মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে অহা ৯ ছেপ্টেম্বৰত নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ বাৰাণসীত উদ্বোধন কৰিব
"আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব" শীৰ্ষক বিষয়বস্তুৰে পুষ্টি আৰু প্ৰাথমিক শিশু বিকাশৰ বাবে সম্প্ৰদায় নেতৃত্বাধীন অংগনৱাড়ী কেন্দ্ৰসমূহত গুৰুত্ব আপোৰ কৰা হৈছে
পোষণ মাহৰ মূল বিষয়বস্তু হৈছে সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু দায়বদ্ধতা
এই মূল বিষয়বস্তুৱেই শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো অংগনৱাড়ী কেন্দ্ৰতে অংগনৱাড়ী পৰিচালনা সমিতিৰ দ্ৰুত সংগঠন আৰু কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিব
এইবাৰৰ অভিযানক সংশোধিত পৰিপূৰক এছএনপি নিৰ্দেশনাই শক্তিশালী কৰিব, যি প্ৰথমবাৰৰ বাবে হট কুক মিলৰ সংজ্ঞা প্ৰদান কৰে আৰু এছএনপিৰ মেনু ব’ৰ্ড বাধ্যতামূলক কৰাৰ লগতে অংগনৱাড়ী পৰিচালনা সমিতি গঠনৰ নিৰ্দেশনাও আগবঢ়ায়
পোষণ মাহ ২০২৬ চনত প্ৰধানমন্ত্ৰী মাত্ৰু (মাতৃ) বন্দনা যোজনাৰ দহ বছৰ উদযাপন কৰা হ’ব, যি এক দশক ধৰি প্ৰসূতিৰ পুষ্টি আৰু স্বাস্থ্য সুবিধাৰ ক্ষেত্ৰত ধ্বজাবাহী কাৰ্যসূচীক সমৰ্থন কৰি আহিছে
বিকশিত ভাৰত ২০৪৭ৰ আধাৰ হিচাপে সুপুষ্টিকৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ এমাহজোৰা অভিযান চলোৱা হ’ব
পোষ্ট কৰা হৈছে:
07 SEP 2026 10:46AM by PIB Guwahati
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে অহা ৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অধিৱেশন কেন্দ্ৰত নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ৰ শুভাৰম্ভ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মহিলা কল্যাণ, শিশু বিকাশ আৰু পুষ্টি বিভাগৰ কেবিনেট মন্ত্ৰী বেবী ৰাণী মৌৰ্যৰ উপস্থিতিত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে মাহজোৰা এই অভিযান আৰম্ভ কৰিব। ভাৰত চৰকাৰ আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, উন্নয়নৰ অংশীদাৰ, আগশাৰীৰ কৰ্মী আৰু হিতাধিকাৰীসকলে এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ আধাৰ হিচাপে সুপুষ্টিকৰ ভাৰতক গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত পুষ্টিক স্থান দিবলৈ ২০১৮ চনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত উদযাপন কৰা ৰাষ্ট্ৰীয় পোষণ মাহটো তেতিয়াৰ পৰাই মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পুষ্টি, স্বাস্থ্য আৰু যত্ন সম্পৰ্কীয় আচৰণ শক্তিশালী কৰিবলৈ সম্প্ৰদায়সমূহক সংগঠিত কৰা এক গণ আন্দোলনত পৰিণত হৈছে। এই অভিযানৰ নৱম সংস্কৰণে "আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব" শীৰ্ষক এই পুষ্টি যাত্ৰাক আগুৱাই লৈ যায়, য'ত প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰৰ শিশুসকলৰ বাবে পুষ্টি, স্বাস্থ্য, যত্ন, আৰু প্ৰাথমিক শিক্ষাৰ প্ৰাথমিক কেন্দ্ৰ অংগনৱাড়ী কেন্দ্ৰৰ বাবে ভাগ-বতৰা কৰা দায়িত্ব ল'বলৈ আহ্বান জনোৱা হয়।
মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ৰ অধীনত সংশোধিত পৰিপূৰক পুষ্টি কাৰ্যসূচী (এছএনপি) নিৰ্দেশনাৰ পৰা এইবাৰৰ অভিযানে গতি লাভ কৰিব। এই নিৰ্দেশনাসমূহে প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য (হট কুক মিল)ৰ সংজ্ঞা দিয়ে আৰু এছএনপি মেনু ব’ৰ্ডৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি অংগনৱাড়ী পৰিচালনা সমিতি গঠনৰ বাবেও নিৰ্দেশনা প্ৰদান কৰে। এই সংস্কাৰসমূহৰ ওপৰত ভিত্তি কৰি পোষণ মাহ ২০২৬ত পাঁচটা আন্তঃসংলগ্ন বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
প্ৰথমটো বিষয়বস্তু খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰটিনৰ অধীনত অংগনৱাড়ী কেন্দ্ৰসমূহে সকলো খাদ্য গোটৰ পৰা সুলভ মূল্যৰ, স্থানীয় উৎসৰ উপাদান ব্যৱহাৰ কৰি স্বাস্থ্যসন্মত ৰেচিপিৰ লাইভ প্ৰদৰ্শন প্ৰদৰ্শন কৰিব, আনহাতে পুষ্টি মেলা আৰু "প্ৰটিন সমৃদ্ধ খাদ্য" অভিযানে সুষম খাদ্য আৰু দৈনিক খাদ্যত উদ্ভিদভিত্তিক আৰু পশুভিত্তিক প্ৰটিন অন্তৰ্ভুক্ত কৰাৰ ব্যৱহাৰিক উপায়ৰ প্ৰচাৰ কৰিব।
ইয়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দ্বিতীয় বিষয়বস্তু অংগনৱাড়ী কেন্দ্ৰসমূহত সতেজ গৰম ৰন্ধা খাদ্য (হট কুক মিল)ই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাজৰা, দালি আৰু ঋতুভিত্তিক শাক-পাচলি ব্যৱহাৰ কৰি সাপ্তাহিক বিকল্প যোগান কাৰ্য্কৰী কৰিবলৈ উৎসাহিত কৰিব, যাৰ সহায়ত সজীৱ এইচ চি এম প্ৰদৰ্শন আৰু অভিভাৱক, পঞ্চায়ত, আত্মসহায়ক গোট (এছ এইচ জি) আৰু অংগনৱাড়ী ব্যৱস্থাপনা সমিতি (এ এম চি)ত জড়িত সম্প্ৰদায়ৰ সোৱাদ অধিবেশন অনুষ্ঠিত হ’ব।
ই সেৱাসমূহ প্ৰদানৰ ক্ষেত্ৰত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু জবাবদিহিতাক পোষণ মাহৰ তৃতীয় মূল বিষয়বস্তু হিচাপে চিনাক্ত কৰা হৈছে। এই বিষয়টোৱে ২০২৬ চনৰ ২৫ জুনত মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি সকলো অংগনৱাড়ী কেন্দ্ৰত অংগনৱাড়ী ব্যৱস্থাপনা সমিতি (এএমচি)ৰ দ্ৰুত গঠন আৰু কাৰ্যকৰীকৰণৰ গতি ত্বৰান্বিত কৰিব। দৈনিক মেনু আৰু প্ৰাপ্যতাসমূহ দৃশ্যমান কৰিবলৈ প্ৰতিটো কেন্দ্ৰতে পৰিপূৰক পুষ্টি কাৰ্যসূচী (এছএনপি) মেনু ব’ৰ্ড প্ৰদৰ্শিত কৰা হ’ব, আৰু এএমচি আৰু মাতৃ সমিতিসমূহে খাদ্যৰ মান আৰু মেনু অনুসৰণ নিৰীক্ষণ কৰিব।
শিশুৰ খাদ্যই তেওঁলোকৰ শিক্ষণত প্ৰভাৱ পেলায় বুলি স্বীকাৰ কৰি শিশুৰ বিকাশৰ বাবে পুষ্টি, আগতীয়া উদ্দীপনা আৰু শিক্ষাত এই পোষণ মাহৰ চতুৰ্থ বিষয়বস্তু— শিশুৰ স্বাস্থ্য, বিকাশ আৰু প্ৰাৰম্ভিক বছৰবোৰত শিক্ষণৰ লালন-পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জন্মৰ পৰা ৩ বছৰ বয়সৰ শিশুৰ বাবে নৱচেতনাৰ দ্বাৰা পৰিচালিত আৰু সংশোধিত গৃহ পৰিভ্ৰমণৰ সময়সূচীৰ দ্বাৰা সমৰ্থিত অংগনৱাড়ী কৰ্মীসকলে পৰিয়ালসমূহক ঘৰে ঘৰে গৈ পৰিদৰ্শন কৰে, সংবেদনশীল যত্ন আৰু বয়স অনুসৰি কাৰ্যকলাপৰ জৰিয়তে আগতীয়া উদ্দীপনাক প্ৰসাৰিত কৰিবলৈ পৰামৰ্শ বাৰ্তা প্ৰদান কৰে আৰু ৩৪টা বিকাশৰ মাইলৰ খুঁটি পৰ্যবেক্ষণ কৰে।
