প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ বিকাশৰ পৰৱৰ্তী পৰ্যায়ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলক আহ্বান জনায়

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উদীয়মান প্ৰযুক্তিৰ প্ৰাৰম্ভিক আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ আকাংক্ষা কৰা উচিত

প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যদ্বাণীযোগ্য আৰু সঁহাৰি জনোৱা নীতিগত পৰিৱেশৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতাসকলক নীতি আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ত পৰামৰ্শ দিবলৈ আহ্বান জনায়

ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু চৰকাৰৰ স্থায়ী প্ৰচেষ্টাক মুখ্য কাৰ্যবাহী বিষয়াসকলে শলাগ লয়

অৰ্ধপৰিবাহী মূল্য শৃংখলত সামৰ্থ্য গঢ়ি তোলাৰ ভাৰতৰ সম্ভাৱনাৰ বিষয়ত মুখ্য কাৰ্যবাহী বিষয়াসকলে আস্থা প্ৰকাশ কৰে

পোষ্ট কৰা হৈছে: 16 SEP 2026 7:17PM by PIB Guwahati

আজি সেৱা তীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্ধপৰিবাহী খণ্ডৰ  আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত অধ্যক্ষতা কৰে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰযুক্তিগত ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰ আৰু অৰ্ধপৰিবাহী উদ্যোগৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ  বিষয়ত জোৰ দিয়ে।তেওঁ ভাৰতৰ দক্ষ জনশক্তি, প্ৰযুক্তি গ্ৰহণৰ ক্ষমতা আৰু আন্তঃগাঁথনিৰ শক্তিশালী ভেটিৰ কথা উল্লেখ কৰে।লগতে দক্ষতা বিকাশ, উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা কোৱাণ্টাম গণনাৰ দৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্যোগখণ্ডৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায়।কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এক কোটি লোকক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিভাৰ ভঁৰালৰ সৈতে বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলৰ অভিজ্ঞতা আৰু সক্ষমতাৰ সংমিশ্ৰণে যথেষ্ট সুযোগ সৃষ্টি কৰিব পাৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত স্থান লাভ কৰাৰ লক্ষ্য গ্ৰহণ কৰা উচিত।তেওঁ অৰ্ধপৰিবাহী খণ্ডত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে এই পৰিৱেশতন্ত্ৰ এতিয়া প্ৰাথমিক ভেটি গঢ়াৰ পৰ্যায়ৰ পৰা অধিক বৃহৎ পৰিসৰ আৰু অধিক সুযোগৰ পৰ্যায়লৈ আগবাঢ়িছে।প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে চৰকাৰে এক পূৰ্বানুমানযোগ্য আৰু সঁহাৰিমূলক নীতি-পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।একেসময়তে তেওঁ কয় যে প্ৰযুক্তিৰ অগ্ৰগতি আৰু উদ্যোগখণ্ডৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি নীতিসমূহো সময়ৰ সৈতে পৰিৱৰ্তিত হ’ব লাগিব।তেওঁ উদ্যোগখণ্ডৰ নেতাসকলক নীতি আৰু প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।খণ্ডটোক অধিক শক্তিশালী কৰাৰ বাবে ভৱিষ্যতে নীতি প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকৰ পৰামৰ্শক যথোচিত গুৰুত্ব দিয়া হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে।ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ বিকাশৰ পৰৱৰ্তী পৰ্যায়ত উদ্যোগখণ্ডৰ নেতাসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈও তেওঁ উৎসাহিত কৰে।মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাৰতৰ অৰ্ধপৰিবাহী সক্ষমতা বিকাশৰ বাবে চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ শলাগ লয়।তেওঁলোকে নিৰ্মাণ, নক্সা প্ৰস্তুতি, আন্তঃগাঁথনি আৰু দক্ষ জনশক্তি বিকাশৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথাও উল্লেখ কৰে।তেওঁলোকে ‘ভাৰত অৰ্ধপৰিবাহী অভিযান-২’ৰ অধীনত সৃষ্টি হোৱা সুযোগসমূহৰ বিষয়ে আস্থা প্ৰকাশ কৰে।লগতে নিৰ্মাণ, গৱেষণা আৰু উন্নয়ন, উন্নত প্ৰযুক্তি আৰু সহায়ক উদ্যোগকে ধৰি অৰ্ধপৰিবাহীৰ সমগ্ৰ মূল্য শৃংখলত সক্ষমতা গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনাৰ ওপৰত আস্থা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু সহযোগিতাৰ শলাগ লৈ তেওঁলোকে কয় যে বিগত বছৰসমূহত লাভ কৰা অগ্ৰগতিয়ে উদ্যোগখণ্ডৰ অধিক অংশগ্ৰহণৰ বাবে এক শক্তিশালী ভেটি সৃষ্টি কৰিছে।ভাৰতক বিশ্বজুৰি  প্ৰতিযোগিতামূলক অৰ্ধপৰিবাহী আৰু প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতিও তেওঁলোকে প্ৰকাশ কৰে।বৈঠকত ছেমি, মাইক্ৰন, ইনফিনিয়ন, এপ্লাইড মেটেৰিয়েলছ, এএছএমএল, মেৰ্ক, টকিঅ’ ইলেক্ট্ৰন লিমিটেড, ফুজিফিল্ম, এএমডি, ইণ্টেল, টাটা ইলেক্ট্ৰনিকছ, লেম ৰিচাৰ্চ, ৰেপিডাছ, এনএক্সপি, ফক্সকন, ছেমি কণ্ডাক্টৰ ডিভাইচেছ, এডভান্টেষ্ট, চেলেষ্টা কেপিটেল, চিজি পাৱাৰ আৰু আইবিএম ৰিচাৰ্চকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া, মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।

 

******

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2311138) অতিথি কক্ষ : 5