মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৮ সংখ্যক ব্ৰিকছ সন্মিলনৰ অংশ হিচাপে ২০২৬ চনৰ ১১-১২ ছেপ্টেম্বৰত ব্ৰিকছ ইণ্ডিয়া ইনোভেটছ এক্সপ’জিচন অনুষ্ঠিত
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী প্ৰল্হাদ যোশী আৰু ব্ৰিকছৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলে এই প্ৰদৰ্শনীখন পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে
এই অনুষ্ঠানত ৩৭ গৰাকী ভাৰতীয় ডিপ-টেক উদ্ভাৱকে অংশগ্ৰহণ কৰিব
পোষ্ট কৰা হৈছে:
11 SEP 2026 12:58PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অহা ২০২৬ চনৰ ১১-১২ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘ভাৰত উদ্ভাৱক প্ৰদৰ্শনী’ৰ আয়োজন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ অধ্যক্ষতাত ২০২৬ চনৰ ১২-১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক ব্ৰিকছ সন্মিলনৰ পূৰ্বে আৰু সমান্তৰালভাৱে ভাৰতৰ গভীৰ প্ৰযুক্তিৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা।

ভাৰত উদ্ভাৱক হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এক ৰাষ্ট্ৰীয় কাৰ্যসূচী। ভাৰতীয় উচ্চ শিক্ষা পৰিৱেশতন্ত্ৰৰ পৰা উদ্ভৱ হোৱা উদ্ভাৱনসমূহৰ বাবে ইয়াক সমগ্ৰ বিশ্বত ত্বৰান্বিত কৰাৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ উদ্ভাৱন পৰিৱেশতন্ত্ৰ (ষ্টাৰ্টআপ, উচ্চ শিক্ষানুষ্ঠান, লেব আৰু গৱেষণা উদ্যান) আৰু বিশ্বজোৰা অংশীদাৰ (কৰ্পৰেট, বিনিয়োগকাৰী, ইনকিউবেটৰ/ত্বৰক, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, চৰকাৰ আৰু বিদেশী প্ৰাক্তন ছাত্ৰ)ৰ মাজত দীৰ্ঘম্যাদী সহযোগিতা গঢ়ি তোলা।
ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিকছ ইণ্ডিয়া ইনোভেটছ (বিবিআই) প্ৰদৰ্শনী ২০২৬ চনত ভাৰতীয় ডিপ টেক ষ্টাৰ্টআপৰ দ্বিতীয়খন বৃহৎ প্ৰদৰ্শনী। ইণ্ডিয়া ইনোভেটছৰ প্ৰথম সংস্কৰণ ফ্ৰান্সৰ নাইচত ১৪-১৬ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হৈছিল।

বিবিআইয়ে ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতা, “স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ” বিষয়বস্তুৰ সৈতে সংগতি ৰাখি ভাৰতৰ ৩৭টা ডিপ-টেক ষ্টাৰ্টআপ/ভেঞ্চাৰ (বিআই২০২৬, নাইচত অংশগ্ৰহণ কৰা ১২০টা ষ্টাৰ্টআপ/ভেঞ্চাৰৰ মূল গোট) প্ৰদৰ্শন কৰিছে।
২০২৬ চনৰ ১১ ছেপ্টেম্বৰত ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ সৈতে অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীয়ে অংশগ্ৰহণকাৰী উদ্ভাৱকসকলক ব্ৰিকছৰ সদস্য দেশসমূহৰ চিইঅ’, বিনিয়োগকাৰী, ব্যৱসায়িক নেতা আৰু উদ্যোগ প্ৰতিনিধিৰ সৈতে নেটৱৰ্ক গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ দ্বাৰা বি টু বি সমন্বয়, প্ৰযুক্তি অংশীদাৰিত্ব, বিনিয়োগৰ আলোচনা, ব্যৱসায়িক সংযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুযোগ সহজ কৰিব। এই প্ৰদৰ্শনীয়ে ভাৰতৰ ব্ৰিকছ অধ্যক্ষতা ২০২৬ৰ অধীনত চিনাক্ত কৰা পাঁচটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ভিতৰত অন্যতম "গৱেষণা, উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰ বৃদ্ধি কৰা"ৰ ব্ৰিকছ শৈক্ষিক ক্ষেত্ৰতো অগ্ৰাধিকাৰকো আগুৱাই লৈ যায়।
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী প্ৰল্হাদ যোশী আৰু ব্ৰিকছৰ নেতাসকলে বিবিআই প্ৰদৰ্শনীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ব্ৰিকছৰ নেতাসকলৰ সংযোগৰ সৈতে জড়িত জ্যেষ্ঠ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ লগতে ব্ৰিকছৰ সদস্য দেশসমূহৰ চিইঅ’, বিনিয়োগকাৰী আৰু জ্যেষ্ঠ ব্যৱসায়িক নেতাসকলেও ২০২৬ চনৰ ১১-১২ ছেপ্টেম্বৰত বিবিআই প্ৰদৰ্শনী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

অংশগ্ৰহণকাৰী ষ্টাৰ্টআপ/উদ্ভাৱকসকলৰ বাবে বিবিআই এক্সপ’ই ঘৰুৱা উদ্ভাৱনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক আৰু কূটনৈতিক ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে এক হাই-প্ৰফাইল মঞ্চ প্ৰদান কৰে, য’ত আছে, ব্ৰিকছৰ চিইঅ’ আৰু বিনিয়োগকাৰীৰ সৈতে প্ৰত্যক্ষ প্ৰৱেশ, ৰাষ্ট্ৰৰ মুৰব্বী/চৰকাৰৰ মুৰব্বীসকলৰ আগত কথা কোৱাৰ সুযোগ, বি টু বি বৈঠক আৰু এফ আই চি চি আই, চিআইআই আৰু এএছছঅচিএইচএএমৰ সৈতে সমন্বয় সংস্থাপনেৰে গাঁথনিগত সাদৃশ্য আৰু ব্ৰেণ্ড তথা কূটনৈতিক বিশ্বাসযোগ্যতা।
ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ৰ অধীনত আয়োজন কৰা ইণ্ডিয়া ইনোভেটছ ২০২৬ৰ প্ৰথম সংস্কৰণটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে যৌথভাৱে উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠানত ১৩টা বিষয়ভিত্তিক ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ১২০টা ডিপ-টেক ষ্টাৰ্টআপ/ভেঞ্চাৰ আৰু ১৫টা প্ৰতিষ্ঠান (আইআইটি, আইআইএছচি, বিৰাক, আৰু আইডেক্স) প্ৰদৰ্শন কৰা হয়। ইয়াচ ২৯খন দেশৰ পৰা ২০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ৩০টাতকৈও অধিক সহযোগিতা বুজাবুজি আৰু অংশীদাৰিত্ব স্বাক্ষৰিত হয় আৰু ভাৰতীয় ষ্টাৰ্টআপ/ভেঞ্চাৰসমূহে ১,৩৫০খন বি টু বি বৈঠকৰ পিছত ২৫৪.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ পুঁজিৰ প্ৰতিশ্ৰুতি লাভ কৰে।
ব্ৰিকছ ইণ্ডিয়া ইনোভেটছ এক্সপ’জিচনে ভাৰতৰ ২০২৬ চনৰ ব্ৰিকছৰ অধ্যক্ষতাত শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা কাম-কাজক আগুৱাই লৈ যায়। মন্ত্ৰ্যালয়ে ২০২৬ চনৰ ৭ আগষ্টত ব্ৰিকছৰ ত্ৰয়োদশ শিক্ষামন্ত্ৰী সভাৰ বৈঠক আৰু ২০২৬ চনৰ ৫ আগষ্টত ওড়িশাৰ ভুৱনেশ্বৰত তৃতীয় ব্ৰিকছৰ জ্যেষ্ঠ বিষয়াৰ বৈঠক অনুষ্ঠিত কৰে। ব্ৰিকছৰ ত্ৰয়োদশ শিক্ষামন্ত্ৰী ঘোষণাপত্ৰ গৃহীত কৰি শিক্ষামন্ত্ৰীৰ বৈঠকৰ সামৰণি পৰে। এই ঘোষণাপত্ৰত সহযোগিতাৰ পাঁচটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ৰূপৰেখা দাঙি ধৰা হৈছে, য’ত আছে প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা আৰু মৌলিক সাক্ষৰতা আৰু সংখ্যাশক্তি শক্তিশালী কৰা, দক্ষতা বিকাশ আৰু টিভিইটি, গৱেষণা, উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰ, অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি, আৰু শৈক্ষিক নেতৃত্ব তথা প্ৰতিষ্ঠানিক বিকাশৰ বাবে সামৰ্থ্য বিকাশ।
******
RRTN/KD
(ৰিলিজ আই ডি : 2309367)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada