হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে 'স্বচ্ছতা হি সেৱা ২০২৬' অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালৰ
১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ ২০২৬ লৈ পালন কৰা হ’ব এই অভিযান
'এছএইচএছ ২০২৬'ৰ মূল বিষয়বস্তু 'স্বচ্ছতাত অংশগ্ৰহণ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত'
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ব্যাপক জন অংশগ্ৰহণ আৰু দৃশ্যমান স্বচ্ছতাৰ ফলাফল সুনিশ্চিত কৰিবলৈ আহ্বান
পোষ্ট কৰা হৈছে:
10 SEP 2026 6:00PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা তথা শক্তি মন্ত্ৰী শ্ৰী মনোহৰ লালে আজি ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী, নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব আৰু ৰাজ্যিক মিছন সঞ্চালকমণ্ডলীক লৈ অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ‘স্বচ্ছতা হি সেৱা’ (এছএইচএছ) ২০২৬ৰ প্ৰস্তুতি পৰ্যালোচনা কৰে।
বৈঠকত ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬লৈ সমগ্ৰ দেশজুৰি পালন কৰিবলগীয়া অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। এই বৰ্ষৰ মূল বিষয়বস্তু ‘স্বচ্ছতাত অংশগ্ৰহণ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত’ই এক স্বচ্ছ আৰু বিকশিত ভাৰতৰ লক্ষ্য আগবঢ়াই নিয়াত সামূহিক অংশগ্ৰহণ আৰু যৌথ দায়িত্বৰ গুৰুত্বক আলোকপাত কৰে।
‘স্বচ্ছতা হি সেৱা ২০২৬’ অভিযানৰ মুখ্য লক্ষ্য হৈছে আৱৰ্জনা জমা হোৱা অঞ্চল আৰু অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহৰ স্বচ্ছতা সুনিশ্চিত কৰা। তদুপৰি, 'স্বচ্ছ পাঠশালা-যুৱ ফৰ স্বচ্ছতা', 'চাফাইমিত্ৰ সুৰক্ষা আৰু সন্মান শিৱিৰ', জন অংশগ্ৰহণ আৰু বিত্তীয় অৰ্থনীতি তথা 'আৱৰ্জনাৰ পৰা সম্পদ' নিৰ্মাণৰ জৰিয়তে ‘স্বচ্ছতাৰ পৰা সমৃদ্ধি’ অৰ্জন কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।


বৈঠকত আগবঢ়োৱা বক্তব্যত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা প্ৰত্যেকগৰাকী নাগৰিকক নিজ নিজ গৃহৰ পৰাই এই স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায়। নাগৰিকসকলে নিজ ঘৰ নিজ হাতে পৰিষ্কাৰ কৰি সন্ধিয়া ঘৰত বন্তি প্ৰজ্বলন কৰিব লাগে, যিয়ে এক স্বচ্ছ ঘৰ, সুস্থ পৰিয়াল, ধনাত্মক শক্তি আৰু স্বচ্ছতা ধাৰাবাহিকভাৱে বজাই ৰখাৰ সংকল্পক প্ৰতিফলিত কৰিব। এই অভিযানক মাহজোৰা কাৰ্যসূচী হিচাপে নলৈ 'সেৱা সংকল্প'ৰ ভাৱনাৰে নাগৰিকৰ চিৰন্তন দায়বদ্ধতালৈ ৰূপান্তৰ কৰাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে ২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে সমাজৰ সকলো শ্ৰেণীকে সামৰি সামাজিক কল্যাণমূলক স্বচ্ছতা অভিযান চলোৱা হ'ব। ইয়াৰ পাছত ১ অক্টোবৰত সমগ্ৰ দেশজুৰি ‘এদিন, এঘণ্টা, একেলগে’ শীৰ্ষক ঐতিহাসিক শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই কাৰ্যসূচীত ক্ৰীড়া আৰু শিক্ষা বিভাগৰ জৰিয়তে যুৱক-যুৱতী তথা খেলুৱৈসকলক ব্যাপকভাৱে নিয়োজিত কৰাৰ পৰিকল্পনা কৰা হৈছে। জনপ্ৰতিনিধি, মেয়ৰ, ৱাৰ্ড কমিছনাৰ আৰু বিশিষ্ট ব্যক্তিসকলক এই শ্ৰমদানৰ নেতৃত্ব ল’বলৈ আহ্বান জনোৱা হৈছে। লগতে আৱাসিক সমাজসমূহৰ মাজত ৱাৰ্ডভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপদেশ দিয়া হৈছে।
২ অক্টোবৰ অৰ্থাৎ ‘স্বচ্ছ ভাৰত দিৱস’ৰ দিনা পৌৰসভা আৰু নগৰ পালিকাসমূহে বিশেষ পৰিষদীয় বৈঠক আৰু স্বচ্ছতা অভিযানৰ আয়োজন কৰিব, য’ত মহাত্মা গান্ধীৰ বাৰ্তা প্ৰচাৰৰ লগতে গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হ’ব। এই দিনটোতে ‘এক পেড় মা কে নাম’ কাৰ্যসূচীৰ অধীনত গচপুলি ৰোপণ কৰা হ’ব।
অভিযানত চাফাই কৰ্মীসকলৰ স্বাস্থ্য সুৰক্ষা, কল্যাণ আৰু সন্মাজনক স্থান দিয়াৰ বাবে 'চাফাইমিত্ৰ সুৰক্ষা আৰু সন্মান শিৱিৰ'ৰ আয়োজন কৰা হ'ব, য’ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সুৰক্ষা সামগ্ৰী প্ৰদান কৰা হ’ব। ৭ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া জনসেৱা সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিশেষ স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হ’ব। ১৭ অক্টোবৰত এই অভিযানৰ আনুষ্ঠানিক সামৰণি পৰিলেওঁ সমগ্ৰ বছৰজুৰি এই পৰিচ্ছন্নতাৰ গতি ধাৰাবাহিকভাৱে বজাই ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে।
***
SUSHIL KUMAR
(ৰিলিজ আই ডি : 2308952)
অতিথি কক্ষ : 6