সন্ত্ৰাসবাদী সহযোগী উমৰ নিছাৰকো বধ কৰা হৈছিল

অতি উচ্চ পৰ্যায়ৰ সমন্বয়ৰ দ্বাৰা পৰিচালিত হৈছিল সমগ্ৰ অভিযানটো

জম্মু-কাশ্মীৰ আৰক্ষী, সেনাবাহিনী, চিআৰপিএফৰ সাহসী জোৱানসকল আৰু চোৰাংচোৱা সংস্থাসমূহক অভিবাদন জনাইছে দেশবাসীয়ে

পোষ্ট কৰা হৈছে: 18 NOV 2026 6:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পুৱতি নিশা নিৰাপত্তা বাহিনীয়ে কাশ্মীৰ উপত্যকাৰ কুলগামত চলোৱা এক সন্ত্ৰাস বিৰোধী অভিযানত উপত্যকাটোত লস্কৰৰ অন্তিমজন পৰিচিত সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী লতিফ ভাটক নিধন কৰাৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা, চি আৰ পি এফ আৰু চোৰাংচোৱা সংস্থাসমূহৰ সাহসী জোৱানসকলক অভিনন্দন জনাইছে।

 

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনাবাহিনী, চিআৰপিএফ আৰু চোৰাংচোৱা সংস্থাসমূহৰ সমন্বিত প্ৰচেষ্টাত আজি পুৱতি নিশা কুলগামত চলোৱা এক অভিযানত কাশ্মীৰত লস্কৰৰ অন্তিমজন পৰিচিত সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী লতীফ ভাটক বধ কৰা হয়। কালি কুলগামত তেওঁৰ অন্যতম সন্ত্ৰাসবাদী সহযোগী উমৰ নিছাৰকো বধ কৰা হৈছিল। সমগ্ৰ অভিযানটো অতি উচ্চ পৰ্যায়ৰ সমন্বয়ৰ দ্বাৰা পৰিচালিত হৈছিল। দেশবাসীয়ে জম্মু-কাশ্মীৰ আৰক্ষী, সেনাবাহিনী, চিআৰপিএফৰ সাহসী জোৱানসকল আৰু চোৰাংচোৱা সংস্থাসমূহক অভিবাদন জনাইছে।”

*****

RK / RR / PR / PS/DB


(ৰিলিজ আই ডি : 2338377) অতিথি কক্ষ : 7