প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

সকলো অগ্নিবীৰক প্ৰতিৰক্ষা বাহিনীত স্থায়ীভাৱে অন্তৰ্ভুক্ত কৰাৰ পথ মুকলি কৰিলে কেন্দ্ৰীয় কেবিনেটে

বিগত চাৰি বছৰত অগ্নিবীৰসকলৰ কৰ্মদক্ষতাৰ মূল্যায়নত প্ৰতিৰক্ষা বাহিনীৰ ইতিবাচক মতামত

যোগ্যতাৰ ভিত্তিত পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই ২৫ শতাংশ অগ্নিবীৰক প্ৰতিৰক্ষা বাহিনীত নিয়মীয়া নিযুক্তিৰ সুবিধা প্ৰদান কৰা হ’ব।

অৱশিষ্ট অগ্নিবীৰসকলৰ ইচ্ছাৰ ভিত্তিত তেওঁলোকক আৰু দুবছৰৰ বাবে সেৱাত নিয়োজিত হোৱাৰ সুবিধা প্ৰদান কৰা হ’ব।

এই দুবছৰীয়া সেৱাকাল সম্পূৰ্ণ হোৱাৰ পিছত, নিজৰ ইচ্ছা আৰু নিৰ্বাচনৰ চৰ্ত পূৰণ কৰা সকলো অগ্নিবীৰক নিয়মীয়া সৈনিক হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব।

পোষ্ট কৰা হৈছে: 04 NOV 2026 4:14PM by PIB Guwahati

সাংগঠনিক প্ৰয়োজনীয়তা আৰু কাৰ্যকৰী দক্ষতাৰ ভিত্তিত কৰা বস্তুনিষ্ঠ মূল্যায়নত অগ্নিবীৰসকলৰ দক্ষতা, কৰ্মস্পৃহা, শাৰীৰিক সক্ষমতা আৰু প্ৰযুক্তিগত জ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ তথ্য পোহৰলৈ আহিছে। পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই যোগ্যতাৰ ভিত্তিত ২৫ শতাংশ অগ্নিবীৰক প্ৰতিৰক্ষা বাহিনীত নিয়মীয়া নিযুক্তি প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি, ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰামৰ্শ অনুসৰি অৱশিষ্ট ৭৫ শতাংশ অগ্নিবীৰৰ বাবে আৰু দুবছৰৰ সেৱাকালৰ ব্যৱস্থা কেবিনেটে অনুমোদন জনাইছে। এই দুবছৰীয়া সেৱাকাল সম্পূৰ্ণ হোৱাৰ পিছত নিজৰ ইচ্ছা আৰু নিৰ্বাচনৰ নিৰ্ধাৰিত চৰ্ত পূৰণৰ ভিত্তিত সকলো অগ্নিবীৰক নিয়মীয়া সৈনিক হিচাপে নিযুক্তিৰ সুবিধা প্ৰদান কৰা হ’ব।

ইচ্ছুক ৭৫ শতাংশ অগ্নিবীৰৰ বাবে অতিৰিক্ত দুবছৰৰ সেৱাকালৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত সুপৰিকল্পিত, যুক্তিসংগত আৰু বিস্তৃত মূল্যায়ন তথা মতামতৰ ভিত্তিত গ্ৰহণ কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে অগ্নিবীৰসকলৰ আকাংক্ষা আৰু সাংগঠনিক দক্ষতাৰ মাজত সামঞ্জস্য স্থাপন কৰা।

 

অগ্নিপথ আঁচনিৰ সাফল্য

 

অগ্নিপথ আঁচনি ৰূপায়ণৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আঁচনিখনৰ কাৰ্যকাৰিতা আৰু অগ্নিবীৰসকলৰ কৰ্মদক্ষতাৰ সন্দৰ্ভত বিস্তৃত মতামত সংগ্ৰহ কৰা হয়। আঁচনিখনৰ কেইটামান উল্লেখযোগ্য সাফল্য হৈছে—

 

* দেশৰ বিভিন্ন জিলাত অগ্নিবীৰ নিযুক্তিৰ পৰিসৰ বৃদ্ধি।

 

* অধিক মানসম্পন্ন আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া।

 

* শাৰীৰিক সক্ষমতা, মনোবল, কৰ্মস্পৃহা, প্ৰতিযোগিতামূলক মনোভাৱ আৰু অনুশাসনৰ উচ্চ মান।

 

* সেৱাকালত দক্ষতা, প্ৰযুক্তিৰ সৈতে খাপ খুৱাব পৰা সামৰ্থ্য আৰু শিক্ষাৰ উন্নতি।

 

* প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন শাখাত মহিলাসকলৰ বাবে নিযুক্তিৰ সুযোগ মুকলি।

 

এই সাফল্যসমূহৰ ভিত্তিত অগ্নিপথ আঁচনি অব্যাহত ৰখা হ’ব। দ্বিতীয় পৰ্যায়ৰ সেৱাকালত অধিক পাৰিশ্ৰমিক, উন্নত সেৱা নিধি পেকেজ আৰু জ্যেষ্ঠতাৰ সুবিধা প্ৰদান কৰা হ’ব।

অতিৰিক্ত দুবছৰৰ সেৱাকালৰ ব্যৱস্থা আৰু তাৰ পিছত সকলো অগ্নিবীৰক নিয়মীয়া সৈনিক হিচাপে নিযুক্তিৰ সুবিধা প্ৰদানৰ সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় কেবিনেটে সকলো অগ্নিবীৰক প্ৰতিৰক্ষা বাহিনীত স্থায়ীভাৱে অন্তৰ্ভুক্ত কৰাৰ পথ মুকলি কৰিছে।

 

 

********

VK/SR/Savvy/PB


(ৰিলিজ আই ডি : 2332611) অতিথি কক্ষ : 13