গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
চোৰাং ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে চেনিৰ মজুতকৰণ আৰু উৎসৱৰ বতৰত যোগান নিশ্চিত কৰিবলৈ নিয়মাৱলী পৰ্যালোচনা চৰকাৰৰ
চেনিৰ খুচুৰা বিক্ৰী মূল্য ১৫ শতাংশ হ্ৰাস; কাৰখানাত উৎপাদিত চেনিৰ মূল্য ২৮ শতাংশ হ্ৰাস
পোষ্ট কৰা হৈছে:
01 OCT 2026 12:54PM by PIB Guwahati
ভাৰত চৰকাৰে উৎসৱৰ বতৰত উপযুক্ত মূল্যত গ্ৰাহকৰ বাবে চেনি সহজলভ্য কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা শক্তিশালী কৰি তুলিছে।
ডীলাৰসকলৰ বাবে চৰকাৰে মজুতকৰণৰ সময়সীমা ১৫ দিনলৈ আৰু মজুতৰ পৰিমাণ ১০০০ কুইণ্টললৈ সীমিত কৰিছে। এই নিৰ্দেশাৱলী ১৫ অক্টোবৰ ২০২৬ৰ পৰা ৩০ নৱেম্বৰ ২০২৬লৈ বলৱৎ থাকিব।অৱশ্যে কলকাতা আৰু ইয়াৰ সংলগ্ন মহানগৰ অঞ্চল তথা অসমক ইয়াৰ পৰা বাহিৰত ৰখা হৈছে।
সংশোধিত নিয়মাৱলী ১৫ অক্টোবৰ ২০২৬ৰ পৰা কাৰ্যকৰী হ’ব, এই সময়ত এজন চেনিৰ ডীলাৰেঃ
- ষ্টক লাভ কৰাৰ দিনৰ পৰা ১৫ দিনতকৈ বেছি সময় চেনি মজুত কৰি ৰাখিব নোৱাৰিব।
- কোনো সময়তে আৰু দেশৰ কোনো স্থানতে ১০০০ কুইণ্টলতকৈ বেছি চেনি মজুত কৰিব নোৱাৰিব।
- অঞ্চলটোৰ বজাৰৰ চাহিদা বিবেচনা কৰি মজুতৰ সীমা কলকাতা আৰু ইয়াৰ সংলগ্ন মহানগৰ অঞ্চল তথা অসমৰ বাবে মজুতৰ পৰিমাণ ২০০০ কুইণ্টল নিৰ্ধাৰণ কৰা হৈছে।
কলকাতাৰ চেনিৰ উৎস হ’ল উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক। এই চেনি যোগান ধৰা হয় পূৰ্বোত্তৰ অঞ্চলকে ধৰি দেশখনৰ পূব ভাগত। অসমৰ বাবে চেনিৰ মজুতৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে পূৰ্বোত্তৰ অঞ্চলৰ ভৌগোলিক বাধা, পৰিবহনৰ ব্যৱস্থা আৰু গ্ৰাহকৰ চাহিদাৰ আধাৰত।
নিয়মাৱলীৰ সংশোধনৰ উদ্দেশ্য হ’ল চেনিৰ বিতৰণ ব্যৱস্থাত অদৰকাৰী মজুতকৰণ ৰোধ কৰা আৰু নিশ্চিত কৰা যাতে কাৰখানাৰ পৰা চেনি সুকলমে ডীলাৰৰ ওচৰ পায় আৰু গ্ৰাহকে সময়মতে লাভ কৰে। এই ব্যৱস্থাবোৰ গ্ৰহণ কৰা হৈছে যাতে চোৰাং ব্যৱসায় ৰোধ কৰিব আৰু ডীলাৰসকলৰ মজুতকৰণক বাধা দিব পাৰি। চেনিৰ পৰিমাণ আৰু সময় মজুতকৰণৰ সীমা নিৰ্ধাৰণ কৰাৰ চৰকাৰৰ উদ্দেশ্য হ’ল সমগ্ৰ বিতৰণ ব্যৱস্থাটোৰ সুশৃংখল গতি নিশ্চিত কৰা আৰু উপযুক্ত মূল্যত গ্ৰাহকৰ হাতত পৰাটো নিশ্চিত কৰা।
