প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ
প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক কণমানি ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত হ'ব পৰা ড্ৰাগছ আসক্তিৰ সমস্যাৰ প্ৰতি সজাগ হৈ থাকিবলৈ আৰু ইয়াক অতিক্ৰম কৰাত সহায় কৰিবলৈ আহ্বান জনায়
প্ৰধানমন্ত্ৰীয়ে শিশুৰ অত্যধিক পৰ্দাৰ সময় (স্ক্ৰীণ টাইম)ক খেলা-ধূলা, শাৰীৰিক কাৰ্য-কলাপ আৰু সৃষ্টিশীল কাৰ্য্যকলাপৰ জৰিয়তে হ্ৰাস কৰিবলৈ আহ্বান জনায়
প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষকসকলক শৈশৱৰ সঠিক যতন আৰু শিশুৰ স্বাভাৱিক কৌতুহল নিবাৰণ কৰিবলৈ আহ্বান জনায়
শিক্ষকসকলে শ্ৰেণীকোঠাৰ শিক্ষণক অধিক আকৰ্ষণীয় তথা ফলপ্ৰসূ কৰি তুলিবলৈ তেওঁলোকে গ্ৰহণ কৰা সৃষ্টিশীল পদ্ধতিসমূহৰ বিষয়ে বৰ্ণনা কৰে
পোষ্ট কৰা হৈছে:
05 SEP 2026 10:39AM by PIB Guwahati
কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে।
এইবাৰ তিনিটা বিভাগৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে হৈছে ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ ভিতৰত আছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ ৪৮ গৰাকী শিক্ষক, উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টি সদস্য, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৩ গৰাকী দক্ষতা প্ৰশিক্ষক। বঁটাপ্ৰাপকসকলে তেওঁলোকৰ পাঠদানৰ যাত্ৰাক গঢ় দিয়া অভিজ্ঞতা তথা উদ্ভাৱনসমূহৰ বিষয়ত আলোকপাত কৰে। শ্ৰেণীকোঠাৰ শিক্ষণক অধিক আকৰ্ষণীয় তথা ফলপ্ৰসূ কৰি তুলিবলৈ তেওঁলোকে গ্ৰহণ কৰা কেইবাটাও সৃষ্টিশীল পদ্ধতিৰ বিষয়ে অনুষ্ঠানত বৰ্ণনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এইবিষয়ত গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলে শিশুৰ শৈক্ষিক প্ৰদৰ্শনৰ বাহিৰলৈ গৈ তেওঁলোকৰ আচৰণ তথা দৈনন্দিন জীৱনৰ প্ৰতিও মনোযোগী হোৱাটো প্ৰয়োজনীয় কথা। পৰম্পৰাগত যৌথ পৰিয়াল হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত শিশুৰ জীৱনত শিক্ষকৰ ভূমিকা ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে। ড্ৰাগছৰ বিষয়টোৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক শিশুৰ পৰিৱৰ্তনৰ বিষয়ৰ প্ৰতি সজাগ হৈ থাকিবলৈ, কাৰণ চিনাক্ত কৰিবলৈ আৰু এনে শিশুসকলক এই অভ্যাস দূৰ কৰাত সহায় কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে শৈশৱৰ নিৰ্দোষ প্ৰকৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰতো এগৰাকী শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। তেওঁ কয় যে সকলো শিশুৰে সহজাত স্বভাৱ আৰু কৌতুহল একে আৰু যদি শিক্ষকসকলে এই কৌতুহল নিবাৰণ কৰে আৰু উপযুক্তভাৱে তাক পথ দেখুৱায় তেন্তে শিশুসকলে তেওঁলোকৰ বিকাশৰ দিশত উল্লেখযোগ্যভাবে আগবাঢ়িব পাৰিব।
পৰ্দাৰ সময় (স্ক্ৰীণ টাইম)ৰ বিষয়টোত আলোকপাত কৰি তেওঁ কয় যে এয়া এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। তেওঁ শিক্ষকসকলক অভিভাৱকসকলৰ সৈতে তেওঁলোকৰ সন্তানে পৰ্দাত কিমান সময় কটায় আৰু গভীৰ নিশা মোবাইল ফোন ব্যৱহাৰ কৰি থাকে নেকি সেই বিষয়ে কথা পাতিবলৈ আহ্বান জনায়। তেওঁ পৰামৰ্শ দিয়ে যে শিশুসকলে ক্ৰীড়া, শাৰীৰিক কাৰ্য-কলাপ আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ গঢ়ি তুলি ক্ৰমান্বয়ে অত্যধিক পৰ্দাৰ ব্যৱহাৰৰ পৰা ওলাই আহিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথা উল্লেখ কৰি শিশুসকলক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ যোৱা আৰু বাস্তৱ জগতৰ দক্ষতা তথা কামৰ ৰূপৰ সৈতে সংযোগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষকসকলক পাঠ্যক্ৰমৰ বিষয়ে জ্ঞান প্ৰদানৰ উপৰি শিশুসকলৰ মাজত শ্ৰমৰ মৰ্যাদাৰ দৰে মূল্যবোধৰ বীজ সিঁচিবলৈ আহ্বান জনায়।
******
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2306895)
অতিথি কক্ষ : 9