তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইএফএফআই, ২০২৬ৰ মিডিয়া স্বীকৃতি((Accreditation)ৰ সময়সীমা ১৭ অক্টোবৰলৈ বৃদ্ধি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

পোষ্ট কৰা হৈছে: 15 OCT 2026 2:50PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০২৬ৰ বাবে মিডিয়া স্বীকৃতি(Accreditation)ৰ সময়সীমা আৰু দুদিন বৃদ্ধি কৰি ১৭ অক্টোবৰ, ২০২৬লৈ বৃদ্ধি কৰিছে। ২০ৰ পৰা ২৮ নৱেম্বৰ, ২০২৬লৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ বাতৰি পৰিবেশন কৰিব বিচৰা সাংবাদিক-সংবাদকৰ্মীসকলে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ আনুষ্ঠানিক এক্ৰেডিটেশ্যন প’ৰ্টেলৰ জৰিয়তে নিজৰ আবেদন দাখিল কৰিব পাৰিব।

যোগ্য মাধ্যমৰ প্ৰতিনিধিসকলক এই বৰ্ধিত সময়সীমা শেষ হোৱাৰ পূৰ্বেই নিজৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

আইএফএফআইৰ বিষয়ে

১৯৫২ চনত আৰম্ভ হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ চলচ্চিত্ৰ মহোৎসৱ। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা (ইএছজি)ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱে বিশ্বৰ ভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, মহান ব্যক্তিত্ব আৰু উদীয়মান প্ৰতিভাক একত্ৰিত কৰে।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰে সমৃদ্ধ এই মহোৎসৱে গোৱাৰ বৰ্ণিল পৰিৱেশৰ মাজত বৈচিত্ৰ্যময় কাহিনী, ভাষা আৰু চলচ্চিত্ৰ সম্পৰ্কীয় পৰম্পৰাক উদযাপন কৰে।

৫৭সংখ্যক আইএফএফআই, ২০২৬ৰ বিষয়ে অধিক তথ্য আৰু শেহতীয়া বিস্তৃত বিবৰণৰ বাবে অনুগ্ৰহ কৰি https://www.iffigoa.org/ ভিজিট কৰক।

 

*****

Mahesh Kumar/Aparajita Priyadarshini/DB


(ৰিলিজ আই ডি : 2324210) অতিথি কক্ষ : 12