চেনিৰ খুচুৰা মূল্য ১৫ শতাংশ হ্ৰাস
আগষ্ট মাহৰ শিখৰ স্পৰ্শ কৰাৰ পৰা ইতিমধ্যে চেনিৰ গড় খুচুৰা মূল্য ১৫ শতাংশ হ্ৰাস পাইছে। আশা কৰা হৈছে যে অহা দিনবোৰত বিতৰণ ব্যৱস্থাটোত কাৰখানাত উৎপাদিত চেনিৰ মূল্য হ্ৰাসৰ সুবিধা গ্ৰাহকে পাব। কাৰখানা বহিৰ্ভূত চেনিৰ মূল্য ইতিমধ্যে ২৮ শতাংশ হ্ৰাস পাইছে আৰু যোৱা তিনিটা সপ্তাহ এই মূল্য স্থিৰ হৈ আছে।
চেনিৰ যথোপযুক্ত মজুত আৰু বজাৰত ইয়াৰ সুচল বিতৰণ নিশ্চিত কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ ব্যৱস্থাৰ ফল হ’ল এই মূল্য হ্ৰাস।
চৰকাৰে আশা কৰিছে যে চেনিকল, ডীলাৰ, হোলচেলাৰ আৰু বজাৰৰ অন্যান্য অংশীদাৰসকলে যাতে চেনিৰ সুচল বিতৰণ নিশ্চিত কৰে আৰু চোৰাং ব্যৱসায়ৰ বাবে চেনিৰ কৃত্ৰিম মজুত নাৰাখে। নতুন উৎপাদনৰ মূল্য হ্ৰাসৰ লাভ গ্ৰাহকে পাব পৰাৰ সুবিধা কৰিবলৈ হোলচেলাৰ আৰু খুচুৰা বিক্ৰেতাসকলক চৰকাৰে আবেদন জনাইছে।
নিজৰ অঞ্চলবোৰৰ কৃষি-জলবায়বিক অৱস্থাৰ দ্ৰুত অৱলোকন কৰিবলৈ চেনিকলবোৰক চৰকাৰে পৰামৰ্শ দিছে। কেতবোৰ কুঁহিয়াৰ উৎপাদনকাৰী অঞ্চলত এল নিনোৰ প্ৰভাৱত বৃষ্টিপাত হ্ৰাসৰ প্ৰভাৱৰ পৰ্যবেক্ষণ চৰকাৰে অব্যাহত ৰাখিব আৰু প্ৰয়োজনীয় তথা সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিব, যাতে চেনিৰ ঘৰুৱা যোগান আৰু চাহিদাৰ ভাৰসাম্য তথা কুঁহিয়াৰ খেতিয়কৰ স্বাৰ্থ অক্ষুণ্ণ থাকে।
পথাৰৰ অৱস্থাভেদে যথোপযুক্ত আৰু দ্ৰুত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰবোৰকো পৰামৰ্শ দিয়া হৈছে।
চৰকাৰে বিশ্বাস কৰে যে কুঁহিয়াৰ খেতিয়ক আৰু গ্ৰাহকসকল হ’ল ভাৰতৰ চেনি-নীতিৰ দুটা মুখ্য স্তম্ভ। কুঁহিয়াৰ খেতিয়কক ক্ষতিপূৰণমূলক লাভ নিশ্চিত কৰিবলৈ তথা চেনিৰ অযথা মূল্যবৃদ্ধিৰ পৰা গ্ৰাহকক সুৰক্ষা দিবলৈ আৰু একে সময়তে সমগ্ৰ দেশতে চেনিৰ সুলভতা নিশ্চিত কৰিবলৈ চৰকাৰ দায়বদ্ধ।
***
IA/ RP/PK
(ৰিলিজ আই ডি : 2317729)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam