বিত্ত মন্ত্ৰালয়
আইডিবিআইত চৰকাৰৰ শ্বেয়াৰহোল্ডিং সম্পৰ্কীয় বিধায়িনী অগ্ৰগতিৰ স্পষ্টীকৰণ
পোষ্ট কৰা হৈছে:
17 OCT 2026 7:41AM by PIB Guwahati
সংবাদ মাধ্যমৰ একাংশই কিছুমান প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত অন্যান্য বিষয়ৰ লগতে ২০০৩ চনত আইডিবিআইত চৰকাৰৰ শ্বেয়াৰহোল্ডিং সম্পৰ্কীয় বিধায়িনী অগ্ৰগতিৰ ওপৰত মন্তব্য বা মতামত আগবঢ়োৱা হৈছে। এই কথা পুনৰ স্পষ্ট কৰি দিয়া হৈছে যে ২০০৩ চনৰ কেন্দ্ৰীয় বাজেট আলোচনা আৰু আইডিবিআই (ৰিপীল) আইন, ২০০৩ সম্পৰ্কীয় সংসদীয় বিতৰ্কৰ সময়ত চৰকাৰৰ অংশীদাৰিত্ব হ্ৰাস সীমিত কৰাৰ উদ্দেশ্যে এটা সংশোধনী উত্থাপন কৰা হৈছিল যদিও অৱশেষত সেয়া নাকচ কৰা হয় আৰু গৃহীত আইনখনৰ অংশ হিচাপে অন্তৰ্ভুক্ত নহ’ল।
পৰৱৰ্তী সময়ত এই বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ে ১৭ ডিচেম্বৰ ২০১৮ তাৰিখে নিষ্পত্তি কৰা অল ইণ্ডিয়া আইডিবিআই অফিচাৰ্ছ এছ’চিয়েচন বনাম ভাৰত চৰকাৰ আৰু অন্যান্য গোচৰত পৰীক্ষা কৰে। ৰিট আবেদনখন খাৰিজ কৰি ন্যায়ালয়ে ৪১ আৰু ৪২ নং অনুচ্ছেদত তলত দিয়া ধৰণে ৰায়দান কৰে:
অনুচ্ছেদ ৪১:
"এই ন্যায়ালয়ৰ মত যে প্ৰায় ১৫ বছৰ পূৰ্বে এক বিধায়িনী কাম-কাজ সম্পৰ্কীয় বিতৰ্কত সদনৰ মজিয়াত প্ৰদান কৰা বক্তব্যই কেন্দ্ৰীয় চৰকাৰক আইডিবিআই লিমিটেডত নিজৰ অংশীদাৰিত্ব হ্ৰাস কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে। নিসন্দেহে, আলোচনাৰ পিছত সংসদত প্ৰণয়ন কৰা আইনখনত আনিবলৈ বিচৰা সংশোধনীটো অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সদনৰ মজিয়াত দিয়া বক্তব্যই সংসদে এনেদৰে গৃহীত কৰা এখন আইনৰ স্থান ল’ব নোৱাৰে বা তাক অগ্ৰাহ্য কৰিব নোৱাৰে। প্ৰস্তাৱিত উপ-ধাৰাটো অন্তৰ্ভুক্ত নকৰাৰ ফলাফল সন্দৰ্ভত সংসদ নিশ্চিতভাৱেই সচেতন আছিল। পূৰ্বোক্ত প্ৰেক্ষাপটত প্ৰমিছৰী এষ্টপেলৰ নীতিসমূহ সম্পূৰ্ণৰূপে অপ্ৰযোজ্য। সংসদত দিয়া বক্তব্যসমূহক কৰ্মচাৰীসকললৈ দিয়া কোনো প্ৰতিনিধিত্ব বা প্ৰতিশ্ৰুতি হিচাপে গ্ৰহণ কৰা আৰু সেই প্ৰতিনিধিত্বৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ক্ষতিসাধন হোৱাকৈ কোনো কাম কৰা হৈছিল বুলি মানি লোৱাটো সম্ভৱ নহয়। সদনৰ মজিয়াত দিয়া বক্তব্যসমূহ এক আইন প্রণয়নৰ (আইডিবিআই ৰিপীল আইন, ২০০৩) প্ৰেক্ষাপটত আছিল, আৰু উক্ত আইনখন বিধিগত ব্যাখ্যাৰ সুপ্ৰতিষ্ঠিত নীতিসমূহৰ সৈতে সংগতি ৰাখি ব্যাখ্যা কৰিব লাগিব।"
অনুচ্ছেদ ৪২:
"আইডিবিআই ৰিপীল আইন, ২০০৩-ৰ ভাষাত কোনো ধৰণৰ অস্পষ্টতা নাই আৰু চৰকাৰক আইডিবিআই লিমিটেডত নিজৰ অংশীদাৰিত্ব হ্ৰাস কৰা বা বিনিয়োগ প্ৰত্যাহাৰ কৰাত বাধা আৰোপ কৰিব পৰা কোনো ব্যৱস্থা উক্ত আইনখনৰ মাজত অন্তৰ্ভুক্ত কৰি পঢ়াৰ কোনো সুযোগ নাই।"
