পোষ্ট কৰা হৈছে:
05 NOV 2026 2:43PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি কয় যে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিয়ে প্ৰতিফলিত কৰে যে পৰিৱেশৰ প্ৰতিশ্ৰুতি অৰ্থনৈতিক বিকাশৰ বাধা নহয় বৰঞ্চ দেশৰ উন্নয়ন যাত্ৰাৰ অনুঘটকহে।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ ২০২৬ৰ সামৰণী অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নৱীকৰণযোগ্য শক্তি খণ্ডত ভাৰতৰ সাফল্য, বহনক্ষম উন্নয়নৰ প্ৰতি ইয়াৰ দায়বদ্ধতা আৰু সমগ্ৰ দেশৰ পৰিয়াল, কৃষক আৰু সম্প্ৰদায়ক সবলীকৰণত স্বচ্ছ শক্তিৰ পৰিৱৰ্তনশীল ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সমান্তৰালকৈ দ্রুত অর্থনৈতিক বিকাশ বজাই ৰাখিব পাৰিবনে নাই সেই সন্দেহ সন্দৰ্ভত উপ-ৰাষ্ট্রপতিগৰাকীয়ে কয় যে ভাৰতে এই সন্দেহৰ উত্তৰ নিজৰ সাফল্যৰ জৰিয়তে দিছে৷
তেওঁ কয় যে ভাৰতৰ অজীৱাশ্ম ইন্ধন ভিত্তিক সংস্থাপিত ক্ষমতাই ৩০০ গিগাৱাট অতিক্ৰম কৰিছে আৰু দেশখনে নিজৰ প্ৰতিশ্ৰুতিতকৈ পাঁচ বছৰ আগতেই ২০২৫ চনত অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা স্থাপন কৰা বিদ্যুৎ ক্ষমতাৰ ৫০ শতাংশ লাভ কৰে। তেওঁ উল্লেখ কৰে যে সৌৰশক্তিৰ ক্ষমতা ৩ গিগাৱাটতকৈ কমৰ পৰা ১৭০ গিগাৱাটতকৈও অধিকলৈ বৃদ্ধি পাইছে।
এসময়ত কয়লা ভিত্তিক বিদ্যুতৰ তুলনাত কেইবাগুণো ব্যয়বহুল সৌৰশক্তি এতিয়া ভাৰতৰ আটাইতকৈ সস্তাৰ বিদ্যুতৰ উৎসৰ ভিতৰত অন্যতম বুলি আঙুলিয়াই দি তেওঁ কয় যে এই পৰিৱৰ্তনে সুস্থ নীতি, ব্যক্তিগত উদ্যোগ, ৰাজ্য আৰু নাগৰিকৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতত হাইড্ৰজেন শক্তিয়ে উৎসাহজনক অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত আগন্তুক বছৰবোৰত হাইড্ৰজেন শক্তি ক্ৰমান্বয়ে সুলভ কৰি তুলিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ ৰূপান্তৰ কেৱল দেশৰ বাবে আদৰ্শ কৃতিত্বই নহয়, গোলকীয় দক্ষিণৰ বাবেও এটা আদৰ্শ।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত দশকত যি অগ্ৰগতি লাভ কৰা হৈছে, সেইটোৱে পৰিৱেশৰ প্ৰতিশ্ৰুতিসমূহ বিকাশৰ অনুঘটক, অধিক শক্তিৰ সুবিধা প্ৰদান কৰা, কম ঔদ্যোগিক খৰচ, কৰ্মসংস্থাপনৰ সুযোগ আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সত্যতা প্ৰকাশ কৰে। শক্তিশালী উদ্যোগ-শৈক্ষিক সহযোগিতাৰ বাবে আহ্বান জনাই গৱেষণা, উদ্ভাৱন আৰু উদ্যোগীকৰণত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, “২০৪০ চনৰ প্ৰযুক্তিসমূহ আজিৰ পৰীক্ষাগাৰ আৰু ষ্টাৰ্ট-আপৰ পৰাই আহিব।”
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৬৫ লাখৰো অধিক পৰিয়ালে সৌৰ আন্দোলনত যোগদান কৰি সুলভ মূল্যৰ স্বচ্ছ শক্তিৰ সুবিধা লাভ কৰিছে। তেওঁ আৰু কয় যে পি এম-কুছুমৰ অধীনত প্ৰায় ৩০ লাখ কৃষক লাভৱান হৈছে, সৌৰ পাম্পে কৃষকসকলক ডিজেলৰ খৰচ ৰাহি কৰা, অতিৰিক্ত আয় লাভ কৰা আৰু শক্তিৰ লগতে খাদ্যৰ যোগান ধৰাত সহায় কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে যে পি এম-জনমন আৰু ধৰ্তী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত লোৱা পদক্ষেপসমূহে দুৰ্গম জনজাতীয় অঞ্চলসমূহলৈ বিদ্যুতৰ সুবিধা সম্প্ৰসাৰণ কৰিছে, য’ত গতানুগতিক গ্ৰীড সংযোগ সম্ভৱপৰ নহ’বও পাৰে। তেওঁ কয় যে বিদ্যুতৰ সুবিধাই শিক্ষা, স্বাস্থ্যসেৱা, যোগাযোগ আৰু জীৱিকাৰ ক্ষেত্ৰত সুযোগ সম্প্ৰসাৰণ কৰি জীৱনক ৰূপান্তৰিত কৰে, শক্তিৰ সমাধানে চহৰ, গাঁও আৰু দূৰৱৰ্তী বাসস্থানৰ সুকীয়া প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব লাগিব।
