তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অপেক্ষাৰ অন্ত পৰিল: ২২ ছেপ্টেম্বৰত ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠত্ব উদযাপন কৰিবলৈ সাজু হৈছে ‘৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’
দিল্লীৰ পৰা ‘একতা নগৰ’লৈ: ‘৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে ৰাজ্যৰ এক নতুন যাত্ৰাৰ আৰম্ভণি
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০২৪ চনৰ ‘দাদাছাহেব ফাল্কে বঁটা’ লাভ কৰিব অনন্ত নাগে
শ্ৰেষ্ঠ কাহিনী ছবিৰ পৰা শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীলৈ, অসাধাৰণ চলচ্চিত্ৰীয় কৃতিত্বৰ পৰা কেন্দ্ৰীয় মঞ্চত অৱস্থান কৰালৈকে
পোষ্ট কৰা হৈছে:
21 SEP 2026 3:10PM by PIB Guwahati
মঞ্চ সাজু হৈ উঠিছে, লাইট সাজু কৰি তোলা হৈছে, আৰু ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠসকলৰ ওপৰত পোহৰ পৰিবলৈ ওলাইছে। ২০২৬ চনৰ ২২ ছেপ্টেম্বৰত গুজৰাটৰ কেৱাড়িয়াৰ ‘একতা নগৰ’ত অনুষ্ঠিত হ’বলগীয়া ‘৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ২০২৪ বৰ্ষৰ ভাৰতীয় চিনেমাৰ অসাধাৰণ কৃতিত্বসমূহক স্বীকৃতি দি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মানীয় বঁটাসমূহ প্ৰদান কৰিব।
ভাৰতীয় চলচ্চিত্ৰৰ আটাইতকৈ সন্মানীয় সন্মানসমূহৰ অন্যতম হৈছে এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ১৯৫৪ চনত আৰম্ভ হোৱা এই বঁটাসমূহে বিভিন্ন ভাষা, অঞ্চল আৰু চলচ্চিত্ৰ নিৰ্মাণৰ শৈলী সামৰি কাহিনী ছবি, অনা কাহিনী ফিল্ম আৰু চলচ্চিত্ৰ বিষয়ক লেখা-মেলাৰ উৎকৃষ্টতাক স্বীকৃতি প্ৰদান কৰে।
দাদাচাহেব ফাল্কে বঁটা
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে জ্যেষ্ঠ অভিনেতা অনন্ত নাগক ২০২৪ বৰ্ষৰ ‘দাদাচাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হ’ব। ২০২৬ চনৰ ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰিব।
পাঁচটা দশকৰো অধিক সময় ধৰি বিস্তৃত কৰ্মজীৱনেৰে অনন্ত নাগে তেওঁৰ বিভিন্ন ধৰণৰ কামৰ জৰিয়তে কানাড়া তথা ভাৰতীয় চিনেমালৈ এক যুগমীয়া অৱদান আগবঢ়াই আহিছে।
এই সন্মানে তেওঁৰ উৎকৃষ্ট শৈল্পিক যাত্ৰা আৰু ভাৰতীয় চিনেমাৰ চহকী উত্তৰাধিকাৰিত্বলৈ আগবঢ়োৱা অনবদ্য অৱদানক উদযাপন কৰিব।

ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠত্বৰ উদযাপন
৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই দেশৰ বিভিন্ন প্ৰান্তৰ উৎকৃষ্ট চলচ্চিত্ৰ, অভিনয় আৰু সৃষ্টিশীল প্ৰতিভাধৰসকলক সন্মিলিত কৰিব।
'আৰ্টিকল ৩৭০' (Article 370) শ্ৰেষ্ঠ কাহিনী ছবি (Best Feature Film) হিচাপে মনোনীত হৈছে, আনহাতে 'ভাংগাৰ' (Bhangaar) শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম আৰু 'ৰাম-নামী' (Ram-Nami) শ্ৰেষ্ঠ তথ্যচিত্ৰ (Best Documentary) হিচাপে নিৰ্বাচিত হৈছে।
অভিনয়ৰ শিতানত, 'ভ্ৰময়ুগম'ৰ বাবে মাম্মুটী আৰু 'চন্দু চেম্পিয়ন'ৰ বাবে কাৰ্তিক আৰিয়ানক শ্ৰেষ্ঠ মুখ্য অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছে, আনহাতে য়ামী গৌতমক 'আৰ্টিকল ৩৭০'ৰ বাবে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ’ব।
'স্বাতন্ত্ৰ্য বীৰ সাৱৰকাৰ'ৰ বাবে ৰণদীপ হুডাক শ্ৰেষ্ঠ আত্মপ্ৰকাশকাৰী পৰিচালকৰ (Best Debut Director) বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্য আৰু চহকী গুণ প্ৰতিফলিত কৰি বিভিন্ন শিতানত আন কেবাখনো চলচ্চিত্ৰ তথা কবাগৰাকীও শিল্পী-কলাকুশলীকো স্বীকৃতি দিয়া হ’ব।
'কল্কি ২৮৯৮ এডি' (Kalki 2898 AD), 'অমৰণ' (Amaran), 'পুষ্পা: দ্য ৰুল পাৰ্ট-০২' (Pushpa: The Rule Part-02), 'ভুল ভুলেয়া ৩' (Bhool Bhulaiyaa 3) আৰু 'স্ত্ৰী ২' (Stree 2)কে ধৰি কেবাখনো চলচ্চিত্ৰই বিভিন্ন শিতানত বঁটা লাভ কৰিব।
বঁটা প্ৰাপকসকল আৰু বিচাৰকমণ্ডলীসকলৰ সম্পূৰ্ণ তালিকাখন চাওক।
Check the complete list of awardees and juries

ভাৰতজুৰি বিস্তৃত হোৱা এক উদযাপন
৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই ভাৰতীয় চিনেমাৰ উদযাপনত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰিৱৰ্তে এইবাৰ এই বঁটা প্ৰদান সমাৰোহ গুজৰাটৰ একতা নগৰত অনুষ্ঠিত কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাক ৰাজধানী দিল্লীৰ বাহিৰলৈ লৈ গৈছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অনাগত বছৰবোৰত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উদযাপন দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপে ভাৰতীয় চিনেমাৰ উদযাপনক বিভিন্ন অঞ্চলৰ কাষ চপাই আনিব আৰু দেশৰ সমৃদ্ধ সাংস্কৃতিক তথা চলচ্চিত্ৰীয় বৈচিত্ৰ্যক প্ৰদৰ্শিত কৰিব।
প্ৰস্তুতি সম্পূৰ্ণ হোৱা আৰু মঞ্চ সাজু হৈ উঠাৰ লগে লগে এতিয়া সকলোৰে দৃষ্টি ২০২৬ চনৰ ২২ ছেপ্টেম্বৰত নিৱদ্ধ হৈছে, যিদিনা ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে একতা নগৰত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কলা-কুশলী আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যান্য সদস্যসকল সন্মিলিত হ’ব।

মঞ্চ সাজু হৈছে। সাজু হৈছে তাৰকাসকলো। উদযাপনৰ বাবে সাজু হৈছে ভাৰতীয় চিনেমা।
******
Mahesh Kumar/Aparajita Priyadarshini/KB
(ৰিলিজ আই ডি : 2313127)
অতিথি কক্ষ : 5