পোষ্ট কৰা হৈছে:
22 OCT 2026 2:24PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ‘কাশী তামিল সংগমম’ (কেটিএছ ৫.০) ৰ পঞ্চম সংস্কৰণৰ পঞ্জীয়ন প’ৰ্টেল মুকলি কৰে। এই কাৰ্যসূচীয়ে শিক্ষাৰ দুই প্ৰাচীন কেন্দ্ৰ তামিলনাডু আৰু কাশীৰ মাজত যুগ যুগৰ পুৰণি সভ্যতাৰ বান্ধোন উদযাপন, পুনৰ নিশ্চিত আৰু শক্তিশালী কৰিব, যিয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ শক্তিশালী কৰিব।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰাচীন কালৰে পৰা দেশখনৰ এক শক্তিশালী সাংস্কৃতিক ঐক্য আছে। তেওঁ কয় যে বহু লোকে তেওঁলোকৰ ধৰ্মীয় পৰম্পৰাৰ অংশ হিচাপে কাশী আৰু ৰামেশ্বৰম ভ্ৰমণ কৰিছিল, যি ভ্ৰমনে ভাৰতৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত গভীৰভাৱে নিহিত সাংস্কৃতিক বান্ধোনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক, লেখক, পেছাদাৰী ব্যক্তি, কৃষক, শিল্পী, মহিলা আৰু আধ্যাত্মিক পণ্ডিতসকলক একত্ৰিত কৰিব। তেওঁ লগতে উল্লেখ কৰে যে কাশী তামিল সংগমমৰ উদ্দেশ্যসমূহৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচিত কৰিবলৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত শৈক্ষিক প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কাশী তামিল সংগমমে ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰা আৰু ভাৰতৰ অংশীদাৰী সভ্যতাৰ ঐতিহ্য উদযাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্ৰথম কাশী তামিল সংগমম ২০২২ চনত অনুষ্ঠিত হৈছিল আৰু যোৱা চাৰিটা সংস্কৰণত ই দুয়োটা অঞ্চলৰ মাজত জ্ঞান, ভাষা, পৰম্পৰা আৰু জীৱনৰ অভিজ্ঞতাৰ অৰ্থপূৰ্ণ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰিছিল। এই অনুষ্ঠানটো কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগে আইআইটি মাদ্ৰাজ; বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ); চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল (চিআইচিটি), চেন্নাই; উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়, ৰেলৱে, বিদ্যালয় শিক্ষা, পৰ্যটন, বস্ত্ৰ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, তথ্য আৰু সম্প্ৰচাৰ, দক্ষতা বিকাশ আৰু উদ্যোগশীলতা আদি বিভাগ তথা মন্ত্ৰালয়ৰ সহযোগত আয়োজন কৰিছে।
২০২৬ চনৰ "থিৰুক্কুৰাল পায়িলভোম-থিৰুক্কুৰাল অভ্যাস কাৰেন"ৰ বিষয়বস্তুঃ
কেটিএছ ৫.০ ৰ বিষয়বস্তু হৈছে "থিৰুক্কুৰাল পায়িলভোম-থিৰুক্কুৰাল অভ্যাস কাৰেন"। পঞ্চম সংস্কৰণে শাস্ত্ৰীয় তামিল গ্ৰন্থ থিৰুক্কুৰালৰ কালজয়ী আদৰ্শগত আৰু নৈতিক জ্ঞানক সমগ্ৰ দেশৰ যুৱক-যুৱতী আৰু শিক্ষাৰ্থীসকলৰ ওচৰলৈ অনাৰ চেষ্টা কৰিছে। শৈক্ষিক সম্পৰ্ক, বহুভাষিক সম্পদ আৰু ব্যাপক ৰাজহুৱা প্ৰসাৰৰ জৰিয়তে, কাৰ্যসূচীটোৱে গ্ৰন্থখনত সন্নিবিষ্ট সাৰ্বজনীন মূল্যবোধৰ জ্ঞান, বুজা আৰু প্ৰয়োগক দৈনন্দিন জীৱনলৈ লৈ অনাত উৎসাহিত কৰিব বিচাৰে।
অংশগ্ৰহণ আৰু ভ্ৰমণসূচী
এই কাৰ্যসূচীৰ অংশ হিচাপে তামিলনাডুৰ প্ৰতিটো দলত ২০০ জন লোকৰ সাতটা দলৰ প্ৰায় ১৪০০ অংশগ্ৰহণকাৰীয়ে ৮ দিনৰ ভ্ৰমণ সম্পন্ন কৰিব। ইয়াৰে চাৰিদিন ভ্ৰমণত আৰু চাৰিদিন গঠনমূলক কাৰ্যসূচীত ব্যয় কৰা হ’ব। এই ভ্ৰমণসূচীত বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যা অন্তৰ্ভুক্ত থাকিব, য’ত সাংস্কৃতিক, শৈক্ষিক, ক্ষেত্ৰ-নিৰ্দিষ্ট আৰু আধ্যাত্মিক সম্পৰ্ক স্থাপনৰ কাৰ্যসূচী থাকিব। এই কাৰ্যসূচীত যুৱ অংশগ্ৰহণত গুৰুত্ব দিয়াৰ ফলত নতুন প্ৰজন্মই ভাৰতৰ ধ্ৰুপদী জ্ঞান পৰম্পৰাৰ সৈতে অৰ্থপূৰ্ণভাৱে জড়িত হ’ব পাৰিব আৰু তেওঁলোকৰ মূল্যবোধবোৰ সমসাময়িক শৈক্ষিক, পেছাদাৰী আৰু সামাজিক জীৱনলৈ লৈ যাব পাৰিব।
পঞ্জীয়নৰ সবিশেষ
আগ্ৰহী আবেদনকাৰীসকলে ২২ অক্টোবৰ ২০২৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ আই আই টি মাদ্ৰাজে পৰিচালনা কৰা অফিচিয়েল পৰ্টেল https://kashitamil.iitm.ac.in ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে। প'ৰ্টেলে ১৩ নৱেম্বৰলৈকে সাতটা শ্ৰেণীত আবেদন গ্ৰহণ কৰিবঃ (১) ছাত্ৰ-ছাত্ৰী, (২) শিক্ষক, (৩) লেখক আৰু সংবাদ মাধ্যমৰ কৰ্মী, (৪) কৃষি আৰু আনুষংগিক খণ্ড, (৫) পেছাদাৰী ব্যক্তি আৰু শিল্পী, (৬) মহিলা আৰু (৭) আধ্যাত্মিক নেতা।
কেটিএছ ৫.০ৰ অধীনত গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ
বিভিন্ন শৈক্ষিক শাখা আৰু ভাষিক পটভূমিৰ শিক্ষাৰ্থীসকলৰ মাজত থিৰুক্কুৰালৰ বিষয়ে ব্যাপক বুজাবুজি বৃদ্ধিৰ বাবে সমগ্ৰ দেশতে ১০০০ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ (এইচ ই আই) জৰিয়তে শিক্ষাৰ্থীসকলৰ দেশজোৰা অংশগ্ৰহণ কাৰ্যসূচী হাতত লোৱা হ’ব। এই পদক্ষেপটোত থিৰুক্কুৰালৰ শিক্ষা আৰু মূল্যবোধৰ ব্যাপক প্ৰচাৰৰ বাবে গঠনমূলক অধ্যয়ন, গৱেষণা আৰু শিবিৰ ভিত্তিক কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব। এই বিষয়ে সবিশেষ তথ্য চেন্নাইৰ চেণ্ট্ৰেল ইনষ্টিটিউট অব ক্লাছিকেল তামিল প্ৰতিষ্ঠানৰ পৰ্টেল www.kts.cict.inত পোৱা যাব।
তামিলনাডুৰ থিৰুক্কুৰাল বিশেষজ্ঞসকলে বাৰাণসীৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় ভ্ৰমণ কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলক অভিযোজন মডিউল, মত বিনিময়মূলক অধিৱেশন, কুইজ আদিৰ জৰিয়তে গ্ৰন্থখনৰ মূল মূল্যবোধৰ সৈতে পৰিচয় কৰাব। ৰাষ্ট্ৰীয় ই-পুস্তকালয়াৰ সহযোগত নেচনেল বুক ট্ৰাষ্টে বাৰাণসীৰ বিদ্যালয়সমূহত পঠন অভ্যাস, কাহিনী কোৱা আৰু সৃষ্টিশীল কাৰ্যকলাপৰ মত বিনিময়মূলক অনুষ্ঠান অনুষ্ঠিত কৰিব
কেটিএছ ৫.০-এ থিৰুক্কুৰালৰ শিক্ষাসমূহ সমগ্ৰ ভাৰতৰ বিস্তৃত দৰ্শকৰ বাবে সুলভ কৰি তুলিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰো কৰিব।
শিক্ষা মন্ত্ৰালয়ে তামিলনাডুৰ অৰ্হতা সম্পন্ন আৱেদনকাৰীসকলক, বিশেষকৈ যুৱক-যুৱতী আৰু শিক্ষাৰ্থীসকলক কাশী তামিল সংগমমৰ বাবে পঞ্জীয়ন কৰিবলৈ আৰু ভাৰতৰ সাংস্কৃতিক ঐক্য, ভাষিক বৈচিত্ৰ্য আৰু অংশীদাৰী সভ্যতাৰ উত্তৰাধিকাৰৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।
থোৰতে মূল কাৰ্যসূচীসমূহ
|
সবিশেষ
|
তথ্য
|
|
পঞ্জীয়ন প’ৰ্টেল
|
https://kashitamil.iitm.ac.in/
|
|
প’ৰ্টেলত পঞ্জীয়ন আৰম্ভ
|
২২ অক্টোবৰ, ২০২৬
|
|
পঞ্জীয়নৰ অন্তিম দিন
|
১৩ নৱেম্বৰ, ২০২৬
|
|
কাৰ্যসূচীৰ তাৰিখ
|
২৮ নৱেম্বৰ-১২ ডিচেম্বৰ, ২০২৬
|
|
স্থান
|
বাৰাণসী, প্ৰয়াগৰাজ, অযোধ্যা
|
|
কেন্দ্ৰীয় বিষয়
|
থিৰুক্কুৰাল পায়িলভোম-থিৰুক্কুৰাল অভ্যাস কাৰেন
|
|
অংশগ্ৰহণকাৰীৰ সংখ্যা
|
প্ৰায় ১৪০০ (২০০ জনীয়াকৈ ৭টা দল)
|
***
RRTN/PK