প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ছিনজো আবেৰ পত্নী আকি আবেই সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
পোষ্ট কৰা হৈছে:
08 OCT 2026 6:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ছিনজো আবেৰ পত্নী শ্ৰীমতী আকি আবেক সাক্ষাৎ কৰে আৰু ভাৰতৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে ছিনজো আবেৰ কথা স্মৰণ কৰি তেওঁক এগৰাকী প্ৰিয় বন্ধু আৰু দূৰদৰ্শী নেতা হিচাপে অভিহিত কৰে। তেওঁ কয় যে ভাৰত-জাপান সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাত ছিনজো আবেৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰত আবে স্মৃতি কৰিড’ৰৰ উদ্বোধন ছিনজো আবেৰ ভাৰত-জাপান বন্ধুত্বৰ ক্ষেত্ৰত থকা স্থায়ী অৱদানৰ প্ৰতি এক যথোচিত শ্ৰদ্ধাঞ্জলি।
শ্ৰী মোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয়—
“জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ছিনজো আবেৰ পত্নী শ্ৰীমতী আকি আবেক সাক্ষাৎ কৰি আনন্দিত হৈছোঁ। ভাৰতৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কক মই গভীৰভাৱে মূল্য দিওঁ।
আবে মোৰ এগৰাকী প্ৰিয় বন্ধু আৰু দূৰদৰ্শী নেতা আছিল। ভাৰত-জাপান সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কালি বাৰাণসীৰ ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰত আবে স্মৃতি কৰিড’ৰৰ উদ্বোধন ভাৰত-জাপান বন্ধুত্বৰ ক্ষেত্ৰত তেওঁৰ স্থায়ী অৱদানৰ প্ৰতি এক যথোচিত শ্ৰদ্ধাঞ্জলি।”
@akie_official”
****
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2321090)
অতিথি কক্ষ : 3