পূৰ্বোক্ত ৰায়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো ই নিৰ্দিষ্টভাৱে প্ৰমিছৰী এষ্টপেলৰ নীতিৰ বিষয়টোক সামৰি লৈছে, যাৰ ওপৰত ভিত্তি কৰি নিজৰ শ্বেয়াৰহোল্ডিং হ্ৰাস কৰাৰ চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল। আইডিবিআই লিমিটেডত চৰকাৰক নিজৰ অংশীদাৰিত্ব হ্ৰাস কৰা বা বিনিয়োগ প্ৰত্যাহাৰ কৰাত বাধা দিবলৈ উক্ত নীতিটো প্ৰয়োগ কৰিব পৰা নগ’ল।
আইডিবিআই বেংকৰ ৰূপান্তৰ আৰু কৌশলগত বিনিয়োগ প্ৰত্যাহাৰ সন্দৰ্ভত চৰকাৰৰ নীতি সংসদত ধাৰাবাহিকভাৱে কেন্দ্ৰীয় বাজেট ভাষণসমূহত পুনৰ ব্যক্ত কৰা হৈছিল:
কেন্দ্ৰীয় বাজেট ২০১৬–১৭ — তদানীন্তন মাননীয় বিত্তমন্ত্ৰী শ্ৰী অৰুণ জেটলীৰ ভাষণত (অনুচ্ছেদ ৯৩) কোৱা হৈছিল:
"আমাৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ শক্তিশালী আৰু প্ৰতিযোগিতামূলক হ’ব লাগিব। ২০১৬-১৭ বৰ্ষৰ ভিতৰত বেংক ব’ৰ্ড ব্যুৰ’ কাৰ্যক্ষম কৰা হ’ব আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহ একত্ৰীকৰণৰ বাবে এক ৰূপৰেখা দাঙি ধৰা হ’ব। আইডিবিআই বেংকৰ ৰূপান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। চৰকাৰে ইয়াক আগুৱাই লৈ যাব আৰু নিজৰ অংশীদাৰিত্ব ৫০% তকৈ কম কৰাৰ বিকল্পও বিবেচনা কৰিব।"
কেন্দ্ৰীয় বাজেট ২০২১–২২ — তদানীন্তন মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ ভাষণত (অনুচ্ছেদ ৮৪) কোৱা হৈছিল:
"ক’ভিড-১৯ সত্ত্বেও আমি কৌশলগত বিনিয়োগ প্ৰত্যাহাৰৰ দিশত কাম অব্যাহত ৰাখিছো। অন্যান্যসমূহৰ লগতে বিপিচিএল, এয়াৰ ইণ্ডিয়া, শ্বিপিং কৰ্প’ৰেচন অব্ ইণ্ডিয়া, কন্টেইনাৰ কৰ্প’ৰেচন অব্ ইণ্ডিয়া, আইডিবিআই বেংক, বিইএমএল, পৱন হংস, নীলাচল ইস্পাত নিগম লিমিটেডকে ধৰি বহুকেইটা লেনদেন ২০২১-২২ বৰ্ষত সম্পন্ন কৰা হ’ব। আইডিবিআই বেংকৰ বাহিৰেও, ২০২১-২২ বৰ্ষত দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি প্ৰস্তাৱ কৰিছো। ইয়াৰ বাবে বিধায়িনী সংশোধনীৰ প্ৰয়োজন হ’ব আৰু এই অধিৱেশনতেই সংশোধনীসমূহ উত্থাপন কৰাৰ বাবে মই প্ৰস্তাৱ আগবঢ়াইছো।"
আইডিবিআই (ৰিপীল) আইন, ২০০৩-ৰ বিধায়িনী ইতিহাস, মাননীয় দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়িক ৰায়দান আৰু ধাৰাবাহিকভাৱে প্ৰদান কৰা কেন্দ্ৰীয় বাজেটৰ ভাষণসমূহে সামূহিকভাৱে আইডিবিআই বেংকৰ কৌশলগত বিনিয়োগ প্ৰত্যাহাৰ সন্দৰ্ভত চৰকাৰৰ নীতিৰ বিকাশ প্ৰদৰ্শন কৰে। ২০১৮ চনৰ ১৭ ডিচেম্বৰৰ ৰায়টোৱে কোনো সন্দেহৰ অৱকাশ নৰখাকৈ স্পষ্ট কৰি দিছে যে আই ডি বি আই বেংক লিমিটেডত চৰকাৰৰ অংশীদাৰিত্ব হ্ৰাস কৰাৰ ক্ষমতা সংকোচন কৰিবলৈ সংসদীয় আলোচনাৰ সময়ত কৰা বিবৃতীসমূহৰ ভিত্তিত প্ৰতিশ্ৰুতিমূলক প্ৰতিবন্ধকতাৰ (doctrine of promissory estoppel) নীতি প্ৰয়োগ কৰিব নোৱাৰি। ন্যায়ালয়ে লগতে কয় যে গৃহীত আইনখনত আইডিবিআই বেংক লিমিটেডত চৰকাৰৰ অংশীদাৰিত্ব হ্ৰাস কৰাৰ বিৰুদ্ধে কোনো ধৰণৰ নিষেধাজ্ঞা অন্তৰ্ভুক্ত নাছিল।
***
Keerti Tiwari/MM
(ৰিলিজ আই ডি : 2324640)
অতিথি কক্ষ : 7