পোষ্ট কৰা হৈছে:
11 NOV 2026 8:31PM by PIB Guwahati
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ২০২৫–২৬ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰসমূহক সন্মানিত কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি মন্ত্ৰী শ্ৰী মনোহৰ লাল, আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী শ্ৰী টোখন চাহুৰ উপস্থিতিত বিজয়ীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। এইবাৰ ৫ শিতানত ৬০টা ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হৈছিল:
• স্বচ্ছ চহৰ জোড়ী (SSJ)
• চুপাৰ স্বচ্ছ লীগৰ পৰিস্কাৰ চহৰ
• জনসংখ্যা-ভিত্তিক ৫টা শিতানত স্বচ্ছ চহৰ
• নদী কাষৰীয়া স্বচ্ছ চহৰ
• • পৰিষ্কাৰ উপকূলীয় চহৰ
• হিমালয় অঞ্চলৰ পৰিষ্কাৰ চহৰ
• ৰাজ্যৰ প্ৰথম স্বচ্ছ চহৰ

অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল একোটা প্ৰতিষ্ঠানৰ প্ৰচেষ্টাৰ জৰিয়তেহে লাভ কৰিব পৰা নাযায়, বৰং ইয়াৰ বাবে সকলো অংশগ্ৰহণকাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন। তেওঁ নাগৰিকৰ অংশগ্ৰহণ, আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন, প্ৰশাসনিক দায়বদ্ধতা আৰু জনসাধাৰণৰ নিৰন্তৰ অংশগ্ৰহণৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। কম বয়সৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মূল্যবোধৰ ধাৰণাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব দি তেওঁ কয় যে বিদ্যালয়ৰ পাঠ্যক্ৰমত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয় অন্তৰ্ভুক্ত কৰাৰ লগতে শিশু আৰু যুৱপ্ৰজন্মৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা উচিত। ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে অনাময় ক্ষেত্ৰত অৰ্থপূৰ্ণ অগ্ৰগতি তেতিয়াই সম্ভৱ যেতিয়া নাগৰিক, স্থানীয় প্ৰশাসন, আৰু অনাময় কৰ্মীসকলে একত্ৰিতভাৱে কাম কৰে আৰু যেতিয়া অনাময় কৰ্মী আৰু নাগৰিকসকলৰ দিহা-পৰামৰ্শ তথা মতামতক উপযুক্ত গুৰুত্ব দিয়া হয়।
সহযোগিতামূলক শিক্ষণৰ নতুন মাত্ৰা হিচাপে তেওঁ স্বচ্ছ চহৰ জোড়ী পদক্ষেপৰ শলাগ লয়, যাৰ ফলত চহৰসমূহে উদ্ভাৱনসমূহ শ্বেয়াৰ কৰিব পাৰে, সমাধানসমূহৰ পৰীক্ষা কৰিব পাৰে আৰু নগৰীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উচ্চ মান লাভ কৰাত এখনে আনখনক সহায় কৰিব পাৰে।
