পোষ্ট কৰা হৈছে:
18 NOV 2026 10:29AM by PIB Guwahati
নতুন দিল্লী, ১৮ নৱেম্বৰ, ২০২৬: গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ‘বিকশিত ভাৰত–ৰোজগাৰ আৰু জীৱিকাৰ নিশ্চয়তা অভিযান (গ্ৰামীণ): ভি বি-জি আৰ এ এম জি আইন, ২০২৫’ৰ ৰূপায়ণত স্বচ্ছতা, দায়বদ্ধতা আৰু নাগৰিকৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ লক্ষ্যৰে ন্যায়াধীশ আৰু আপীল কৰ্তৃপক্ষৰ বাবে নিৰ্দেশনা জাৰি কৰি এই ব্যৱস্থাটো অধিক সুদৃঢ় কৰিছে।
এই নিৰ্দেশনাই ভি বি-জি আৰ এ এম জি আইনৰ মূল উদ্দেশ্যক আগুৱাই নিয়াৰ লগতে শ্ৰমিকসকলৰ আইনী অধিকাৰ সুৰক্ষিত কৰা, আঁচনি ৰূপায়ণৰ সৈতে জড়িত অভিযোগসমূহৰ নিষ্পত্তি কৰা আৰু আঁচনিৰ সুবিধাসমূহ দায়বদ্ধতাৰে প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰাতিষ্ঠানিক ব্যৱস্থা শক্তিশালী কৰিছে। ন্যায়াধীশে আঁচনিখনৰ দায়বদ্ধতা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ সংযোগী হিচাপে কাম কৰিব। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ নাগৰিকসকলে সহজে অভিযোগ দাখিল কৰাৰ লগতে উপযুক্ত প্ৰতিকাৰ লাভৰ সুবিধা পাব।
জিলা পৰ্যায়ত নিযুক্ত এগৰাকী নিৰ্দিষ্ট ন্যায়াধীশে জব কাৰ্ড, নিয়োগ, মজুৰি প্ৰদান, মজুৰি প্ৰদানত পলম হোৱাৰ ক্ষতিপূৰণ, কৰ্মস্থলীৰ সা-সুবিধা, মাষ্টাৰ ৰোল আৰু আইনে নিৰ্ধাৰণ কৰা প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰাৰ দৰে বিষয়সমূহৰ সৈতে জড়িত অভিযোগ নিষ্পত্তি কৰিব। নিৰ্দেশনাত বৈষম্য, হাৰাশাস্তি আৰু শ্ৰমিকৰ অধিকাৰ উলংঘনৰ বিষয়সমূহো সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত মহিলা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰ সুৰক্ষাৰ বিষয়টোও অন্তৰ্ভুক্ত কৰা হৈছে, যাতে এনে অভিযোগসমূহ যথোচিত গুৰুত্বসহকাৰে বিবেচনা কৰা হয়।
গ্ৰামোন্নয়ন, ৰাজহুৱা প্ৰশাসন, আইন, শিক্ষা, সমাজসেৱা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতা থকা অধিক সংখ্যক যোগ্য ব্যক্তিক এই পদৰ বাবে বিবেচনাৰ সুযোগ দি ন্যায়াধীশসকলৰ প্ৰাতিষ্ঠানিক সক্ষমতা বৃদ্ধি কৰা হৈছে। লগতে, এই ব্যৱস্থাৰ ধাৰাবাহিকতা আৰু ফলপ্ৰসূ কাৰ্যকৰিতা নিশ্চিত কৰিবলৈ কাৰ্যকাল আৰু পাৰিতোষিক সম্পৰ্কীয় ব্যৱস্থাসমূহো সংশোধন কৰা হৈছে। ক্ষেত্ৰ পৰিদৰ্শন, সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক স্থাপন আৰু ডিজিটেল মঞ্চৰ ব্যৱহাৰৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
এই নিৰ্দেশনাৰ এক উল্লেখযোগ্য দিশ হৈছে ন্যায়াধীশসকলৰ বাবে এটা বিশেষ ডিজিটেল মঞ্চৰ ব্যৱস্থা। এই মঞ্চৰ জৰিয়তে অনলাইনযোগে অভিযোগ পঞ্জীয়ন আৰু অনুসৰণ, শুনানিৰ কাৰ্যবিৱৰণী লিপিবদ্ধ কৰা, ৰায় বা সিদ্ধান্ত আপলোড কৰা আৰু গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰাটো সম্ভৱ হ’ব। ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত ভৌগোলিক অৱস্থানৰ তথ্য সংযুক্ত (Geo-tagged) আৰু সময় উল্লেখ থকা (Time-stamped) আলোকচিত্ৰ আপলোড কৰাৰ ব্যৱস্থাই অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়াৰ নথিভুক্তকৰণ, তথ্যৰ অনুসৰণযোগ্যতা আৰু স্বচ্ছতা অধিক শক্তিশালী কৰিব।
নিৰ্দেশনাত সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে সামাজিক হিচাপ পৰীক্ষাৰ ভূমিকাও অধিক শক্তিশালী কৰা হৈছে। ন্যায়াধীশসকলে প্ৰতি মাহে কমেও তিনিখন সামাজিক হিচাপ পৰীক্ষাৰ ৰাজহুৱা শুনানি অথবা গাঁওসভাত উপস্থিত থাকিব লাগিব। ইয়াৰ জৰিয়তে নাগৰিকসকলে নিজৰ সমস্যা আৰু উদ্বেগসমূহ পোনপটীয়াকৈ দাঙি ধৰাৰ সুযোগ লাভ কৰিব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায়ক হ’ব। সামাজিক হিচাপ পৰীক্ষাৰ ফলাফল, সম্প্ৰদায়ৰ মতামত আৰু ব্যক্তিগত অভিযোগসমূহৰ ভিত্তিত নিৰ্ধাৰিত পদ্ধতি অনুসৰি অনিয়ম চিনাক্ত কৰা আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰাত সহায় লাভ কৰিব।
ভি বি-জি আৰ এ এম জি-ৰ অধীনত ডিজিটেল নিৰীক্ষণ, ৰাজহুৱা তথ্য প্ৰকাশ আৰু সামাজিক হিচাপ পৰীক্ষাকে ধৰি থকা অন্যান্য দায়বদ্ধতামূলক ব্যৱস্থাসমূহৰ পৰিপূৰক হিচাপে ন্যায়াধীশ আৰু আপীল কৰ্তৃপক্ষৰ এই ব্যৱস্থাই কাম কৰিব। এই সকলো ব্যৱস্থাৰ সামূহিক উদ্দেশ্য হৈছে আঁচনিৰ ৰূপায়ণত স্বচ্ছতা নিশ্চিত কৰা, নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰা আৰু এক সুসংগঠিত তথা দায়বদ্ধ প্ৰক্ৰিয়াৰ জৰিয়তে অভিযোগসমূহৰ নিষ্পত্তি কৰা।
এই নিৰ্দেশনাৰ জৰিয়তে চৰকাৰে ভি বি-জি আৰ এ এম জি-ৰ অধীনত নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। ইয়াৰ ফলত গ্ৰাম্য শ্ৰমিকসকলে অভিযোগ নিষ্পত্তিৰ বাবে সহজে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু আঁচনিৰ ৰূপায়ণ প্ৰক্ৰিয়া অধিক স্বচ্ছ, সঁহাৰিমূলক আৰু দায়বদ্ধ হৈ উঠিব।
****
PU/MS