গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভিবি–জি ৰাম জি আইনৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জাৰি কৰিলে অভিযোগ নিষ্পত্তি বিধি, ২০২৬

ক্ষিপ্ৰ, স্বচ্ছ আৰু সময়সীমাভিত্তিক অভিযোগ নিষ্পত্তিৰ বাবে বহুস্তৰীয় ব্যৱস্থা আৰু ডিজিটেল মঞ্চ

অভিযোগ দাখিলৰ বাবে একাধিক মাধ্যম, বাধ্যতামূলক পঞ্জীয়ন, ডিজিটেল নিৰীক্ষণ আৰু অমীমাংসিত অভিযোগ উচ্চতৰ পৰ্যায়লৈ প্ৰেৰণ

৭টা কৰ্মদিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰা আৰু ১৫ দিনৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰাৰ নিৰ্দেশনা

পোষ্ট কৰা হৈছে: 02 NOV 2026 11:16AM by PIB Guwahati

ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে 'বিকশিত ভাৰত - গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ)' : ভিবি-জি ৰাম জি - অভিযোগ প্ৰশমন বিধি, ২০২৬ অধিসূচিত কৰিছে, যাৰ জৰিয়তে এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় অভিযোগসমূহ নিষ্পত্তিৰ বাবে এটা সুসংগঠিত, বহুস্তৰীয় আৰু সময়সীমাভিত্তিক ব্যৱস্থা প্ৰতিষ্ঠিত হ’ব। নাগৰিকসকলৰ অভিযোগ আৰু আপত্তিসমূহ যাতে যথাসময়ত গুৰুত্ব তথা উপযুক্ত পদক্ষেপ লাভ কৰে সেয়া নিশ্চিত কৰাৰ লগতে অভিযোগ নিষ্পত্তি ব্যৱস্থাক অধিক সুলভ, স্বচ্ছ আৰু দায়বদ্ধ কৰি তোলাই এই বিধিসমূহৰ মূল লক্ষ্য।

বহুস্তৰীয় অভিযোগ নিষ্পত্তি ব্যৱস্থা

এই বিধিসমূহে ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত সময়সীমাভিত্তিক, বহুস্তৰীয় অভিযোগ নিষ্পত্তি ব্যৱস্থা প্ৰতিষ্ঠাৰ বিধান সন্নিৱিষ্ট কৰিছে। যথোপযুক্ত পৰ্যায়ত নিৰ্ধাৰিত অভিযোগ নিষ্পত্তি বিষয়াসকল অভিযোগ গ্ৰহণ, পঞ্জীয়ন, তদন্ত আৰু নিষ্পত্তিৰ বাবে দায়বদ্ধ হ'ব।

জিলা কাৰ্যসূচী সমন্বয়কে জিলা পৰ্যায়ত অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়া তদাৰক কৰিব আৰু নিৰ্ধাৰিত ব্যৱস্থা তথা অভিযোগ প্ৰশমনৰ বাবে গঠিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে যাতে অভিযোগসমূহ সমাধান কৰা হয়, সেয়া নিশ্চিত কৰিব।

অভিযোগ দাখিলৰ একাধিক মাধ্যম

আঁচনিখনৰ ৰূপায়ণৰ সৈতে জড়িত বা ইয়াৰ পৰা উদ্ভৱ হোৱা যিকোনো বিষয় সন্দৰ্ভত যিকোনো ব্যক্তিয়ে সহজে অভিযোগ দাখিল কৰিব পাৰিব। এই বিধিসমূহে বিভিন্ন মাধ্যমৰ জৰিয়তে অভিযোগ দাখিলৰ ব্যৱস্থা প্ৰদান কৰিছে :

  • নিৰ্ধাৰিত অভিযোগ নিষ্পত্তি বিষয়াৰ ওচৰত ব্যক্তিগতভাৱে উপস্থিত হৈ
  • প্ৰেৰণৰ প্ৰমাণসহ স্পীড পোষ্টযোগে
  • কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা অভিযোগ প্ৰশমনৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে আৰু
  • টেলিফোন, নিৰ্ধাৰিত হেল্পলাইন বা ৰাজ্য চৰকাৰে স্থিৰ কৰা আন যিকোনো মাধ্যমৰ জৰিয়তে।

গাঁও পঞ্চায়ত, খণ্ড বা জিলা পৰ্যায়ত লিখিত ৰূপত লাভ কৰা অভিযোগসমূহ লাভ কৰাৰ দিনাই নিৰ্ধাৰিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনীত প্ৰৱিষ্ট কৰি পঞ্জীয়ন কৰিব লাগিব। এয়া সম্ভৱ নহ'লে পৰৱৰ্তী কৰ্মদিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব।

অভিযোগ পঞ্জীয়ন কৰাৰ পাছত অভিযোগকাৰীয়ে এখন স্বীকৃতি-পত্ৰ লাভ কৰিব, য'ত পঞ্জীয়ন নম্বৰ, অভিযোগ লাভ কৰাৰ তাৰিখ আৰু অভিযোগ গ্ৰহণ কৰা কৰ্তৃপক্ষৰ পদবী উল্লেখ থাকিব। ডিজিটেল মাধ্যমেৰে অভিযোগ দাখিল কৰা ক্ষেত্ৰত এই স্বীকৃতি-পত্ৰ ইলেক্ট্ৰনিক মাধ্যমেৰে আৰু লিখিত ৰূপত দাখিল কৰা অভিযোগৰ ক্ষেত্ৰত ছপা স্বীকৃতি-পত্ৰ প্ৰদান কৰা হ’ব।

গুৰুত্বপূৰ্ণভাৱে, আবেদনৰ আৰ্হি বা বিন্যাস, ভাষা, দাখিলৰ পদ্ধতি বা আন কোনো পদ্ধতিগত ত্ৰুটিৰ দোহাই দি কোনো অভিযোগ পঞ্জীয়ন কৰাৰ পৰা নাকচ কৰিব নোৱাৰিব। এই বিধানে নিশ্চিত কৰে যে সাধাৰণ নাগৰিকে কোনো পদ্ধতিগত আনুষ্ঠানিকতাৰদ্বাৰা বাধাগ্ৰস্ত নোহোৱাকৈ অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

অভিযোগৰ তদন্ত আৰু নিষ্পত্তিৰ বাবে নিৰ্ধাৰিত সময়সীমা

অভিযোগসমূহৰ তাৎক্ষণিক পৰীক্ষা আৰু নিষ্পত্তি নিশ্চিত কৰাৰ উদ্দেশ্যে নিয়মাৱলীত স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। নিৰ্ধাৰিত অভিযোগ নিষ্পত্তি বিষয়াগৰাকীয়ে পঞ্জীয়নভুক্ত প্ৰতিটো অভিযোগ পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় তদন্ত কৰিব লাগিব। এই উদ্দেশ্যে বিষয়াগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষ বা বিষয়ববীয়াসকলৰ পৰা প্ৰাসংগিক নথি-পত্ৰ, পঞ্জী, প্ৰতিবেদন, ইলেক্ট্ৰনিক তথ্য বা অন্যান্য প্ৰয়োজনীয় তথ্য বিচাৰিব পাৰিব।

য'ত প্ৰয়োজন হয়, অভিযোগ নিষ্পত্তি কৰাৰ পূৰ্বে অভিযোগকাৰীক ব্যক্তিগতভাৱে বা ইলেক্ট্ৰনিক মাধ্যমেৰে নিজৰ বক্তব্য দাঙি ধৰাৰ যুক্তিসঙ্গত সুযোগ প্ৰদান কৰা হ'ব।

অভিযোগ প্ৰাপ্তিৰ তাৰিখৰ পৰা সাতটা কৰ্মদিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। তদন্ত সমাপ্ত হোৱাৰ পাছত অভিযোগ নিষ্পত্তি বিষয়াই অনুসন্ধানৰ ফলাফলসমূহ লিপিবদ্ধ কৰিব আৰু আইন তথা বিধি অনুসৰি যথোপযুক্ত সংশোধনমূলক বা প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব অথবা কৰোৱাব। অভিযোগ প্ৰাপ্তিৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত তাৰ নিষ্পত্তি কৰাটো বাধ্যতামূলক।

তদন্তৰ ফলাফল আৰু গ্ৰহণ কৰা ব্যৱস্থা নিৰ্ধাৰিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিত লিপিবদ্ধ কৰা হ’ব আৰু সেই বিষয়ে অভিযোগকাৰীক অৱগত কৰা হ’ব। লিখিত ৰূপত লাভ কৰা অভিযোগৰ ক্ষেত্ৰত তদন্তৰ ফলাফল আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও অভিযোগকাৰীক লিখিতভাৱে অৱগত কৰা হ’ব।

ডিজিটেল নিৰীক্ষণ আৰু অমীমাংসিত অভিযোগ উচ্চতৰ পৰ্যায়লৈ স্থানান্তৰ

নিৰ্ধাৰিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে পঞ্জীয়নৰ পৰা চূড়ান্ত নিষ্পত্তিলৈকে অভিযোগৰ আদ্যোপান্ত নিৰীক্ষণৰ সুবিধা প্ৰদান কৰিব। ই তদন্ত, অনুসন্ধানৰ ফলাফল আৰু গ্ৰহণ কৰা পদক্ষেপৰ ইলেক্ট্ৰনিক তথ্য সংৰক্ষণকো সম্ভৱ কৰি তুলিব, যাৰ ফলত অভিযোগ প্ৰশমন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু প্ৰশাসনিক দায়বদ্ধতা বৃদ্ধি পাব।

নিৰ্ধাৰিত ১৫ দিনৰ সময়সীমাৰ ভিতৰত কোনো অভিযোগ নিষ্পত্তি নহ'লে ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰা অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে সেই অভিযোগ স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী উচ্চতৰ পৰ্যায়লৈ প্ৰেৰণ কৰা হ'ব। স্থানান্তৰিত অভিযোগ লাভ কৰা কৰ্তৃপক্ষই বিষয়টো পৰীক্ষা কৰিব আৰু নিষ্পত্তিৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। সমাধান নোহোৱালৈকে এনে অভিযোগসমূহ ইলেক্ট্ৰনিকভাৱে নিৰীক্ষণ কৰি থকা হ'ব।

পুনৰ বিবেচনাৰ আবেদন (আপীল)ৰ ব্যৱস্থা

অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ অধীনত প্ৰদান কৰা আদেশৰ বিৰুদ্ধে এই বিধিসমূহত আপীল (পুনৰাবেদন)ৰো বিধান ৰখা হৈছে। ভিবি-জি ৰাম জি আইন, ২০২৫-ৰ ১ম অনুসূচী অনুসৰি এনে আপীলসমূহ দাখিল আৰু নিষ্পত্তি কৰা হ'ব।

এই বিধিসমূহৰ জৰিয়তে চৰকাৰে ভিবি-জি ৰাম জিৰ অধীনত নাগৰিককেন্দ্ৰিক, সহজে উপলব্ধ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অভিযোগ নিষ্পত্তিৰ এক ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। অভিযোগ দাখিলৰ বাবে বহুস্তৰীয় প্ৰাতিষ্ঠানিক ব্যৱস্থা, বিভিন্ন মাধ্যম, বাধ্যতামূলক পঞ্জীয়ন, নিৰ্দিষ্ট সময়সীমা, ডিজিটেল নিৰীক্ষণ আৰু নিষ্পত্তি নোহোৱা অভিযোগসমূহ উচ্চতৰ কৰ্তৃপক্ষলৈ প্ৰেৰণৰ ব্যৱস্থাই প্ৰশাসনিক জবাবদিহিতা শক্তিশালী কৰাৰ লগতে আঁচনিখনৰ ৰূপায়ণ প্ৰক্ৰিয়াক অধিক জনমুখী কৰি তুলিব বুলি আশা কৰা হৈছে।

এই অধিসূচনা ভিবি-জি ৰাম জি-ৰ ৰূপায়ণৰ সৈতে জড়িত অভিযোগসমূহ পদ্ধতিগতভাৱে, স্বচ্ছতাৰে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাটো নিশ্চিত কৰাৰ দিশত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে আঁচনিখনৰ অধীনত গ্ৰাম্য পৰিয়ালসমূহৰ অধিকাৰ আৰু প্ৰাপ্যসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

 

PU/KrDD


(ৰিলিজ আই ডি : 2331558) অতিথি কক্ষ : 9