সভাত ভাষণ দি কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত স্বচ্ছ ভাৰত অভিযান দেশজোৰা জন আন্দোলনলৈ বিকশিত হৈছে, নগৰীয়া অনাময় ব্যৱস্থাক ৰূপান্তৰ কৰিছে আৰু নাগৰিকৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰিছে। ২০১৪ চনৰ পৰা লাভ কৰা অগ্ৰগতি ওপৰত আলোকপাত কৰি তেওঁ কয় যে নগৰীয়া আৱৰ্জনা প্ৰসংস্কৰণ ১৬%ৰ পৰা ৮০%লৈ বৃদ্ধি পাইছে, আনহাতে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহৰ পৰিমাণ ৪৪%ৰ পৰা ৯৬%তকৈও অধিক বৃদ্ধি পাইছে। তেওঁ আৰু কয় যে লিগেচী আৱৰ্জনা পেলোৱা স্থানসমূহৰ সংশোধনৰ ফলত প্ৰায় ১১ হাজাৰ একৰ নগৰীয়া ভূমি উৎপাদনশীল ব্যৱহাৰৰ বাবে মুকলি হৈছে।
মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক নিজ নিজ ৰাজ্যৰ চহৰ আৰু নগৰসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে ৰাজ্যিক পৰ্যায়ত স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈও উৎসাহিত কৰে, নগৰীয়া স্থানীয় নিকায়সমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ পোষকতা কৰে আৰু সৰু চহৰসমূহক নিজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মান উন্নত কৰিবলৈ উৎসাহিত কৰে।
শ্ৰী মনোহৰ লালে ২০১৬ চনত ৭৩খন চহৰৰ পৰা ২০২৫–২৬ চনত ৪,৭৫১খন চহৰলৈ সম্প্ৰসাৰিত হোৱা স্বচ্ছ সুৰক্ষাৰ ক্ৰমবৰ্ধমান পৰিসৰ আৰু প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এইবাৰৰ সমীক্ষাৰ সময়ত ২.৭০ কোটি নাগৰিকে মতামত প্ৰকাশ কৰাৰ বিপৰীতে ১৭০০ৰো অধিক সৰু চহৰে নিজৰ ৰেংকিং উন্নত কৰিছে আৰু ৩৫০ খনতকৈও অধিক চহৰে ৫০০ৰো অধিক স্থান উন্নতিৰ পঞ্জীয়ন কৰিছে। আচাৰ-ব্যৱহাৰৰ পৰিৱৰ্তনৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্বচ্ছ সুৰক্ষাৰ প্ৰকৃত সফলতা কেৱল ৰেংকিং উন্নত কৰাতেই নহয়, বৰং পৰিষ্কাৰ-পৰিচ্ছন্নতাক স্থায়ী অভ্যাস আৰু সামূহিক দায়িত্ব হিচাপে গঢ়ি তোলাতহে নিহিত হৈ আছে। তেওঁ স্বচ্ছতা হি সেৱা ২০২৬ত প্ৰায় ২.১০ কোটি নাগৰিকৰ অংশগ্ৰহণ, ৩৩ হাজাৰৰো অধিক বিশেষ শিবিৰৰ জৰিয়তে প্ৰায় ১৭ লাখ ছাফাইমিত্ৰলৈ সুবিধা সম্প্ৰসাৰিত হোৱা আৰু জ্ঞান যাত্ৰাত প্ৰায় ৪ লাখ শিশুৰ অংশগ্ৰহণৰ দিশটোৰ ওপৰতো আলোকপাত কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে সহযোগিতা শক্তিশালী কৰা আৰু নগৰীয়া অনাময়ৰ ক্ষেত্ৰত উৎকৃষ্টতাক উৎসাহিত কৰাৰ লক্ষ্যৰে কেইবাটাও নতুন পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে স্বচ্ছ চহৰ জোড়ী পদক্ষেপৰ অধীনত জ্ঞান বিনিময়ৰ সুবিধা আৰু অনাময়ৰ ফলাফল উন্নত কৰাৰ বাবে ৭০খন মেণ্টৰ চহৰক ১৯১খন মেণ্টী চহৰৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ নদী কাষৰীয়া চহৰ, উপকূলীয় চহৰ আৰু হিমালয় অঞ্চলৰ চহৰৰ বাবে বিশেষ বঁটা শাখাৰ প্ৰৱৰ্তনৰ লগতে পাঁচটা জনসংখ্যা শাখাত স্বীকৃতি প্ৰদানৰ কথাও উল্লেখ কৰে যাতে অধিক অংশগ্ৰহণ নিশ্চিত কৰিব পৰা যায়। প্ৰগতি-৫০ (PRAGATI-50) উদ্যমৰ ওপৰত আলোকপাত কৰি শ্ৰী মনোহৰ লালে কয় যে প্ৰযুক্তি-চালিত ব্যৱস্থা আৰু নিৰন্তৰ নিৰীক্ষণৰ জৰিয়তে ৫০খন চহৰক আদৰ্শ স্বচ্ছ চহৰ হিচাপে গঢ়ি তোলা হ’ব। বঁটা বিজয়ী চহৰ, নগৰীয়া স্থানীয় নিকায় আৰু চফাই-মিত্ৰসকলক অভিনন্দন জনাই তেওঁ স্বচ্ছতাক নগৰীয়া জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ লগতে স্বচ্ছ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰে।
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু নগৰ উন্নয়ন বিভাগৰ সচিব সতেন্দ্ৰ সিঙে বিগত দশকত স্বচ্ছ সুৰক্ষা সেৱাই কেনেদৰে মিছনৰ অধীনত স্পষ্ট ফলাফলৰ সূচনা কৰাৰ লগতে নগৰীয়া অনাময় সেৱাৰ মূল্যায়ন আৰু উন্নতি শক্তিশালী কৰিছে সেই বিষয়ত আলোকপাত কৰে। সচিবগৰাকীয়ে লগতে কয় যে স্বচ্ছ সুৰক্ষা হৈছে মূল্যায়নতকৈ বহু বেছি; ই হৈছে স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধ লাখ লাখ লোকৰ সমূহীয়া কণ্ঠ। তেওঁ কয়, “আজি হৈছে আমাৰ চহৰ আৰু নাগৰিকসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত কৰা অসাধাৰণ প্ৰয়াসৰ উদযাপন।”
স্বচ্ছ সুৰক্ষা ২০২৫–২৬ৰ ফলাফলে সমগ্ৰ ভাৰতৰ নগৰ অঞ্চলত এক শক্তিশালী উৰ্ধমুখী গতি প্ৰতিফলিত কৰে, ৩৫০টাতকৈও অধিক ইউএলবিয়ে নিজৰ স্থান ৫০০তকৈও অধিক উন্নত কৰিছে। এই পৰিৱৰ্তনৰ মূল চালক হিচাপে সৰু চহৰসমূহে আত্মপ্ৰকাশ কৰিছে, কিয়নো ৫০,০০০তকৈ কম জনসংখ্যাৰ ১,৭০০+ ইউএলবিয়ে ২০২৪–২৫ চনৰ তুলনাত নিজৰ ৰেংকিং উন্নত কৰিছে, যিয়ে প্ৰমাণ কৰিছে যে স্থায়ী প্ৰচেষ্টা আৰু নাগৰিকৰ অংশগ্ৰহণে সকলো আকাৰৰ চহৰতে স্বচ্ছতা আন্দোলনক ত্বৰান্বিত কৰিছে।
সহযোগিতামূলক প্ৰচেষ্টা আৰু সমনীয়া-শিক্ষণত উৎকৃষ্টতা প্ৰদৰ্শন কৰি মেণ্টৰ চিটি আহমেদাবাদ এণ্ড মেণ্টী চহৰ সানন্দ, মেণ্টৰ ইন্দোৰ এণ্ড মেণ্টী দেপালপুৰ আৰু মেণ্টৰ তিৰুপতি এণ্ড মেণ্টী কুপ্পমক স্বচ্ছ চহৰ জোড়ী বঁটাৰ অধীনত শীৰ্ষ স্থানৰ জোড়ী হিচাপে ঘোষণা কৰা হয়। মেণ্টৰ চিটি (এছ এছ ২০২৪-২৫ বঁটা বিজয়ী) আৰু ইয়াৰ সহযোগী মেণ্টী চিটিৰ সংযুক্ত স্ক’ৰৰ ভিত্তিত শীৰ্ষ তিনি স্বচ্ছ চহৰ জোড়ীক চিনাক্ত কৰা হৈছে। ই স্বচ্ছ চহৰ জোড়ী পদক্ষেপৰ অধীনত দুয়োখন চহৰৰ যৌথ প্ৰদৰ্শন আৰু সহযোগিতামূলক প্ৰচেষ্টাক প্ৰতিফলিত কৰে, যাৰ ফলত সামগ্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱা প্ৰদানৰ উন্নতিৰ লগতে মেণ্টৰশ্বিপৰ ফলাফলকো স্বীকৃতি প্ৰদান কৰা হয়। জোড়ী বঁটাৰ উদ্দেশ্য হৈছে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা চহৰসমূহৰ সহযোগিতা কম নম্বৰ পোৱা চহৰসমূহৰ প্ৰদৰ্শন উন্নত কৰা। ২০২৪-২৫ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানৰ পিছত ইচ্চ ৱান - টিচ্চ ৱানৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা এই উদ্যমৰ মূল ভেটি হৈছে ভাৰতৰ কালজয়ী গুৰু–শিষ্য পৰম্পৰা, য’ত জ্ঞান, অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ এখন চহৰৰ পৰা আন এখন চহৰলৈ প্ৰেৰণ কৰি সামূহিকভাৱে নগৰীয়া উৎকৰ্ষ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত যাত্ৰা আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হয়।
