গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত লস্কৰ-ই-তৈবাৰ শীৰ্ষ পৰ্যায়ৰ কমাণ্ডাৰ মুছা ওৰফে আছিফ ফৌজী নিহত

নিৰাপত্তা বাহিনীয়ে দীৰ্ঘদিন ধৰি মুছাৰ সন্ধান চলাই আহিছিল অভিযান আৰু শেহতীয়াকৈ তেওঁক নিধন কৰাৰ বাবে সকলো সংশ্লিষ্ট সংস্থাৰ সমন্বয়ত এক নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল।

জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত মুছা নিহত হোৱা ঘটনা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ বাবে এক বৃহৎ আঘাত হিচাপে পৰিগণিত হৈছে।

মুছা নিহত হোৱাৰ লগে লগে ২০২২ চনৰ পৰা জম্মু-কাশ্মীৰত সক্ৰিয় হৈ থকা আৰু কেইবাটাও ভয়াৱহ আক্ৰমণৰ বাবে দায়ী লস্কৰ-ই-তৈবাৰ চাৰিজন শীৰ্ষ পৰ্যায়ৰ কমাণ্ডাৰৰ সমগ্ৰ গোটটোৱেই নিপাত হৈছে।

এই গোটটোৰ আন তিনিজন সদস্য জুনাইদ ভাট, ছুলেমান আৰু ইয়াছিৰক পৃথক পৃথক সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে নিধন কৰিছিল।

মুছাক নিধন কৰাৰ বাবে চলোৱা অভিযানটো ২০২৬ চনৰ মে’ মাহত আৰম্ভ কৰা দীৰ্ঘদিনীয়া ‘অপাৰেচন শ্বেৰুৱালী’ৰ অংশ আছিল।

পোষ্ট কৰা হৈছে: 30 SEP 2026 4:09PM by PIB Guwahati

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা নিৰাপত্তা বাহিনীৰ এক যুটীয়া অভিযানত জম্মু-কাশ্মীৰৰ বাদগাম জিলাৰ খানচাহিব আৰক্ষী থানাৰ অন্তৰ্গত গুৰৱাটকালান অঞ্চলত লস্কৰ-ই-তৈবাৰ শীৰ্ষ পৰ্যায়ৰ কমাণ্ডাৰ মুছা ওৰফে আছিফ ফৌজী নিহত হয়। নিৰাপত্তা বাহিনীয়ে দীৰ্ঘদিন ধৰি মুছাৰ সন্ধান চলাই আছিল। শেহতীয়াকৈ তেওঁৰ গতিবিধি আৰু উপস্থিতি সন্দৰ্ভত প্ৰযুক্তিগত আৰু মানৱীয় চোৰাংচোৱা তথ্য লাভ কৰাৰ পাছত তেওঁক নিধন কৰাৰ বাবে সকলো সংশ্লিষ্ট সংস্থাৰ সমন্বয়ত এক নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত মুছা নিহত হোৱাৰ ঘটনাই জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ আঘাত হিচাপে পৰিগণিত হৈছে। মুছা  নিহত হোৱাৰ লগে লগে ২০২২ চনৰ পৰা জম্মু-কাশ্মীৰত সক্ৰিয় হৈ থকা আৰু হালান আক্ৰমণ (আগষ্ট ২০২৩), ডি কে জি আক্ৰমণ (ডিচেম্বৰ ২০২৩), কান্দি আক্ৰমণ (মে’ ২০২৩), শ্বাহছিতাৰ আক্ৰমণ (মে’ ২০২৪), শিৱ খোৰী আক্ৰমণ (জুন ২০২৪), গগনগীৰ আক্ৰমণ (অক্টোবৰ ২০২৪), বুটাপথৰী আক্ৰমণ (অক্টোবৰ ২০২৪) আৰু বাইছাৰণ আক্ৰমণ (এপ্ৰিল ২০২৫)ৰ দৰে নাৰকীয় আক্ৰমণৰ বাবে দায়ী লস্কৰ-ই-তৈবাৰ চাৰিজন শীৰ্ষ পৰ্যায়ৰ কমাণ্ডাৰৰ সমগ্ৰ গোটটোৱেই নিৰ্মূল হৈছে। এই গোটটোৰ আন তিনিজন সদস্যক নিৰাপত্তা বাহিনীয়ে পৃথক পৃথক সংঘৰ্ষত নিধন কৰিছিল। জুনাইদ ভাটক ২০২৪ চনৰ ৩ ডিচেম্বৰত দাচিগামত, ছুলেমানক ২০২৫ চনৰ ২৮ জুলাইত ‘অপাৰেচন মহাদেৱ’ৰ সময়ত আৰু ইয়াছিৰক ২০২৬ চনৰ ৪ ছেপ্টেম্বৰত ‘অপাৰেচন অসধৰ’ৰ সময়ত নিধন কৰা হৈছিল। মুছাক নিধন কৰাৰ বাবে চলোৱা শেহতীয়া অভিযান দৰাচলতে পূৰ্বৰে পৰা চলি থকা এক দীৰ্ঘম্যাদী অভিযানৰ অংশ আছিল।যোৱা কেইবছৰমান ধৰি জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীকে ধৰি সকলো নিৰাপত্তা সংস্থাই ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি সন্ত্ৰাসবাদবিৰোধী অভিযান চলাই আহিছে। এই সমন্বিত অভিযানসমূহে ইতিবাচক ফলাফল লাভ কৰিছে।

 

*****

RK / RR / PR / PS/DM


(ৰিলিজ আই ডি : 2317433) অতিথি কক্ষ : 7