শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ইপিএফ আঁচনি, ২০২৬ৰ অধীনত ক্ষমাৰ বিধানৰ জৰিয়তে প্ৰভিডেণ্ট ফাণ্ড ট্ৰাষ্টৰ ৰেহাইৰ মৰ্যাদাৰ নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ
সম্ভাৱ্য হিতাধিকাৰীৰ পৰা আবেদন আহ্বান ইপিএফঅ’ৰ
পোষ্ট কৰা হৈছে:
02 SEP 2026 1:05PM by PIB Guwahati
২০২৬ চনৰ ২৯ জুনত অধিসূচনা জাৰি কৰা ব্যৱস্থা হিচাপে কৰ্মচাৰী ভৱিষ্য নিধি (ইপিএফ) আঁচনিৰ অধীনত এককালীন ক্ষমাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।এই বিধানসমূহে আয়কৰ আইন, ১৯৬১ (১৯৬১ চনৰ ৪৩)ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত কিন্তু কৰ্মচাৰীৰ ভৱিষ্য নিধি পুঁজি আৰু বিবিধ বিধান (ই পি এফ আৰু এম পি) আইন, ১৯৫২, বা ধাৰা ১৭ৰ অধীনত আনুষ্ঠানিক ৰেহাইৰ আদেশৰ অভাৱত ভৱিষ্য নিধি (পি এফ) ট্ৰাষ্টৰ ৰেহাইৰ মৰ্যাদা নিয়মীয়া কৰাৰ এককালীন সুযোগ প্ৰদান কৰাৰ লক্ষ্যেৰে সামাজিক সুৰক্ষা সংহিতা (CoSS), ২০২০ৰ ১৪৩ নং অধীনত পদক্ষেপ গ্ৰহণ কৰিছে।
ক্ষমা আঁচনিৰ সম্পৰ্কীয় কাৰ্য্যকৰী নিৰ্দেশনাসমূহ—আবেদন প্ৰক্ৰিয়া আৰু পদ্ধতিগত প্ৰয়োজনীয়তাসমূহকে ধৰি—২০২৬ চনৰ ১১ জুলাইত জাৰি কৰা বিজ্ঞাপনত উল্লেখ কৰা হৈছে।এই ক্ষমা আঁচনিৰ বিধানসমূহ অধিসূচনাৰ তাৰিখৰ পৰা অৰ্থাৎ ২০২৬ চনৰ ২৮ ডিচেম্বৰলৈকে ছমাহৰ বাবে বৈধ হৈ থাকিব।
ৰেহাইৰ মৰ্যাদাৰ পুৰ্বদৃষ্টিসম্পন্ন নিয়মীয়াকৰণৰ বাহিৰেও, পিএফ ট্ৰাষ্টসমূহৰ বাবে উপলব্ধ অন্যান্য মূল সুবিধাসমূহৰ ভিতৰত আছে কিছুমান প্ৰয়োজনীয়তাৰ পৰা ৰেহাই—যেনে নূন্যতম প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সংখ্যা, পুঁজিৰ আকাৰ, আৰু ৩ বছৰৰ অনুসৰণ নিয়ম—যিটো চিঅ’এছএছ, ২০২০ৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে ।
কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (ই পি এফ অ’) যাতে সম্ভাৱ্য আবেদনকাৰীসকলক ক্ষমা আঁচনিৰ বিধানসমূহৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত কৰা হয় আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত ইয়াৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে উপযুক্ত নিৰ্দেশনা লাভ কৰে তাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।
এই অভিযানৰ অংশ হিচাপে বিভিন্ন অংশীদাৰৰ সৈতে যোগাযোগ অব্যাহত আছে। ইপিএফঅ’ই ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএআই)ৰ দৰে পেছাদাৰী সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিছে, যাৰ সদস্যসকলে (চাৰ্টাৰ্ড একাউণ্টেণ্টছ) বিভিন্ন প্ৰতিষ্ঠানৰ বাবে বিধিগত বা আয়কৰ অডিট চলায়; বহু ক্ষেত্ৰত এই প্ৰতিষ্ঠানসমূহে পিএফ ট্ৰাষ্ট বজাই ৰাখে, আৰু অডিটৰসকলে ক্ষমা আঁচনিৰ পৰা সম্ভাৱ্যভাৱে লাভাৱান্বিত হ'ব পৰা ট্ৰাষ্টসমূহ চিনাক্ত কৰিবলৈ সুস্থিৰ অৱস্থাত থাকে।
পিএফ ট্ৰাষ্টৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিবলৈ আইচিএআইক ক্ষমা আঁচনিৰ বিধান সন্দৰ্ভত সদস্যসকলৰ মাজত প্ৰচাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ উপৰিও ইপিএফঅ’ৰ আঞ্চলিক কাৰ্যালয়সমূহে—যেনে উত্তৰ প্ৰদেশ আৰু কলকাতাৰ কাৰ্যালয়সমূহে—অংশগ্ৰহণকাৰীসকলৰ সৈতে আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰিছে।
ইয়াৰ উপৰি ইপিএফঅ’ই আয়কৰ আইনৰ অধীনত স্বীকৃতিপ্ৰাপ্ত পিএফ ট্ৰাষ্টৰ সন্দৰ্ভত আয়কৰ বিভাগৰ পৰা সবিশেষ বিচাৰিছে আৰু অনুৰোধ জনাইছে যে আয়কৰ আইনৰ অধীনত স্বীকৃতি প্ৰদান কৰাৰ পূৰ্বে বা ইপিএফঅ’ৰ পৰা আনুষ্ঠানিক ৰেহাইৰ আদেশ লাভ নকৰা পিএফ ট্ৰাষ্টৰ বৰ্তমানৰ স্বীকৃতি বাতিল কৰাৰ পূৰ্বে প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত পৰীক্ষা অনুষ্ঠিত কৰা হওক ইপিএফ আৰু এমপি আইন, ১৯৫২, বা চিঅ’এছএছ, ২০২০ৰ অধীনত কভাৰেজ আৰু ৰেহাইৰ মৰ্যাদাৰ বিষয়ে পৰ্যালোচনা কৰা হওক।
প্ৰতিষ্ঠানসমূহৰ পিএফ ট্ৰাষ্টসমূহে ১১.০৭.২০২৬ তাৰিখৰ ইপিএফঅ’ৰ বিজ্ঞপ্তিত উল্লেখ কৰা বিৱৰণ অনুসৰি (ইপিএফঅ’ ৱেবছাইটত উপলব্ধ: https://www.epfo.gov.in) ক্ষমা আঁচনিৰ বাবে আবেদন কৰিব পাৰে।
****
Rini Choudhury/Anjelina Alexander/DM
(ৰিলিজ আই ডি : 2306236)
অতিথি কক্ষ : 5