ৰেল মন্ত্ৰালয়
খোৱা পানীৰ টেংকি আৰু ফিল্টাৰসমূহ পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ অভিযান
মাণ্ডলিক ৰে’লৱেক খোৱা পানীৰ আন্তঃগাঁথনিৰ সামগ্ৰিক পৰীক্ষা আৰু সংশোধনৰ পৰামৰ্শ; ষ্টেচন অনুসৰি অভাৱ আৰু নিৰীক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ
प्रविष्टि तिथि:
24 AUG 2026 11:37AM by PIB Guwahati
ভাৰতীয় ৰে’লৱেই সমগ্ৰ ৰে’লৱে নেটৱৰ্কত এক বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছে, য’ত ৰে’ল ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু পৰিষ্কাৰ খোৱা পানীৰ উপলভ্যতা নিশ্চিত কৰাৰ উদ্দেশ্যে খোৱা পানীৰ টেংকি আৰু পৰিশোধন ব্যৱস্থা পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
এই পদক্ষেপটো সমগ্ৰ ভাৰতীয় ৰে’লৱেত খোৱা পানীৰ গুণগত মানৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে এক বিস্তৃত কাৰ্য্য পৰিকল্পনাৰ অংশ। কাৰ্য্য পৰিকল্পনাত কেৱল পাইপৰ পানী পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিবৰ্তে উৎসৰ লগতে ব্যৱহাৰৰ সময়ত পানীৰ মান পৰীক্ষাৰ লগতে সমগ্ৰ খোৱা পানী ব্যৱস্থাৰ সঘনাই পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
অভিযানৰ সময়ত মাণ্ডলিক ৰে’লৱেই পানীৰ উৎস, শোধন আৰু পৰিস্ৰাৱণ প্ৰকল্প, ভূগৰ্ভস্থ আৰু ওপৰৰ টেংকি, পি ভি চি টেংকি, পানীৰ বুথ, টেপ আৰু পানী বিতৰণ কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰীক্ষা কৰিব। খোৱা পানীৰ টেংকিসমূহ নিষ্কাশন কৰাৰ লগতে গেদসমূহ আঁতৰাই পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰা হ’ব। চৰাই, জীৱ-জন্তু আৰু শেলুৱৈৰ পৰা নিৰ্গমন পথ আৰু পানী উপচি পৰা ঠাইৰ টান আৱৰণ আৰু উপযুক্ত সুৰক্ষা নিশ্চিত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই অভিযানে সংশোধনমূলক পদক্ষেপৰ প্ৰয়োজন হোৱা ত্ৰুটিবোৰো চিনাক্ত কৰিব। ক্ষতিগ্ৰস্ত টেংকি, পাইপলাইন আৰু ফিল্টাৰবোৰ মেৰামতি বা সলনি কৰা হ’ব। প্ৰয়োজনসাপেক্ষে বিশুদ্ধ খোৱা পানী আৰু খোৱাৰ অনুপযোগী পানীৰ ব্যৱস্থাৰ মাজত কোনো পাৰস্পৰিক সংযোগ নথকাৰ বিষয়টো নিশ্চিত কৰা হ’ব। খোৱা পানীৰ চাৰ্কিটৰ পাইপসমূহৰ লিক হোৱা অংশ পৰীক্ষা কৰা হ’ব আৰু পানীৰ অপচয় ৰোধ কৰাৰ উদ্দেশ্য প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
খোৱা পানী নিষ্কাশনৰ বাবে হেণ্ড পাম্প আৰু দমকল ব্যৱহাৰ কৰা স্থানসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। মাণ্ডলিক ৰে’লৱেই নিশ্চিত কৰিব যে এনে ব্যৱস্থাৰ পৰা ওলোৱা পানী যাতে প্ৰদূষণৰ পৰা মুক্ত থাকে আৰু খোৱাৰ উপযোগী ব্যৱহাৰৰ বাবে নিৰাপদ হয়।
পানীৰ গুণগত মানৰ ব্যৱস্থাপনা শক্তিশালীকৰণ
বিস্তৃত কাৰ্য্য পৰিকল্পনাৰ অংশ হিচাপে ৰে’ল ব’ৰ্ডে মাণ্ডলিক ৰে’লৱেক পানী শীতলীকৰণ আৰু শুদ্ধিকৰণ ব্যৱস্থাৰ সামগ্ৰিক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। কুলাৰত থকা পানীৰ টেংকিবোৰ ভালদৰে পৰিষ্কাৰ কৰাৰ লগতে কুলাৰ, পাইপ আৰু নলীত হোৱা ফুটোবোৰ তৎক্ষণাত মেৰামতি কৰা হ’ব আৰু ৱাটাৰ কুলাৰৰ চাৰিওফালৰ ১০০ শতাংশ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা হ’ব।
ৱাটাৰ কুলাৰৰ বাবে ইউ ভি/আৰ অ’ বিশুদ্ধকৰণ প্ৰণালীবোৰ প্ৰয়োজনসাপেক্ষে সঠিকভাৱে কাৰ্যক্ষম হৈ আছে নে নাই, তাৰ পৰীক্ষা কৰা হ’ব। সেইসমূহৰ সময়মতে চোৱা-চিতা কৰা, ছাৰ্ভিচিং, অতিৰিক্ত পৰিবৰ্তন আৰু ফিল্টাৰ কেণ্ডেলসমূহৰ সময়মতে সলনি কৰাৰ কাম কৰা হ’ব। অৱস্থা আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ইউ ভি/আৰ অ’সমূহ নতুন বা বদলি কৰা হ’ব।
পৰিষ্কাৰ-পৰিচ্ছন্নতা, শুদ্ধিকৰণ আৰু গুণগত মান নিৰীক্ষণৰ বাবে নিৰ্ধাৰিত ব্যৱস্থাসমূহ ৱাটাৰ ভেণ্ডিং মেচিনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব, যাতে এনে সুবিধাসমূহৰ জৰিয়তে বিতৰণ কৰা খোৱা পানীয়ে প্ৰয়োজনীয় সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মান পূৰণ কৰে।
বিষয়াসকলে চিনাক্ত কৰা স্থানসমূহৰ পৰা পানীৰ নমুনাৰ ৰাসায়নিক আৰু বেক্টেৰিয়াজনিত পৰীক্ষা কৰিব, যাৰ ভিতৰত যথাসম্ভৱ উৎস, পৰিশোধনৰ পৰৱৰ্তী সময়ৰ আউটলেট, টেংকি, কুলাৰ, ভেণ্ডিং মেচিন আৰু টেপ বা বুথ আদি অন্যতম। দৈনিক অৱশিষ্ট-ক্ল’ৰিন নিৰীক্ষণো কৰা হ’ব আৰু প্ৰয়োজনসাপেক্ষে তাত তাৎক্ষণিকভাৱে পুনৰ ক্ল’ৰিনেচন বা অন্যান্য সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আন্তঃগাঁথনিৰ নিৰীক্ষণ আৰু সংশোধনমূলক পদক্ষেপ
ৰে’লৱে ব’ৰ্ডে মাণ্ডলিক ৰে’লৱেক ওপৰৰ আৰু ভূগৰ্ভস্থ টেংকিসমূহৰ নতুনকৈ প্ৰতিস্থাপন আৰু নিৰ্মাণৰ বাবে ইতিমধ্যে অনুমোদিত কামসমূহ নিৰীক্ষণ আৰু ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুমোদিত কামবোৰৰ এটা সংক্ষিপ্ত বিৱৰণো প্ৰস্তুত কৰা হ’ব আৰু প্ৰয়োজনসাপেক্ষে নতুন কামৰ অনুমোদন দিয়া হ’ব।
খোৱা পানীৰ যোগান শৃংখলৰ বিভিন্ন পৰ্যায়ত প্ৰদূষণ চিনাক্ত আৰু ৰোধ কৰিবলৈ পানীৰ উৎস আৰু টেপ পৰিস্ৰাৱনৰ লগতে বিভিন্ন পৰিস্থিতিৰ বাবে উপযুক্ত পৰিস্ৰাৱণ আৰু শুদ্ধিকৰণৰ কামো কৰা হৈছে।
মাণ্ডলিক ৰে’লৱেই চিনাক্ত কৰা সমস্যাসমূহৰ লগতে গ্ৰহণ কৰা সংশোধনমূলক ব্যৱস্থাৰ ষ্টেচন অনুসৰি সবিশেষ দাখিল কৰিব। এই ব্যৱস্থাই সমস্যাসমূহ পদ্ধতিগতভাৱে নিৰীক্ষণ কৰাত সহায় কৰিব আৰু বিশেষ অভিযানৰ সময়ত চিনাক্ত কৰা সমস্যাবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰাটো নিশ্চিত কৰিব।
এই কাৰ্য্য পৰিকল্পনাত ৰে’লৱে কলনী আৰু কৰ্মক্ষেত্ৰত খোৱা পানীৰ আন্তঃগাঁথনিৰ বাবেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত যাত্ৰী থকা ঠাইৰ বাহিৰতো নিৰাপদ আৰু স্বাস্থ্যসন্মত খোৱা পানীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এই সমন্বিত ব্যৱস্থাসমূহৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই সমগ্ৰ খোৱাপানী যোগান ব্যৱস্থাত প্ৰতিৰোধমূলক পৰীক্ষা, আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জীৱাণুমুক্তকৰণ, পানীৰ মান পৰীক্ষা আৰু সংশোধনমূলক-কাৰ্য্যকৰী ব্যৱস্থাসমূহ শক্তিশালী কৰি তুলিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলৰ লগতে ৰে’লৱেৰ কৰ্মচাৰীসকলৰ বাবে নিৰাপদ, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত খোৱা পানীৰ নিৰন্তৰ উপলভ্যতা নিশ্চিত কৰা।
*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/ Vanshita Jaiswal/NB
(रिलीज़ आईडी: 2302674)
आगंतुक पटल : 10