নতুন প্ৰজন্মৰ স্বচ্ছ চহৰৰ উত্থানক চিহ্নিত কৰি জিভিএমচি বিশাখাপট্টনম, জবলপুৰ আৰু লক্ষ্ণৌৱে মিলিয়নতকৈ অধিক জনসংখ্যা থকা চহৰৰ শাখাত ভাৰতৰ শীৰ্ষ স্বচ্ছ চহৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
স্বচ্ছ সুৰক্ষা বঁটা ২০২৫-২৬এ পাহাৰ আৰু হিমালয় অঞ্চলৰ চহৰৰ লগতে নদী কাষৰীয়া আৰু উপকূলীয় চহৰসমূহকো সামৰি লৈছে। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ, জম্মু কাশ্মীৰৰ জম্মু আৰু শ্বোপিয়ানক শীৰ্ষৰ ৩খন স্বচ্ছ হিমালয় অঞ্চলৰ চহৰ হিচাপে ঘোষণা কৰা হৈছে। নদী কাষৰীয়া, উপকূল আৰু জলভাগ, প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ। কেৱল পৰিৱেশ বহনক্ষমতাৰ বাবেই নহয়, জমসাধাৰণৰ স্বাস্থ্য আৰু জীৱিকাৰ বাবেও সেইসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি প্ৰয়োজন। একেদৰেই স্বচ্ছ নদী কাষৰীয়া চহৰৰ বাবে শীৰ্ষৰ ৩ টা স্থান ক্ৰমে ৰেৱা (এম পি), বিলাসপুৰ (চত্তীশগড়) আৰু বাৰাণসী (ইউ পি)ক প্ৰদান কৰা হৈছে, আনহাতে ওড়িশাৰ পুৰী, কেৰালাৰ আলাপ্পুজা আৰু মহাৰাষ্ট্ৰৰ ৰত্নগিৰিয়ে স্বচ্ছ উপকূলীয় চহৰৰ বাবে বঁটা লাভ কৰিছে।
সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উৎকৃষ্টতাক স্বীকৃতি আৰু পুৰস্কৃত কৰিবলৈ শীৰ্ষ প্ৰদৰ্শনকাৰী ৩০খন চহৰক ৰাজ্যৰ প্ৰথম স্বচ্ছ চহৰ বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বঁটাৰ বাবে দুটা ভাগত ভাগ কৰা হৈছে: (i) ৫টা পৰ্যন্ত ইউএলবি আৰু (ii) ৫টাতকৈ অধিক ইউএলবি।
স্বচ্ছ সুৰক্ষাৰ দশম সংস্কৰণৰ অংশ হিচাপে, পৃথকীকৰণ, আৱৰ্জনা সংগ্ৰহ আৰু পৰিবহণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা, দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়ৰ সুবিধা, নিষ্কাষণ সেৱাৰ যান্ত্ৰিকীকৰণ, পৰিৱেশ তন্ত্ৰ শক্তিশালীকৰণ আৰু প্ৰতিষ্ঠানিক পৰিমাপ, ব্যৱহৃত পানী ব্যৱস্থাপনা, ১০টা জটিল ক্ষেত্ৰ সামৰি নগৰীয়া স্থানীয় সংস্থাসমূহৰ (ইউ এল বি) মূল্যায়ন কৰা হৈছিল। অন-গ্ৰাউণ্ড মূল্যায়নৰ বাবে দেশজুৰি ৩,০০০ৰো অধিক প্ৰশিক্ষিত মূল্যায়ক নিয়োগ কৰা হৈছে, যিটো বাস্তৱ সময়ৰ জিপিএছ-সক্ষম নিৰীক্ষণৰ দ্বাৰা সমৰ্থিত। প্ৰমাণ দাখিলৰ পৰা পৰীক্ষণলৈকে সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াটো সম্পূৰ্ণ ডিজিটেল, স্বচ্ছ, আৰু গুণগত মান নিশ্চিত কাঠামোৰ জৰিয়তে চলোৱাৰ প্ৰতিটো পৰ্যায়তে বিশ্বাসযোগ্যতা আৰু সামঞ্জস্য নিশ্চিত কৰা হৈছে।



*****
SK/NB