কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ১৪ খন জিলাক সামৰি লোৱা তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন, ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৬৫৬ কিলোমিটাৰ বৃদ্ধি কৰা হৈছে
প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় হৈছে ১০,৭৮৩ কোটি টকা আৰু ২০২৯-৩০ লৈকে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে
পোষ্ট কৰা হৈছে:
09 SEP 2026 3:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১০,৭৮৩ কোটি টকাৰ ৩টা (তিনিটা) প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ
ক. খড়গপুৰ-ঝাৰছুগুডা (বাগদেহি) চতুৰ্থ লাইন
খ. কাটনী-পেন্দ্ৰা ৰোড চতুৰ্থ লাইন
গ. বিলাসপুৰ (উচলাপুৰ)-পেন্দ্ৰা ৰোড তৃতীয় লাইন
বৰ্ধিত লাইন ক্ষমতাই গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ বাবে কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰস্তাৱবোৰ কাৰ্য্যকলাপবোৰ শৃংখলাবদ্ধ কৰিবলৈ আৰু যানজঁট হ্ৰাস কৰিবলৈ সাজু। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে যিয়ে অঞ্চলটোৰ জনসাধাৰণক ব্যাপক উন্নয়নৰ জৰিয়তে ‘আত্মনিৰ্ভৰ’ কৰি তুলিব যিয়ে তেওঁলোকৰ নিযুক্তি/আত্ম-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব।
সমন্বিত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনত এই প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণৰ সামগ্ৰী আৰু সেৱাৰ বাবে নিৰবিচ্ছিন্ন যোগাযোগ প্ৰদান কৰিব।
পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ১৪ খন জিলাক সামৰি লোৱা তিনিটা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৬৫৬ কিলোমিটাৰ বৃদ্ধি কৰিব। প্ৰস্তাৱিত মাল্টি-ট্ৰেকিং প্ৰকল্পসমূহে প্ৰায় ৫৬ লাখ জনসংখ্যাৰ ৪,৭৯০ খন গাঁৱৰ সৈতে সংযোগ বৃদ্ধি কৰিব।
প্ৰস্তাৱিত ক্ষমতা বৃদ্ধিয়ে সমগ্ৰ দেশৰ কেইবাটাও বিশিষ্ট পৰ্যটনস্থলীৰ সৈতে ৰে’ল সংযোগ উন্নত কৰিব, যাৰ ভিতৰত আছে তাৰাতাৰিনী মন্দিৰ, শ্ৰী ক্ষেত্ৰ জগন্নাথ মন্দিৰ (ঝাৰছুগুডাৰ ওচৰৰ প্ৰাচীন মন্দিৰ), বান্ধৱগড় ব্যাঘ্র প্রকল্প, বিৰতেশ্বৰ মন্দিৰ, অমৰকণ্টক মন্দিৰ, জৱালেশ্বৰ ধাম, আচানকমাৰ ব্যাঘ্র প্রকল্প, খুটাঘাট বান্ধ, মলহাৰ প্ৰত্নতাত্ত্বিক স্থান, ৰতনপুৰ মহামায়া মন্দিৰ ইত্যাদি।
প্ৰস্তাৱিত প্ৰকল্পসমূহ হৈছে কয়লা, চিমেণ্ট, লোহা আৰু ইস্পাত আদিৰ দৰে সামগ্ৰীৰ পৰিবহণৰ বাবে অত্যাৱশ্যকীয় পথ। ক্ষমতা বৃদ্ধিৰ ফলত ২৭ এম টি পি এ (প্ৰতি বছৰে মিলিয়ন টন) পৰিমাণৰ অতিৰিক্ত মালবাহী যান-বাহন চলাচল হ’ব। পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হিচাপে ৰে’লৱেই জলবায়ু লক্ষ্যত উপনীত হোৱা আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা (~১২ কোটি লিটাৰ) আৰু কার্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰা (~ ৬২ কোটি কিলোগ্ৰাম) দুয়োটাতে সহায় কৰিব, যিটো ২.৪৮ কোটি গছপুলি ৰোপণৰ সমতুল্য।
****
MJPS/MK
(ৰিলিজ আই ডি : 2308311)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam