তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু এক উজ্জ্বল চিনেমা যাত্ৰাৰ বাবে অভিনেতা অনন্ত নাগক ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব

২০২৬ চনৰ ২২ ছেপ্টেম্বৰত গুজৰাটৰ কেভাড়িয়াত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব

পোষ্ট কৰা হৈছে: 16 SEP 2026 6:18PM by PIB Guwahati

দাদা চাহেব ফাল্কে বঁটা নিৰ্বাচন সমিতিৰ অনুমোদন মৰ্মে, ভাৰত চৰকাৰে অত্যন্ত সন্তোষেৰে ঘোষণা কৰিছে যে ভাৰতীয় চলচ্চিত্ৰৰ বিকাশ আৰু অগ্ৰগতিত আগবঢ়োৱা অসাধাৰণ তথা অমূল্য অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰখ্যাত প্ৰবীণ অভিনেতা শ্ৰী অনন্ত নাগক ২০২৪ বৰ্ষৰ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ জৰিয়তে তেওঁৰ পাঁচটা দশকতকৈও অধিক সময় জোৰা এক উজ্জ্বল চিনেমা যাত্ৰাক স্বীকৃতি জনোৱা হৈছে, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিল্পীসকলক অনুপ্ৰাণিত কৰি আহিছে আৰু দেশৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰিছে। ২০২৬ চনৰ ২২ ছেপ্টেম্বৰত গুজৰাটৰ কেভাড়িয়াত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰী অনন্ত নাগক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।

শ্ৰী অনন্ত নাগৰ বিষয়ে

শ্ৰী অনন্ত নাগ (জন্ম ৪ ছেপ্টেম্বৰ ১৯৪৮, কৰ্ণাটক) এগৰাকী প্ৰবীণ ভাৰতীয় অভিনেতা, যি তেওঁৰ বহুমুখী প্ৰতিভা আৰু ভাৰতীয় চলচ্চিত্ৰলৈ ৫টা দশকতকৈও অধিক সময় ধৰি আগবঢ়োৱা অৱদানৰ বাবে সুবিখ্যাত। তেওঁ কানাড়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘সংকল্প’ৰ জৰিয়তে অভিনয় জীৱনৰ সূচনা কৰে আৰু ‘অংকুৰ’ৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ ‘মালগুড়ি ডেজ’ৰ দৰে উল্লেখযোগ্য সৃষ্টিকে ধৰি কানাড়া, হিন্দী, তেলেগু, মালয়ালম, তামিল আৰু মাৰাঠী ভাষাৰ ৩০০ খনতকৈও অধিক চলচ্চিত্ৰত বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে।

শ্ৰী অনন্তে পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু পাঁচটা কৰ্ণাটক ৰাজ্যিক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ লগতে কৰ্ণাটক ৰাজ্যোৎসৱ বঁটা, কৰ্ণাটক সাহিত্য অকাডেমী বঁটা আৰু কৰ্ণাটক ৰাজ্যিক জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে। বাংগালুৰু বিশ্ববিদ্যালয়ৰ (উত্তৰ) পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে। ২০২৩ চনত তেওঁ চিনেমা জগতত নিজৰ ৫০ বছৰীয়া কৰ্মজীৱনৰ সোণালী জয়ন্তী উদযাপন কৰে।

চলচ্চিত্ৰৰ উপৰিও, শ্ৰী অনন্তে ১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ কৰ্ণাটক বিধান পৰিষদৰ সদস্য হিচাপে আৰু ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যাৰ সময়ছোৱাত তেওঁ বাংগালুৰু নগৰ উন্নয়নৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পালন কৰে। ২০২৫ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত কৰে। বৰ্তমান সময়তো শ্ৰী অনন্ত নাগ ভাৰতৰ অন্যতম শ্ৰদ্ধাৰ সাংস্কৃতিক ব্যক্তি হিচাপে পৰিগণিত হৈ আছে, যি তেওঁৰ বহুমুখী প্ৰতিভা, বিনম্ৰতা আৰু ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা চিৰস্থায়ী অৱদানৰ বাবে সকলোৰে আদৰৰ পাত্ৰ।

দাদা চাহেব ফাল্কে বঁটাৰ বিষয়ে

১৯৬৯ চনত দেৱীকা ৰাণীক প্ৰথমবাৰ প্ৰদান কৰি আৰম্ভ কৰা দাদা চাহেব ফাল্কে বঁটা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ দাদা চাহেব ফাল্কেৰ অৱদানৰ স্মৃতিত প্ৰৱৰ্তন কৰিছিল, যিয়ে ১৯১৩ চনত ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ৰাজা হৰিশ্চন্দ্ৰ’ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান হিচাপে বিবেচিত এই বঁটাপ্ৰাপকসকলক ‘ভাৰতীয় চলচ্চিত্ৰৰ বিকাশ আৰু অগ্ৰগতিত অসাধাৰণ অৱদান’ৰ বাবে স্বীকৃতি জনোৱা হয়। এই বঁটাত এটা স্বৰ্ণ কমল পদক, এখন শ্বল আৰু নগদ ১০ লাখ টকাৰ পুৰস্কাৰ থাকে।

 

*****

Mahesh Kumar/ Aparajita Priyadarshini/RD


(ৰিলিজ আই ডি : 2311816) অতিথি কক্ষ : 7