নৱীকৰণযোগ্য শক্তিৰ পৰিৱৰ্তনক প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা ধৰণে গণ আন্দোলন বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনে আন্দোলন কেৱল চৰকাৰে অকলে চলাব নোৱাৰে। তেওঁ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, উদ্যোগী আৰু নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়।এই আন্দোলনত মানুহৰ অংশগ্ৰহণে নৱীকৰণযোগ্য শক্তি গ্ৰহণৰ ক্ষেত্ৰত ত্বৰান্বিত কৰাই নহয়, নতুন অৰ্থনৈতিক সুযোগৰ সৃষ্টি কৰা, জীৱিকাৰ সৃষ্টি কৰা আৰু ঘৰুৱা সমৃদ্ধিৰ প্ৰসাৰ ঘটাব বুলিও তেওঁ উল্লেখ কৰে।
মিছন লাইফ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শক্তি-দক্ষ পদ্ধতি, মননশীল ব্যৱহাৰ আৰু দায়িত্বশীল নিষ্কাশনৰ আহ্বান জনায়। তেওঁ কয় যে এক বিলিয়ন সৰু ব্যক্তিগত কাৰ্যই নতুন শক্তি কেন্দ্ৰৰ দৰেই বহনক্ষমতাত যথেষ্ট অৰিহণা যোগাব পাৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আগন্তুক দশকটো বিশ্ব জলবায়ুৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত আৰু ২০৭০ চনৰ ভিতৰত শূন্য নিৰ্গমনৰ ভাৰতৰ দৃষ্টিভংগী পুনৰ উল্লেখ কৰে। তেওঁ দাবী কৰে যে ভাৰতৰ বিদ্যুতৰ প্ৰয়োজনীয়তা ২০৭০ চনৰ ভিতৰত ৭ গুণ বৃদ্ধি হ’ব। তেওঁ লগতে পৰিৱেশ ৰক্ষাৰ সমান্তৰালকৈ স্বচ্ছ, বিশ্বাসযোগ্য আৰু বহণক্ষম শক্তিৰ জৰিয়তে দেশত বিদ্যুতৰ প্ৰয়োজনীয়তা বৃদ্ধিৰ দিশটো পূৰণ কৰাত গুৰুত্ব দিয়ে।
শীৰ্ষ সন্মিলনৰ আলোচনাক কাৰ্যত পৰিণত কৰিবলৈ অংশগ্ৰহণকাৰীসকলক আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “আলোচনাক প্ৰকল্পলৈ ৰূপান্তৰিত কৰক আৰু প্ৰকল্পসমূহক শক্তিলৈ ৰূপান্তৰিত কৰক।” তেওঁ গোলকীয় সহযোগিতাৰ আহ্বান জনাই কয় যে, "যদি পৃথিৱীখন সূৰ্যৰ দ্বাৰা পোহৰাই তুলিব লাগে, তেন্তে ইয়াক একেলগে কাম কৰি পোহৰাই তোলা হওক।"
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সৰ্বোত্তম প্ৰদৰ্শন কৰা ৰাজ্য, চৰকাৰী বিভাগ, বিক্ৰেতা, ব্ৰেণ্ডৰ মালিক আৰু ৰাজহুৱা খণ্ডৰ বেংকক নবীকৰণযোগ্য শক্তিৰ উৎকৃষ্টতা বঁটা আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বঁটা প্ৰদান কৰে।
কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী; নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছ’ নাইক; ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড° অজয় কুমাৰ ছুদ আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী সন্তোষ কুমাৰ সাৰংগীও অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ লগতে অংশীদাৰ দেশসমূহৰ প্ৰতিনিধি, নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্যোগৰ নেতা, অংশীদাৰ, প্ৰদৰ্শক আৰু অন্যান্য প্ৰতিনিধিসকলেও শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে।
***
PR/ASM/VM/US