এই পোষণ মাহটোত সকলো অংগনৱাড়ী কেন্দ্ৰই ০-৩ বছৰ বয়সৰ সকলো নামভৰ্তি কৰা শিশুৰ বাবে বিকাশৰ মাইলৰ খুঁটিৰ নথিভুক্ত কৰাৰ বাবে এক বিশেষ অভিযান চলাব আৰু স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ বি এছ কে)ৰ সমন্বয়ত গাঁও স্বাস্থ্য, অনাময়, আৰু পুষ্টি দিৱস (ভি এইচ এছ এন ডি)ৰ সময়ত হস্তক্ষেপৰ প্ৰয়োজন হোৱা সকলো শিশুকে তৎকালীন ৰেফাৰেল প্ৰদান কৰিব। অংগনৱাড়ী কেন্দ্ৰসমূহে ৩ৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলক প্ৰাথমিক শিক্ষাত মৌলিক আৰু খেলা-ধূলাভিত্তিক কাৰ্য্যকলাপৰ জৰিয়তে সহায় কৰে। পোষণ মাহৰ অংশ হিচাপে প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰই ৩ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ প্ৰাথমিক শিশু শিক্ষা প্ৰদৰ্শনৰ বাবে অভিভাৱক-শিশুৰ কাৰ্যসূচীৰে প্ৰাথমিক শিশু যত্ন আৰু শিক্ষা (ইচিচি) দিৱস উদযাপন কৰিব।
প্ৰতিটো কেন্দ্ৰই ৫–৬ বছৰ বয়সৰ শিশুৰ বাবে ওচৰৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহলৈও ভ্ৰমণ কৰিব আৰু খেলনা আৰু খেলা-ধূলা আৰু শিক্ষণ সামগ্ৰীৰ বাবে সম্প্ৰদায়ৰ নেতৃত্বত সম্পদ সংগ্ৰহ অভিযানৰ আয়োজন কৰিব। অংগনৱাড়ী কেন্দ্ৰসমূহে পুষ্টি আৰু শিশুৰ যত্নৰ পদ্ধতিৰ ওপৰত সম্প্ৰদায়ভিত্তিক কুইজ প্ৰতিযোগিতা আয়োজন কৰিব। পৰম্পৰাগত শিশুৰ যত্ন লোৱা পদ্ধতি, নৱজাতকৰ যত্ন আৰু পিতৃ-মাতৃ-শিশুৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত আইইচিৰ ভিডিঅ’সমূহ সম্প্ৰদায়ৰ দৰ্শনও কৰা হ’ব।
শেষত পোষণ মাহ ২০২৬য়ে সূতিকালীন সুবিধাৰ ধ্বজাবাহী কাৰ্যসূচী প্ৰধানমন্ত্ৰী মাত্ৰু (মাতৃ) বন্দনা যোজনা (পিএমএমভিৱাই)ৰ দহ বছৰ উদযাপন কৰিব, যি এক দশক ধৰি মাতৃৰ পুষ্টি আৰু স্বাস্থ্য সুবিধাক পঞ্চম বিষয়বস্তু হিচাপে সমৰ্থন কৰি আহিছে। এই উপলক্ষে পূৰ্ণাংগ সম্প্ৰসাৰণ অভিযান আৰম্ভ কৰা হ’ব, যত সকলো যোগ্য গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাক নামভৰ্তি কৰা হ’ব, প্ৰত্যক্ষ সুবিধা হস্তান্তৰ ত্বৰান্বিত কৰা হ’ব আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা স্থানীয়কৰণৰ বাবে পিএমএমভিৱাই সঁজুলি মুকলি কৰা হ’ব।
এই কাৰ্যসূচীৰ উল্লেখনীয় দিশবোৰ
পোষণ মেলাত গণ্যমান্য ব্যক্তিসকলে উপস্থিত হৈ বন্তি প্ৰজ্বলনৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। গৰম ৰন্ধা খাদ্য (হট কুক মিল), ঘৰলৈ লৈ যোৱা ৰেচন (টেক হোম ৰেচন,), দুৱাৰে দুৱাৰে সহায় আৰু প্ৰাথমিক শিক্ষা আৰু শিশু বিকাশ (ইচিচি)ৰ সৈতে জড়িত হিতাধিকাৰীসকলৰ অভিজ্ঞতা ভাগ-বতৰা কৰা ভিডিঅ’সমূহ প্ৰদৰ্শন কৰা হ’ব, তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী আৰু অংগনৱাড়ী কৰ্মীসকলৰ মাজত পোনপটীয়া মত বিনিময় সম্প্ৰচাৰ কৰা হ’ব। বিশিষ্ট ব্যক্তিসকলে পিএমএমভিৱাইৰ দশম বৰ্ষপূৰ্তি আৰু পোষণ মাহ ২০২৬ উন্মোচন কৰা ছবিৰে আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ কৰিব।
ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, পঞ্চায়ত আৰু ঘৰত সামূহিক কাৰ্যসূচীৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উদযাপন কৰা হ’ব, য’ত পুনৰ দৃঢ়তাৰে কোৱা হ’ব যে এটা সুপুষ্টিকৰ শিশু প্ৰতিজন নাগৰিকৰ ভাগ-বতৰা কৰা দায়িত্ব আৰু বিকশিত ভাৰতৰ আটাইতকৈ শক্তিশালী আধাৰ।
***
SS/PC/KD
(ৰিলিজ আই ডি : 2307719)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada