প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰবীণ কুমাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
21 OCT 2026 6:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ হাই জাম্পৰ টি-৬৪ শাখাত দুৰ্দান্ত জাম্পেৰে নিজৰ পূৰ্বৰ ক্ৰীড়া প্ৰতিযোগিতাৰ অভিলেখ ভংগ কৰি স্বৰ্ণ পদক সফলতাৰে অক্ষুণ্ণ ৰখাৰ বাবে প্ৰবীণ কুমাৰক অভিনন্দন জনায়।প্ৰবীণ কুমাৰে এছিয়ান পেৰা গেমছত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি অহাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ এই অসাধাৰণ কৃতিত্বই ধাৰাবাহিকতা, ক্ৰীড়া প্ৰতিভা আৰু উৎকৃষ্টতা অৰ্জনৰ বাবে অবিৰত প্ৰচেষ্টাৰ পৰিচয় দাঙি ধৰিছে।
প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰাৰ বাবে প্ৰবীণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“প্ৰবীণ কুমাৰে এছিয়ান পেৰা গেমছত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি আহিছে!
দুৰ্দান্ত জাম্পেৰে তেওঁ পুৰুষৰ হাই জাম্পৰ টি-৬৪ শাখাত নিজৰ স্বৰ্ণ পদক সফলতাৰে অক্ষুণ্ণ ৰখাৰ লগতে নিজৰ পূৰ্বৰ ক্ৰীড়া প্ৰতিযোগিতাৰ অভিলেখো ভংগ কৰিছে।
এই অসাধাৰণ কৃতিত্বই তেওঁৰ ধাৰাবাহিকতা, ক্ৰীড়া প্ৰতিভা আৰু উৎকৃষ্টতা অৰ্জনৰ বাবে অবিৰত প্ৰচেষ্টাৰ পৰিচয় দাঙি ধৰিছে।
পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰাৰ বাবে প্ৰবীণলৈ আন্তৰিক অভিনন্দন জনালোঁ।”
@narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2326315)
অতিথি কক্ষ : 5