মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ শিক্ষক দিৱসত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টিক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব

प्रविष्टि तिथि: 24 AUG 2026 3:49PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ বৰ্ষৰ ৫ ছেপ্টেম্বত নতুন দিল্লীৰ বিজ্ঞান ভৱনত উচ্চ শিক্ষা প্ৰতিষ্ঠান (এইচ ই আই) আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টিক ৰাষ্ট্ৰীয় বঁটা (এন এ টি) প্ৰদান কৰিব।

এই বছৰ, কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা ১২ গৰাকী শিক্ষক/ফেকাল্টি, তিনিখন চৰকাৰী আৰু দুখন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা পাঁচজন আৰু দুখন চৰকাৰী তথা দুখন ব্যক্তিগত পলিটেকনিককে ধৰি মুঠ ৪ খন পলিটেকনিৰ পৰা চাৰিগৰাকী শিক্ষকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল-@www.awards.gov.in ৰ জৰিয়তে অনলাইন মোডত এন এ টি ২০২৬-ৰ বাবে মনোনয়ন আহ্বান কৰা হৈছিল আৰু জন ভাগীদাৰীৰ অংশ হিচাপে স্ব, প্ৰতিষ্ঠানিক আৰু সহকৰ্মীৰ মনোনয়নৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল। ২৬ মে'ৰ পৰা ২০ জুলাই ২০২৬লৈ মনোনয়ন আহ্বান কৰা হৈছিল।

এই বঁটা দৃষ্টান্তমূলক শিক্ষক/ফেকাল্টিৰ সদস্যসকলক প্ৰদান কৰা হয় আৰু শিক্ষণৰ ফলপ্ৰসূতা, প্ৰসাৰৰ কাৰ্যকলাপ, গৱেষণা তথা উদ্ভাৱন আৰু পৃষ্ঠপোষকতা কৰা গৱেষণা/ফেকাল্টি উন্নয়ন কাৰ্যসূচী/পৰামৰ্শমূলক শিক্ষণকে ধৰি কেইবাটাও মাপকাঠীৰ বিৰুদ্ধে নিৰ্ণয় কৰা অনুসৰি তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয়।

নিৰ্বাচন প্ৰক্ৰিয়াত দুটা পৰ্যায়ৰ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকেঃ

(i) মনোনীতসকলৰ প্ৰাৰম্ভিক তালিকাৰ বাবে প্ৰাৰম্ভিক অনুসন্ধান তথা পৰীক্ষা সমিতিৰ দ্বাৰা মূল্যায়ন

(ii) জুৰী সমিতিৰ দ্বাৰা তালিকাভুক্ত মনোনীতসকলৰ মাজৰ পৰা বঁটা বিজয়ীসকলক বাছনি

২০২৩ চনত শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটাৰ অধীনত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ বাবে দুটা শ্ৰেণীৰ বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। বৰ্তমানলৈকে এই বঁটা কেৱল বিদ্যালয়ৰ শিক্ষকসকলকহে প্ৰদান কৰা হৈছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বঁটাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হয়, য’ত শিক্ষা পৰিৱেশতন্ত্ৰত উৎকৃষ্টতাৰ সংস্কৃতি গঢ়ি তুলিবলৈ বঁটা আৰু স্বীকৃতিৰ দৰে ইনচেণ্টিভ প্ৰদান কৰিব লাগিব বুলি ধাৰণা কৰা হয়।

 

বঁটা বিজয়ীসকলৰ তালিকা সংলগ্ন কৰা হৈছেঃ

শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা-২০২৬-উচ্চ শিক্ষা বিভাগ

 

ক্ৰমিক নম্বৰ

নাম

প্ৰতিষ্ঠান

বিভাগ

লিংগ

১.

অধ্যাপক অৱলোকিতা আগৰৱাল

আইআইটি ৰুৰকী, উত্তৰাখণ্ড

বহনক্ষম স্থাপত্য আৰু নিৰ্মিত পৰিৱেশ

মহিলা

২.

অধ্যাপক কীৰ্তি চন্দ্ৰ সাহু

আইআইটি হায়দৰাবাদ, তেলেংগানা

কেমিকেল ইঞ্জিনিয়াৰিং

পুৰুষ

৩.

     অধ্যাপক বিনয় চামোলা

বিআইটিএছ পিলানী, ৰাজস্থান

ইলেকট্ৰিকেল এণ্ড ইলেকট্ৰনিকচ ইঞ্জিনিয়াৰিং

পুৰুষ

৪.

ড০ শ্ৰীকান্ত গোল্লাপুড়ি

আইআইটি ভূৱনেশ্বৰ,ওড়িশা

ধাতুবিদ্যা আৰু সামগ্ৰী বিজ্ঞান

পুৰুষ

৫.

ড০ মিথুন ৰাধাকৃষ্ণ

আইআইটি গান্ধীলগৰ,গুজৰাট

 

কেমিকেল ইঞ্জিনিয়াৰিং

পুৰুষ

৬.

অধ্যাপক সৌৰভ দত্তা

 

আইআইএছইআৰ ভূপাল, মধ্যপ্ৰদেশ

উদ্ভিদ বিজ্ঞান

পুৰুষ

৭.

অধ্যাপক বিক্ৰম বিশাল

আইআইটি বম্বে, মহাৰাষ্ট্ৰ

ভূ-বিজ্ঞান

পুৰুষ

৮.

অধ্যাপক সৰ্বাইয়া জয়ৰাজসিংহ ইন্দ্ৰজিৎসিংহ,

 

ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়, গান্ধীনগৰ, গুজৰাট

 

ফৰেনচিক ফাৰ্মাচী আৰু খাদ্য ফৰেনচিক

পুৰুষ

৯.

অধ্যাপক শংকৰ প্ৰসাদ ৰাথ

আই আই টি কানপুৰ, উত্তৰ প্ৰদেশ

ৰসায়ন বিজ্ঞান

পুৰুষ

১০.

ড০ মনীষা নিগম

 

হেমৱতী নন্দন বহুগুণা গড়ৱাল বিশ্ববিদ্যালয় শ্ৰীনগৰ, উত্তৰাখণ্ড

জৈৱ ৰসায়ন

মহিলা

১১.

ডা০ অমৰ মোহনৰাও তাকচান্দে

জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় (জে এন এম চি), ৱাৰ্ধা, মহাৰাষ্ট্ৰ

মেডিচিন-শিশু ৰোগ বিজ্ঞান

পুৰুষ

১২.

ডা০ অৰুণ বাবু

 

অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), মঙ্গলাগিৰি, অন্ধ্ৰ প্ৰদেশ

মেডিচিন-শিশু ৰোগ বিজ্ঞান

পুৰুষ

১৩.

ড০ পুখৰামবাম লীলাৱতী দেৱী

 

 

নৃত্য আৰু সংগীত বিভাগ, মণিপুৰ বিশ্ববিদ্যালয়, ইম্ফল, মণিপুৰ

মণিপুৰী নৃত্য

মহিলা

১৪.

অধ্যাপক ড০ আশুতোষ মোহন

ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ), বাৰাণসী

        মেনেজমেন্ট

পুৰুষ

১৫.

অধ্যাপক অঙ্কুৰণ দত্ত

 

গৌহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম

গণ সংযোগ

পুৰুষ

১৬.

শ্ৰীমতী শিৱানী ভি

 

কৰ্ণাটক সংস্কৃত বিশ্ববিদ্যালয়, বাংগালোৰ

সংস্কৃত

মহিলা

১৭.

অধ্যাপক ৰাজীৱ চৌধাৰী

ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়, ৰায়পুৰ, ছত্তীশগড়

শাৰীৰিক শিক্ষা, যোগ শিক্ষা

পুৰুষ

১৮.

ড০ বিশ্বনাথ এইচ এছ

 

এম ই আই পলিটেকনিক, বাংগালোৰ, কৰ্ণাটক

চিভিল ইঞ্জিনিয়াৰিং

পুৰুষ

১৯.

ড০ শশীকলা এছ

 

পিএছজি পলিটেকনিক কলেজ, কইম্বাটুৰ, তামিলনাডু

বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকচ ইঞ্জিনিয়াৰিং

মহিলা

২০.

ড০ কান্নন ৰাথিনাম

শক্তি পলিটেকনিক কলেজ (চৰকাৰী সাহায্যপ্ৰাপ্ত), ইৰোড, তামিলনাডু

পদাৰ্থ বিজ্ঞান

পুৰুষ

২১.

ড০ সন্দিপন প্ৰহ্লাদ নাৰোটে

 

চৰকাৰী পলিটেকনিক, চোলাপুৰ, মহাৰাষ্ট্ৰ

ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিং আৰু টেলিকমিউনিকেচন

পুৰুষ

 

*****

RRTN/MK


(रिलीज़ आईडी: 2302960) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Bengali , Bengali-TR , English , Urdu , Marathi , Gujarati , Tamil , Kannada , Malayalam