স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
শক্তিশালী সুৰক্ষা ব্যৱস্থা আৰু বাস্তৱ সময়ৰ নিৰীক্ষণৰ মাজেৰে দেশজুৰি সফলতাৰে সম্পন্ন নীট-পিজি ২০২৬ পৰীক্ষা
৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩৯খন চহৰৰ ১,১১১টা কেন্দ্ৰত ২.৭৩ লাখ পৰীক্ষাৰ্থীৰ বাবে অনুষ্ঠিত পৰীক্ষা; অৱতীৰ্ণ হ'ল ২.৬৫ লাখৰো অধিক পৰীক্ষাৰ্থী
কাৰিকৰী বিজুতিৰ বাবে পৰীক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা ২,৪৪৫ গৰাকী প্ৰাৰ্থীৰ বাবে ২০২৬ চনৰ ৫ ছেপ্টেম্বৰত জয়পুৰৰ সীতাপুৰা কেন্দ্ৰত পুনৰ অনুষ্ঠিত কৰা হ'ব পৰীক্ষা
পোষ্ট কৰা হৈছে:
30 AUG 2026 1:56PM by PIB Guwahati
নেচনেল বোৰ্ড অব এক্সামিনিছনছ ইন মেডিকেল ছায়েন্সেছ (NBEMS)-এ আজি অৰ্থাৎ ৩০ আগষ্ট ২০২৬ত সমগ্ৰ দেশজুৰি নীট-পিজি ২০২৬ (NEET-PG 2026 ) পৰীক্ষা সফলৰে অনুষ্ঠিত কৰে। এক ন্যায্য, নিৰাপদ আৰু নিৰৱচ্ছিন্ন পৰীক্ষা প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে ব্যাপক লজিষ্টিক, প্ৰযুক্তিগত, সুৰক্ষা সম্পৰ্কীয় পদক্ষেপৰ লগতে প্ৰয়োজনীয় জনশক্তি ব্যৱহাৰ কৰা হয়। ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩৯খন চহৰৰ ১,১১১টা পৰীক্ষা কেন্দ্ৰত ২,৭৩,০৯৬গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। আজি সেইসকল পৰীক্ষাৰ্থীৰ ভিতৰৰে মুঠ ২,৬৫,৯৮০ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰায় ২,৬৩,৫৩৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। দেশজোৰা পৰীক্ষাটো বাস্তৱ সময়ৰ ব্যাপক নিৰীক্ষণ তথা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে সম্পন্ন কৰা হয়। পৰীক্ষাৰ পৰিচালনাৰ তদাৰক কৰিবলৈ মুঠ ২৫২৭ গৰাকী ফেকাল্টি সদস্যক স্বতন্ত্ৰ মূল্যায়ক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ উপৰি ডীন, সঞ্চালক , চিকিৎসা অধীক্ষক আৰু জ্যেষ্ঠ অধ্যাপককে ধৰি ৭০০ৰো অধিক জ্যেষ্ঠ ফেকাল্টি সদস্যক ফ্লাইং স্কোৱাডৰ সদস্য হিচাপে নিয়োগ কৰা হয়। সমন্বয় আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ সমগ্ৰ দেশতে ১৬টা এনবিইএমএছ আঞ্চলিক কমাণ্ড চেণ্টাৰ সক্ৰিয় কৰি ৰখা হয়। দ্বাৰকাস্থিত মুখ্য কাৰ্যালয়ত থকা এনবিইএমএছ কমাণ্ড চেণ্টাৰৰ পৰা পৰীক্ষা কেন্দ্ৰসমূহ লাইভ চিচিটিভিৰ নিৰীক্ষণত ৰখা হয়। বাস্তৱ সময়ৰ চোৱাচিতা আৰু নিৰীক্ষণৰ বাবে এনবিইএমএছ আৰু টিচিএছৰ ১৯০ জনীয়া এটা দল নিয়োগ কৰা হয়। এনবিইএমএছৰ মুখ্য কাৰ্যালয়ৰ কমাণ্ড চেণ্টাৰত এনবিইএমএছ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিইএল, ইচিআইএল আৰু টিচিএছৰ বিষয়াসকলে সমগ্ৰ দিনটো পৰীক্ষা প্ৰক্ৰিয়াৰ ওপৰত নিৰন্তৰ চকু ৰাখে।
পৰীক্ষাত নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ লগতে নকল প্ৰতিৰোধ কৰাৰ ব্যৱস্থাৰ অংশ হিচাপে পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ আধাৰ ভিত্তিক প্ৰমাণীকৰণ সফলতাৰে কৰা হয়। চৰকাৰী সংস্থাসমূহে পৰীক্ষা সুকলমে তথা শৃংখলাবদ্ধভাবে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়ায়।
দেশজুৰি বিপুল সংখ্যক পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হয় যদিও ৰাজস্থানৰ জয়পুৰৰ আইঅনডিজিটেল জ’ন আইডিজেড ( iON Digital Zone iDZ) সীতাপুৰা কেন্দ্ৰত (টিচি নং ৪১৬৮২ আৰু ৪১৬৮৩) এক অভাৱনীয় কাৰিকৰী বিজুতি ঘটে। এই পৰীক্ষা কেন্দ্ৰসমূহত আভ্যন্তৰীণ বিদ্যুৎ যোগানৰ সমস্যাৰ বাবে ২,৪৪৫গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে পৰীক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে, এই বিসংগতিৰ বাবে পৰীক্ষা পৰিচালনা সংস্থা মেছাৰ্ছ টি চি এছ লিমিটেডেই দায়বদ্ধ । এনবিইএমএছে ক্ষতিগ্ৰস্ত প্ৰাৰ্থীসকলৰ অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে। সকলো ক্ষতিগ্ৰস্ত প্ৰাৰ্থীকে নীট-পিজি ২০২৬ (NEET-PG 2026) ত পুনৰ অৱতীৰ্ণ হোৱাৰ ন্যায্য সুযোগ প্ৰদান কৰিবলৈ এই ২,৪৪৫ গৰাকী পৰীক্ষাৰ্থীৰ বাবে ৫ ছেপ্টেম্বৰ ২০২৬ (শনিবাৰ)ৰ বিয়লি ০৩:০০ বজাত ৰাজস্থানৰ জয়পুৰত পৰীক্ষা অনুষ্ঠিত কৰা হব। দেশৰ ৩৩৯খন চহৰৰ ১,১১১টা কেন্দ্ৰত সফলতাৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথাই পৰীক্ষা কৰ্তৃপক্ষ, চিকিৎসা প্ৰতিষ্ঠান, ফেকাল্টি, নিৰাপত্তা সংস্থা, প্ৰযুক্তি দল আৰু দেশজোৰা অনুশীলনৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ মাজত থকা ব্যাপক সমন্বয়কেই প্ৰতিফলিত কৰিছে।এনবিইএমএছে প্ৰাৰ্থীসকলৰ সহযোগিতা, ধৈৰ্য্য আৰু বিশ্বাসৰ শলাগ লৈছে আৰু নীট-পিজি ২০২৬ (NEET-PG 2026 )ৰ পৰিচালনাৰ সৈতে জড়িত সকলো কৰ্মী তথা প্ৰতিষ্ঠানৰ নিষ্ঠাবান প্ৰচেষ্টাক স্বীকাৰ কৰিছে।
***
SR/DM
(ৰিলিজ আই ডি : 2304699)
অতিথি কক্ষ : 7