ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান

পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল ৰাজহুৱা স্থানৰ নান্দনিক আবেদন অক্ষুণ্ণ ৰখাৰ বিষয় নহয়; ই আমাৰ স্বাস্থ্য, সামাজিক সচেতনতা আৰু প্ৰশাসনিক দায়বদ্ধতাৰ এক সূচক: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 11 NOV 2026 8:52PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১১ নৱেম্বৰ, ২০২৬) নতুন দিল্লীত স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২৫-২৬ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় যে কেৱল এটা সংগঠনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল, প্ৰতিটো সম্প্ৰদায় আৰু প্ৰতিখন চহৰৰ অংশগ্ৰহণৰ প্ৰয়োজন। তেওঁ গুৰুত্ব আৰোপ কৰে যে পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল ৰাজহুৱা স্থানৰ নান্দনিক আবেদন অক্ষুণ্ণ ৰখাৰ বিষয় নহয়। ই আমাৰ স্বাস্থ্য, সামাজিক সচেতনতা আৰু প্ৰশাসনিক দায়বদ্ধতাৰ এক সূচক। ই আমাৰ  ঘৰুৱা অভ্যাসৰ প্ৰতিফলন।

ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰতিজন নাগৰিক, বিশেষকৈ যুৱক-যুৱতী, মহিলা, আৱাসী কল্যাণ সংস্থা আৰু সামূহিক সংগঠনবোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশৰ সৈতে জড়িত হ'ব লাগে। তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব লাগে আৰু যিকোনো ত্ৰুটিৰ বিষয়ে অৱগত কৰিব লাগে, যাৰ সমাধানে আমাৰ চহৰবোৰ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰাত সহায় কৰিব পাৰে। ই পৌৰ প্ৰশাসন আৰু নাগৰিকসকলৰ মাজত এক নিৰন্তৰ বাৰ্তালাপ বৃদ্ধি কৰিব লাগে, যাৰ ফলত বিশ্বাস, স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী হ'ব।

ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁলোকৰ চাৰিওফালৰ পৰিচ্ছন্নতাৰ মূল্যায়নৰ ক্ষেত্ৰত নাগৰিকসকলেই হৈছে সৰ্বশ্ৰেষ্ঠ বিচাৰক। সেয়েহে, নাগৰিকৰ মতামতৰ ব্যৱহাৰ কেৱল জৰীপ বা ৰেংকিঙৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। তাৰ পৰিৱৰ্তে, এই মতামত পৌৰসেৱা উন্নত কৰা আৰু স্থানীয় প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে কাম কৰিব লাগে।

ৰাষ্ট্ৰপতিয়ে কয় যে অনাময়ৰ ক্ষেত্ৰত কাৰ্যকৰী, সুলভ আৰু সুৰক্ষিত প্ৰযুক্তি বিকশিত কৰাৰ প্ৰয়োজনীয়তা আছে। কেইবাখনো আইআইটি আৰু অন্যান্য বৈজ্ঞানিক গৱেষণা সংস্থাকে ধৰি বিভিন্ন প্ৰতিষ্ঠানে এই দিশত সক্ৰিয়ভাৱে কাম কৰি থকা বুলি  তেওঁ আনন্দ প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে অনাময় খণ্ডত কেইবাটাও ষ্টাৰ্টআপ গঢ়ি উঠিছে। তেওঁ কয় যে এনে উদ্যোগবোৰে বাস্তৱ পৃথিৱীৰ অনাময় প্ৰত্যাহ্বান সমাধান কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰাতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে।

ৰাষ্ট্ৰপতিয়ে কয় যে টিয়াৰ-2 আৰু টিয়াৰ-3 চহৰসমূহৰ ক্ষমতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কিয়নো এইবোৰ হৈছে দ্ৰুতগতিত বিকশিত নগৰীয়া কেন্দ্ৰ। তেওঁলোকৰ সুকীয়া প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান আছে। তেওঁলোকৰ নিৰ্দিষ্ট সমস্যা আৰু প্ৰত্যাহ্বানবোৰ সমাধান কৰাৰ বাবে ডিজাইন কৰা এক ৰাষ্ট্ৰীয় পৰিকাঠামোৰ ভিতৰত তেওঁলোকৰ বিকাশ হ'ব লাগে। তেওঁ কয় যে টিয়াৰ-2 চহৰৰ পৰিকল্পনাকাৰীসকলে টিয়াৰ-1 চহৰবোৰে সন্মুখীন হোৱা সমস্যাবোৰৰ পৰা শিকিব পাৰে আৰু এনে কৰিবলৈ, তেওঁলোকে টিয়াৰ-1 চহৰৰ পৰিকল্পনাকাৰীসকলৰ অভিজ্ঞতা অধ্যয়ন কৰিব লাগে।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰা স্বচ্ছ সৰ্বেক্ষণ বঁটাত ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক সন্মানিত কৰা হয় আৰু স্বচ্ছ ভাৰত অভিযান-নগৰৰ প্ৰতি তেওঁলোকৰ উৎকৃষ্ট অৱদানক স্বীকৃতি দিয়া হয়।

হিন্দীত ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ ইয়াত ক্লিক কৰক

***

MJPS/SS/PKK/MK


(ৰিলিজ আই ডি : 2335337) অতিথি কক্ষ : 10