তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ লৌহ পুৰুষলৈ শ্ৰদ্ধাঞ্জলি: ২৭ অক্টোবৰত কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰদান কৰিব সন্মানীয় চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা

ভাৰতৰ লৌহ পুৰুষলৈ শ্ৰদ্ধাঞ্জলি: ২৭ অক্টোবৰত কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰদান কৰিব সন্মানীয় চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা

৩১ অক্টোবৰত তেওঁৰ জন্মজয়ন্তী উপলক্ষে আকাশৱাণীয়ে সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা

পোষ্ট কৰা হৈছে: 26 OCT 2026 1:37PM by PIB Guwahati

ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, ৰাষ্ট্ৰীয় সংহতিৰ ৰূপকাৰ আৰু ‘ভাৰতৰ লৌহ পুৰুষ’ হিচাপে সাদৰে স্মৰণ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত আকাশৱাণীয়ে ১৯৫৫ চনৰ পৰা বাৰ্ষিক চৰ্দাৰ বল্লভভাই পেটেল বক্তৃতা শৃংখলাৰ আয়োজন কৰি আহিছে। এই বক্তৃতা শৃংখলাৰ জৰিয়তে তেওঁৰ চিৰস্থায়ী অৱদানক স্মৰণ কৰা হয়।

এই সন্মানীয় বক্তৃতা শৃংখলাৰ ৬৭সংখ্যক সংস্কৰণ ২০২৬ চনৰ ২৭ অক্টোবৰত বিয়লি ৩ বজাত নতুন দিল্লীৰ সংসদ মাৰ্গত অৱস্থিত আকাশৱাণীৰ ৰং ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই বক্তৃতা প্ৰদান কৰিব। বক্তৃতাটোৰ ৰেকৰ্ডিং চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী ৩১ অক্টোবৰৰ নিশা ৯.৩০ বজাত আকাশৱাণীৰ সমগ্ৰ নেটৱৰ্কযোগে সম্প্ৰচাৰ কৰা হ’ব।

এই বক্তৃতা শৃংখলাৰ উদ্বোধনী বক্তৃতা আগবঢ়াইছিল ভাৰতৰত্ন শ্ৰী চি ৰাজাগোপালাচাৰীয়ে, যি আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ জেনেৰেল। তেতিয়াৰ পৰা বহু বিশিষ্ট নেতা, বিজ্ঞানী আৰু ইতিহাসবিদে এই মঞ্চৰ শোভা বঢ়াই আহিছে। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিসকল হ’ল ড° জাকিৰ হুছেইন, ড° এপিজে আব্দুল কালাম, শ্ৰী মোৰাৰজী দেশাই, ড° কৰণ সিং, ড° এমএছ স্বামীনাথন, ন্যায়াধীশ (শ্ৰীমতী) লীলা ছেঠ, শ্ৰী ৰামনাথ কোবিন্দ, শ্ৰী অৰুণ জেটলী, শ্ৰী অজিত ডোভাল, ড° এছ জয়শংকৰ, জেনেৰেল বিপিন ৰাৱট আৰু ড° এছ সোমনাথ। যোৱা বছৰ এই বক্তৃতা শৃংখলাৰ ৬৬সংখ্যক বক্তৃতা আগবঢ়াইছিল কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই।

এই বাৰ্ষিক অনুষ্ঠানে বিভিন্ন বিষয়ৰ চিন্তা-চৰ্চা, ধাৰণা আৰু মতামতৰ এক ভঁৰাল হিচাপে কাম কৰি আহিছে। লগতে, আমাৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ বিভিন্ন দিশৰ অপৰিসীম বিস্তৃতি আৰু গভীৰতা অধিক ভালদৰে বুজি পোৱাৰ এক মাধ্যম হিচাপেও ই পৰিগণিত হৈছে। বছৰ বাগৰাৰ লগে লগে ভাৰতক বুজিবলৈ আগ্ৰহীসকলৰ বাবে এই বক্তৃতাসমূহ মূল্যৱান জ্ঞানৰ ভঁৰাল হৈ উঠিছে। বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ বৌদ্ধিক অৱদানেৰে এই বক্তৃতা শৃংখলাক এক অতুলনীয় ঐতিহ্য হিচাপে গঢ়ি তোলাত সহায় কৰিছে।

প্ৰেক্ষাগৃহত আসন উপলব্ধ থকাৰ ভিত্তিত প্ৰথমে অহা ব্যক্তিক প্ৰথমে আসন প্ৰদানৰ নীতি অনুসৰি এই অনুষ্ঠানত সকলোৰে প্ৰৱেশৰ সুবিধা থাকিব।

পূৰ্বৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতাসমূহ

বিশিষ্ট নেতা আৰু সন্মানীয় ব্যক্তিসকলৰ অংশগ্ৰহণেৰে সমৃদ্ধ সন্মানীয় চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা শৃংখলাৰ পূৰ্বৰ সংস্কৰণসমূহ প্ৰসাৰ ভাৰতীৰ আনুষ্ঠানিক ইউটিউব আৰ্কাইভত চাওক।

বক্তৃতাসমূহ চাবলৈ: https://youtube.com/playlist?list=PLqtVCj5iilH4WmBlnHhj3XiR_v0E7elJh&si=TxICk_ChZVu5V5Rj

 

*****

Mahesh Kumar/ Aparajita Priyadarshini/AA


(ৰিলিজ আই ডি : 2328585) অতিথি কক্ষ : 6