বিত্ত মন্ত্ৰালয়
এনপিচিআই ইন্টাৰনেচনেল আৰু উজবেকিস্তানৰ এনআইপিচি-এ ইউজেডকিউআৰ-ৰ জৰিয়তে সমগ্ৰ উজবেকিস্তানত ইউপিআই পেমেন্ট প্ৰশস্ত কৰিবলৈ অংশীদাৰিত্ব স্থাপন কৰে
ভাৰতীয় পৰ্যটক, ব্যৱসায়িক ভ্ৰমণকাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে উজবেকিস্তানৰ ৰাষ্ট্ৰীয় আন্তঃকাৰ্য্যকৰী কিউআৰ ক’ড ইউজেডকিউআৰ স্কেন কৰি তৎক্ষণাত মাৰ্চেন্ট পেমেন্ট কৰিব পাৰিব
এনআইপিএল আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰীয় পেমেন্ট ব্যৱস্থাৰ মাজত এনে অংশীদাৰিত্ব ইউপিআই-ৰ আন্তঃৰাষ্ট্ৰীয় পদাংক সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্য হিচাপে পৰিগণিত হৈছে
পোষ্ট কৰা হৈছে:
31 AUG 2026 4:14PM by PIB Guwahati
ভাৰতীয় ৰাষ্ট্ৰীয় পেমেন্টছ নিগমৰ (NPCI) আন্তঃৰাষ্ট্ৰীয় শাখা এনপিচিআই আন্তঃৰাষ্ট্ৰীয় পেমেন্টছ লিমিটেডে (NIPL) উজবেকিস্তানৰ ৰাষ্ট্ৰীয় পেমেন্ট চিষ্টেম এইচইউএমঅ’-ৰ (HUMO) অপাৰেটৰ ৰাষ্ট্ৰীয় ইন্টাৰবেংক প্ৰচেছিং চেন্টাৰ জেএছচি-ৰ (NIPC) সৈতে ২০২৬-ৰ ৩০ আগষ্টত এখনি বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বই ভাৰতীয় ভ্ৰমণকাৰীসকলক তেওঁলোকৰ চিনাকি ইউপিআই-সক্ষম এপ্লিকেচনসমূহ ব্যৱহাৰ কৰি উজবেকিস্তানৰ ৰাষ্ট্ৰীয় আন্তঃকাৰ্য্যকৰী কিউআৰ ক’ড ইউজেডকিউআৰ স্কেন কৰি সমগ্ৰ দেশতে তৎক্ষণাত মাৰ্চেন্ট পেমেন্ট কৰিবলৈ সক্ষম কৰি তুলিব।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উজবেকিস্তান ভ্ৰমণৰ সময়তে এই ঘোষণা কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আৰু উজবেকিস্তান কেন্দ্ৰীয় বেংককে (CBU) প্ৰমুখ্য কৰি বিত্তীয় নিয়ন্ত্ৰকসকলৰ আনুষ্ঠানিক অনুমোদনৰ পিছতে চুক্তিখনি সম্পন্ন হয়। ইয়াৰ অধীনত সীমান্ত-অতিক্ৰমি মাৰ্চেন্ট একচেপটেন্সৰ বাবে এইচইউএমঅ’-ক এনআইপিএল-ৰ অনুমোদিত অংশীদাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।
চুক্তিখনৰ মূল দিশসমূহ
- সৰ্বজনীন মাৰ্চেন্ট একচেপটেন্সঃ চিবিইউ-ৰ বাধ্যতামূলক ইউনিফাইড নেচনেল কিউআৰ আন্তঃগাঁথনিৰ (UZQR) সৈতে একত্ৰিত হৈ ইউপিআই ইউজাৰ সকলে উজবেকিস্তানৰ খুচুৰা, আতিথ্য আৰু সেৱা মাৰ্চেন্টসকলৰ মাজত প্ৰায়-সৰ্বজনীন গ্ৰহণযোগ্যতা লাভ কৰে।
- নিৰৱচ্ছিন্ন ভ্ৰমণ অভিজ্ঞতাঃ ভাৰতীয় পৰ্যটক, ব্যৱসায়িক ভ্ৰমণকাৰী, আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ভাৰতীয় বেংক একাউন্টৰ পৰা প্ৰত্যক্ষ পাৰ্ছন-টু-মাৰ্চেন্ট (P2M) পেমেন্ট কৰিব পাৰে। ইয়াৰ ফলশ্ৰুতিত বৈদেশিক মুদ্ৰাৰ মাৰ্কআপ ফ্ৰিকচন নোহোৱা হয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্ড বা নগদ ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়।
- দ্বিপাক্ষিক সম্পৰ্কক সুদৃঢ় কৰাঃ এই পদক্ষেপে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সহযোগিতাক আগুৱাই নিয়ে আৰু দুয়োখন দেশৰ ব্যাপক কৌশলগত তথা অৰ্থনৈতিক লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ।
দহখন দেশত ইউপিআই গ্ৰহণ কৰা হৈছে
ছিংগাপুৰ, সংযুক্ত আৰৱ আমিৰাত, ফ্ৰান্স, মৰিচাছ, নেপাল, ভূটান, কাটাৰ, শ্ৰীলংকা, কম্বোডিয়া আৰু গ্ৰীচত ইয়াৰ অভিযোজনাৰ ফলশ্ৰুতিত ভাৰতীয় ভ্ৰমণকাৰীসকলে ইউপিআই-ৰ জৰিয়তে বিদেশত নিৰৱচ্ছিন্নভাৱে পেমেন্ট কৰিব পাৰে।
****
SR/AD/SB
(ৰিলিজ আই ডি : 2305798)
অতিথি কক্ষ : 3